ETV Bharat / state

Girls Allegedly Abducted By Miscreants : জাগীৰোডত উদ্ধাৰ তেজপুৰৰ পৰা অপহৃত যুৱতী - যুৱতীক অপহৰণ

চহৰৰ মাজ-মজিয়াৰ পৰা দিন দুপৰতে দুগৰাকী যুৱতীক অপহৰণ তিনি দুৰ্বৃত্তৰ ৷ জাগীৰোড আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৃত যুৱতী দুগৰাকীক ৷

Two Girls Allegedly Abducted By Miscreants
দুই যুৱতীক অপহৰণ দুৰ্বৃত্তৰ
author img

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 6:06 PM IST

তেজপুৰত চাঞ্চল্যকৰ অপহৰণ কাণ্ড

তেজপুৰ, ১৮ অক্টোবৰ : তেজপুৰত চাঞ্চল্যকৰ ঘটনা ৷ দুগৰাকী যুৱতীক চহৰৰ মাজে মজিয়াৰ পৰা অপহৰণ তিনি যুৱকৰ ৷ পৰৱৰ্তী সময়ত জাগীৰোড আৰক্ষীয়ে উদ্ধাৰ কৰিলে অপহৃত যুৱতী দুগৰাকীক ৷

ঘটনা অনুসৰি তেজপুৰ চহৰৰ মাজমজিয়াৰ পৰা মঙলবাৰে দিন দুপৰতে দুগৰাকী যুৱতীক অপহৰণ কৰে তিনি দুৰ্বৃত্তই ৷ তেজপুৰ ঊষানগৰৰ পৰা তিনি অচিনাক্ত যুৱকে AS 28 A 5215 নম্বৰৰ এখন গাড়ীৰে অপহৰণ কৰে যুৱতী দুগৰাকীক ৷ ঢেকিয়াজুলিৰ বাবুল আহমেদ আলি, গাড়ীখনৰ চালক বচিৰ আলি আহমেদ আৰু ধিঙৰ সাহাদুল ইছলাম নামৰ তিনি অপহৰণকাৰীয়ে গুৱাহাটী অভিমুখে লৈ যোৱাৰ সময়তে জাগীৰোড আৰক্ষীয়ে দুই অপহৃত যুৱতীক উদ্ধাৰ কৰাৰ লগতে অপহৰণকাৰী তিনিটাক কৰায়ত্ত কৰে ৷

সমাগত দুৰ্গোৎসৱৰ ধাম-খুমীয়াৰ মাজতে মঙলবাৰে বিয়লি চাৰিমান বজাত তেজপুৰ চহৰৰ ঊষানগত দুই যুৱকে ঊষানগৰৰ ৰাস্তা পৰিচয় কৰাই দিয়াৰ বাবে যুৱতীদুগৰাকীক গাড়ীত উঠাই লয় আৰু পৰৱৰ্তী সময়ত গাড়ীখনত আন এজন যুৱকক উঠাই অপহৰণকাৰীৰ দলটো গুৱাহাটী অভিমুখে ৰাওনা হয় ৷ সেই সময়তে জাগীৰোড গৈ পোৱাত যুৱতী দুগৰাকীয়ে চিঞৰ-বাখৰ কৰাত জাগীৰোড আৰক্ষীয়ে গাড়ীখন ৰখাই সোধ-পোচ কৰি থানালৈ লৈ যায় ৷

পিছত এগৰাকী যুৱতীয়ে জাগীৰোড আৰক্ষী থানাৰ পৰা পৰিয়ালৰ লোকক ফোন যোগে সমগ্ৰ ঘটনা অৱগত কৰাত নিশাই পৰিয়ালৰ লোক জাগীৰোড থানাত উপস্থিত হয় ৷ পৰৱৰ্তী সময়ত যুৱতী দুগৰাকীৰ লগতে আটকাধীন তিনি অপহণকাৰীক তেজপুৰৰ লালমাটি আৰক্ষী চকীলৈ লৈ অনা হয় ৷ যুৱতী দুগৰাকীৰ পৰিয়ালে এই ঘটনা সন্দৰ্ভত লালমাটি আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ এই এজাহাৰৰ পিছতহে ঘটনাৰ সবিশেষ পোহৰলৈ আহে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Anjan Nath murder case: অঞ্জন নাথ হত্যাকাণ্ড, আৰক্ষীৰ অভিযানত উদ্ধাৰ গীতাশ্ৰীৰ দ্বিতীয়টো ফোন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.