ETV Bharat / state

নিনং এৰিঙৰ সমৰ্থনত উত্তৰ পূৱৰ ছাত্ৰ সমাজৰ ‘টুইটাৰ ষ্টৰ্ম’

author img

By

Published : Jun 4, 2021, 2:24 PM IST

Updated : Jun 4, 2021, 8:13 PM IST

অৰুণাচলৰ কংগ্ৰেছ বিধায়ক নিনং এৰিঙে সন্মুখীন হোৱা বৰ্ণ বৈষম্যৰ বিৰুদ্ধে তথা বিধায়ক গৰাকীৰ সমৰ্থনত আজি সন্ধিয়া ৬-৮ বজালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইগৰাকী মুখ্যমন্ত্ৰী আৰু ছাত্ৰ সমাজে এক টুইটাৰ আন্দোলন গঢ়ি তুলিব ৷ ইটাৰত ‘#A Chapter For NE আৰু #Northeast matters শীৰ্ষক শিৰোনামৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷

As_Tezpur_4June_01_Vis+Interview_Twitter Storm_Pranab Kumar Das_7203907
নিনং এৰিঙৰ সমৰ্থনত উত্তৰ পূৱৰ ছাত্ৰ সমাজৰ ‘টুইটাৰ ষ্টোৰ্ম’

তেজপুৰ, 4 জুন : অৰুণাচলৰ প্ৰাক্তন সাংসদ আৰু বৰ্তমানৰ কংগ্ৰেছ বিধায়ক নিনং এৰিঙে সন্মুখীন হোৱা বৰ্ণ বৈষম্যৰ বিৰুদ্ধে তথা বিধায়ক গৰাকীৰ সমৰ্থনত আজি সন্ধিয়া ৬-৮ বজালৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইগৰাকী মুখ্যমন্ত্ৰী আৰু সমৰ্থকে টুইটাৰ যোগে খলকনি লগাব ৷ নৰ্থ ইষ্ট ষ্টুডেন্টছ ইউনিয়ন (North East Student Union)ৰ বৰোদা (Vadodara)ৰ ছাত্ৰ সমাজে টুইটাৰযোগে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷

টুইটাৰত ‘#A Chapter For NE আৰু #Northeast matters শীৰ্ষক শিৰোনামৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷ এই সন্দৰ্ভত নিনং এৰিঙে কয় যে, ভাৰতবৰ্ষৰ NCERT ৰ পাঠ্যক্ৰমত উত্তৰ-পূৰ্বাঞ্চলৰ বুৰঞ্জী, ভাষা, জীৱন ধাৰণৰ প্ৰণালী, সম্পদ আৰু দেশ প্ৰেম সম্পৰ্কে অধ্যয়ন কৰিবলৈ দিয়াৰ বাবে আহ্বান জনাই টুইটাৰযোগে এই প্ৰচাৰ চলোৱা হ’ব । উত্তৰ-পূৰ্বাঞ্চলৰ ৮ খন ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই ‘টুইটাৰ ষ্টৰ্ম’ ত ভাগ ল’বলৈ আহ্বান জনাইছে এৰিঙে ৷

As_Tezpur_4June_01_Vis+Interview_Twitter Storm_Pranab Kumar Das_7203907
নিনং এৰিঙৰ সমৰ্থনত উত্তৰ পূৱৰ ছাত্ৰ সমাজৰ ‘টুইটাৰ ষ্টৰ্ম’

আনহাতে, উত্তৰ পূৰ্বাঞ্চলত ৩০ খন প্ৰধান বিশ্ববিদ্যালয় আছে তাৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, নাগালেণ্ড বিশ্ববিদ্যালয়, মণিপুৰ বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ত্ৰিপুৰা বিশ্ববিদ্যালয়, ৰাজীৱ গান্ধী অৰুণাচল বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ লগতে দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব । এই পদক্ষেপে দেশৰ ৰাজনৈতিক নেতা, চৰকাৰ আৰু আইন প্ৰণয়ন কৰা সকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে ।

নিনং এৰিঙৰ মন্তব্য

উল্লেখ্য যে, বিগত 22 মে’ত পাঞ্জাৱৰ লুধিয়ানাৰ 21 বৰ্ষীয় ইউটিউবাৰ পৰশ সিঙে বিধায়ক গৰাকীৰ লগতে অৰুণালচলক লৈ কৰা মন্তব্যই সমগ্ৰ দেশতে খলকনি তুলিছিল ৷ ইউটিউবাৰ গৰাকীয়ে বিধায়কগৰাকী দেখাত চীনা লোকৰ দৰে বুলি মন্তব্য কৰাৰ উপৰিও অৰুণাচল প্ৰদেশ খন চীনৰ এটা অংশ বুলি কৈছিল ৷ ইয়াৰ পিছতে অৰুণাচল আৰক্ষীয়ে ইউটিুবাৰ পাৰস সিঙক গ্ৰেপ্তাৰ কৰি অৰুণাচললৈ লৈ আহে ৷ সম্প্ৰতি অৰুণাচল আৰক্ষীৰ জিমামতে আছে ইউটিউবাৰ পৰশ সিং ৷

লগতে পঢ়ক- কাৰাগাৰতেই উত্তৰ-পূব সম্বন্ধে জ্ঞান প্ৰদান ইউটিউবাৰ পাৰশক

Last Updated : Jun 4, 2021, 8:13 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.