ETV Bharat / state

IPS officers: আনন্দ মিশ্ৰই কৰা নাই অব্যাহতিৰ আবেদন, তিৱাৰীয়ে ক’লে এয়া সঁচা নহয় - আৰক্ষী বিষয়া আনন্দ প্ৰকাশ তিৱাৰী

চাকৰি এৰি সক্ৰিয় ৰাজনীতিত যোগদানৰ চৰ্চা দুগৰাকীকৈ শীৰ্ষ IPS বিষয়াৰ ৷ কোন কোন বিষয়াৰ নাম আছে চৰ্চাত ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

IPS officers
সক্ৰিয় ৰাজনীতিত যোগদানৰ চৰ্চা দুগৰাকীকৈ শীৰ্ষ IPS বিষয়াৰ
author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 3:05 PM IST

তেজপুৰ, ৩১ অক্টোবৰ: আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে দুই শীৰ্ষ আৰক্ষী বিষয়াই বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰাৰ এক খবৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৷ দুই শীৰ্ষ আৰক্ষী বিষয়া ক্ৰমে অসম-মেঘালয় কেডাৰৰ আনন্দ মিশ্ৰ আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া আনন্দ প্ৰকাশ তিৱাৰী । এই বিষয়ে তাৎক্ষণিকভাৱে জানিবলৈ ETV Bharatৰ পৰা শীৰ্ষ আৰক্ষী বিষয়া আনন্দ প্ৰকাশ তিৱাৰীক টেলিফোনযোগে যোগাযোগ কৰাত তেওঁ ৰাজনীতিৰ পথাৰত নমাৰ কথা একেবাৰেই নস্যাৎ কৰে । এই তথ্য সম্পূৰ্ণ অযুক্তিকৰ বুলি জানিবলৈ দিয়ে তিৱাৰীয়ে ।

ভাৰতীয় আৰক্ষী সেৱাৰ ২০০৪ বেটছৰ অসম-মেঘালয় কেডাৰৰ বিষয়া আনন্দ প্ৰকাশ তিৱাৰীৰ জন্ম হৈছিল ১৯৭৫ চনত উত্তৰ প্ৰদেশৰ দেওৰাত । ২০২১ বৰ্ষত তেওঁ অসমৰ পৰা উত্তৰ প্ৰদেশৰ কানপুৰলৈ ডেপুটেচনত যায় আৰু বৰ্তমান তেওঁ উত্তৰ প্ৰদেশ চৰকাৰৰ আৰক্ষী মহাপৰিদৰ্শকৰ দায়িত্বত কৰ্তব্যৰত । আনন্দ প্ৰকাশ তিৱাৰীয়ে উত্তৰ প্ৰদেশৰ পৰা আগন্তুক লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে ভিআৰএছৰ বাবে আবেদন কৰিছে বুলি সৰ্বত্ৰে চৰ্চা চলিছে ।

আনহাতে বিহাৰৰ ভোজপুৰৰ বাসিন্দা আনন্দ মিশ্ৰৰ জন্ম হৈছিল ১৯৮৯ চনত ৷ তেওঁ ২০১১ বেটছৰ অসম মেঘালয় কেডাৰৰ আই পি এছ বিষয়া ৷ আনন্দ মিশ্ৰ বৰ্তমান লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাবে কৰ্মৰত হৈ আছে । অসম আৰক্ষীত মিশ্ৰৰ বিতৰ্কৰ বাবেই হওক বা তেওঁ কৰ্মদক্ষতাৰ বাবেই হওক এক সুকীয়া স্থান আছে । সামাজিক মাধ্যমত মিশ্ৰৰ এক সক্ৰিয় ফেন ক্লাব আছে ।

ইটিভি ভাৰতৰ লগত হোৱা এক টেলিফোনিক বার্তালাপত আনন্দ মিশ্ৰই জনায় যে তেওঁ চাকৰি এৰিবলৈ কোনো ধৰণৰ পত্ৰ প্ৰেৰণ কৰা নাই আৰু বৰ্তমান চলি থকা চৰ্চা সম্পূৰ্ণ অসত্য । এই বিষয়ে চিন্তা কৰিবলৈ এতিয়াও তেওঁৰ হাতত বহু সময় থকাৰ কথা ব্যক্ত কৰে ৷ লগতে সামাজিক কাম কৰি ভাল পোৱাৰ কথা উল্লেখ কৰি যদি ভৱিষ্যতে প্ৰয়োজন হয় তেন্তে এই বিষয়ে চিন্তা কৰিব বুলিও জানিবলৈ দিয়ে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

লগতে পঢ়ক: DGP GP Singh: আমাৰ ল’ৰা-ছোৱালীবোৰ আলফালৈ যাব নালাগে; আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.