ETV Bharat / state

Elephant attack : ভালুকপুঙত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন - Assam Arunachal border

ৰাজ্যৰ বিভিন্ন প্ৰান্ত অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস ৷ শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত মঙলবাৰে বন্যহস্তীৰ আক্ৰমণত নিহত হয় দুজন লোক ৷

Two killed in wild elephant attack in Rangapara
ভালুকপুঙত বন্যহস্তীৰ আক্ৰমণত নিহত দুজন
author img

By

Published : Nov 17, 2021, 4:58 PM IST

ৰঙাপৰা, 17 নৱেম্বৰ : শোণিতপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত মঙলবাৰে নিশা বন্যহস্তীৰ আক্ৰমণত দুজন ব্যক্তি নিহত হয় । নিহত ব্যক্তিজনৰ এজন অহিত ৰাভা বুলি জানিব পৰা গৈছে ৷ আনহাতে আনজন ব্যক্তিৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই ৷

ভালুকপুঙৰ আঠ মাইলত মঙলবাৰে নিশা সংঘটিত হয় এই ঘটনা । অহিত ৰাভাৰ ঘৰৰ চোতালত থোৱা ধান খাবলৈ আহিছিল বন্যহস্তীটো ৷ বন্যহস্তীটো খেদিবলৈ যাওঁতেই হঠাৎ হাতীটোৰ আক্ৰমণ কৰাত থিতাতে নিহত হয় অহিত ৰাভা ।

ইয়াৰ পিছত স্থানীয় ৰাইজে বন্যহস্তীটো খেদি পঠিয়াবলৈ সক্ষম হয় ৷ কিন্তু বন্যহস্তীটোৱে আঠ মাইলত পথৰ কাষত থকা এজন মানসিক বিকাৰগ্ৰস্ত ব্যক্তিক ভৰিৰে গচকি দিয়ে ৷ হাতীৰ গচকত লোকজন থিতাতে নিহত হয় ।

লগতে পঢ়ক : Elephant attack : মাউতকে আক্ৰমণ কৰিলে জয়মলাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.