তেজপুৰ,২১ জুন : তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত দুজন লেবৰটৰীৰ কৰ্মচাৰীৰ দেহত কোভিড-১৯ পজিটিভ চিনাক্ত হৈছে । লেব টেকনিচিয়ান অপূৰ্ব শইকীয়া আৰু লেব সহায়ক মনিৰাম বসুমতাৰী দেহত দেওবাৰে কোভিড-১৯ পজিটিভ ধৰা পৰিছে ।
উল্লেখযোগ্য যে, অপূৰ্ব শইকীয়া তেজপুৰ বালিপুখুৰীৰ ভাড়া ঘৰত আছিল । আনহাতে, মনিৰাম বসুমতাৰী চিকিৎসা মহাবিদ্যালয়খনৰ আন এগৰাকী লেব সহায়ক আৰু গুৱাহাটী বশিষ্ঠৰ গণেশ নগৰৰ নবজিত ডেকাৰ লগত শনিবাৰে মনিৰাম কামৰূপ জিলাৰ ৰাণীৰ নিজ গৃহত উপস্থিত হৈছিল। ঘৰলৈ যোৱাৰ আগতে তেওঁ লোকে নিজৰ স্বাব পৰীক্ষা কৰিবলৈ দিছিল ।
ইয়াকে লৈ শোণিতপুৰত কোভিড পজিটিভৰ সংখ্যা ১৬৭ লৈ বৃদ্ধি পালে।