ETV Bharat / state

জামুগুৰিহাটত দুষ্পাপ্য কাছসহ আটক এজন - চতিয়া

পানপুৰ বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলৰপৰা এটি দুষ্পাপ্য কাছ চোৰাংকৈ বিক্ৰীৰ বাবে গাড়ীৰে আনি থকা অৱস্থাত বনবিভাগৰ লোকে জামুগুৰিহাটৰ বৰভগীয়াত আটক কৰে নগাঁও জুৰিয়াৰ কন্দৰ্প বৰা নামৰ এজন লোকক ৷ এনে চোৰাং ব্যৱসায়ৰ লগত জড়িত চক্ৰৰ বিৰুদ্ধেও তীব্ৰ অভিযান অব্যাহত ৰাখিছে বনবিভাগে ৷

জামুগুৰিহাটত দুষ্পাপ্য কাছসহ আটক এজন
author img

By

Published : Sep 11, 2019, 10:14 PM IST

চতিয়া,১১ছেপ্টেম্বৰ: কাজিৰঙা ষষ্ঠ সংযোজনৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে একাংশ লোক প্ৰৱেশ কৰি অবৈধভাৱে মাছ মাৰি বিক্ৰী কৰাৰ ঘটনা প্ৰায়েই সংঘটিত হৈ থকাৰ সময়তে কাজিৰঙাৰ ভিতৰৰ বিল-জলাশয়সমুহত থকা দুষ্পাপ্য কাছৰ ওপৰতো এতিয়া একাংশ দুষ্কৃতিকাৰীৰ লোলোপ দৃষ্টি পৰা পৰিলক্ষিত হৈছে ৷ বুধবাৰে কাজিৰঙা ষষ্ঠ সংযোজনৰ পানপুৰ বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলৰপৰা এটি দুষ্পাপ্য কাছ চোৰাংকৈ বিক্ৰীৰ বাবে গাড়ীৰে আনি থকা অৱস্থাত বনবিভাগৰ লোকে জামুগুৰিহাটৰ বৰভগীয়াত আটক কৰে নগাঁও জুৰিয়াৰ কন্দৰ্প বৰা নামৰ এজন লোকক৷ জানিবপৰামতে নগাঁৱৰপৰা AS-02AC-6563 নম্বৰৰ এখন গাড়ীৰ সৈতে জামুগুৰিহাটৰ পানপুৰলৈ পুৱা মাছ কঢ়িয়াই আনি উভতি যোৱাৰ পথত “ফ্লেপচিল” প্ৰজাতিৰ কাছতো মোনাত ভৰাই চালকৰ চিটৰ তলত লুকুৱাই নিয়াৰ চেষ্টা কৰিছিল চালক কন্দৰ্প বৰাই৷ কিন্তু গোপন সুত্ৰৰ পম খেদি কুসুমটোলাস্থিত বনবিভাগৰ বন্যপ্ৰাণী সুৰক্ষা বিভাগৰ নাগশংকৰ ৰেঞ্জৰ আঞ্চলিক বন বিষয়া ইকবাল হুছেইন আৰু সহকাৰী বন বিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা এটা অভিযানকাৰী দলে কাছটো গাড়ীৰ ভিতৰত আনি থকা অৱস্থাত হাতে লোটে আটক কৰে চালকগৰাকীক৷

ইতিমধ্যে বনবিভাগে “বন্যপ্ৰাণী সুৰক্ষা আইন ১৯৭২” অধীনত দুষ্পাপ্য কাছটো গোপনে বিক্ৰীৰ বাবে অনা কন্দৰ্প বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে কাছৰ এনে চোৰাং ব্যৱসায়ৰ লগত জড়িত চক্ৰৰ বিৰুদ্ধেও তীব্ৰ অভিযান অব্যাহত ৰাখিছে বনবিভাগৰ লোকে ৷

Intro:চতিয়া,১১ছেপ্টেম্বৰ:কাজিৰঙা ষষ্ঠ সংযোজনৰ ভিতৰত অকৰ্তৃত্বশীলভাৱে একাংশ লোক প্ৰৱেশ কৰি অবৈধভাৱে মাছ মাৰি বিক্ৰী কৰাৰ ঘটনা প্ৰায়েই সংঘটিত হৈ থকাৰ সময়তে কাজিৰঙাৰ ভিতৰৰ বিল-জলাশয়সমুহত থকা দুষ্পাপ্য কাছৰ ওপৰতো এতিয়া একাংশ দুষ্কৃতিকাৰীৰ লোলোপ দৃষ্টি পৰা পৰিলক্ষিত হৈছে৷Body:আজি কাজিৰঙা ষষ্ঠ সংযোজনৰ পানপুৰ বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলৰপৰা এটি দুষ্পাপ্য কাছ চোৰাংকৈ বিক্ৰীৰ বাবে গাড়ীত আনি থকা অৱস্থাত বনবিভাগৰ লোকে জামুগুৰিহাটৰ বৰভগীয়াত আটক কৰে নগাঁও জুৰিয়াৰ কন্দৰ্প বৰা(৫০) নামৰ এজন লোকক৷জানিবপৰামতে নগাঁৱৰপৰা AS-02-AC-6563 নম্বৰৰ এখন গাড়ীৰ সৈতে জামুগুৰিহাটৰ পানপুৰলৈ পুৱা মাছ কঢ়িয়াই আনি উভতি যোৱাৰ পথত “ফ্লেপচিল” প্ৰজাতিৰ কাছতো মোনাত ভৰাই চালকৰ চিটৰ তলত লুকুৱাই নিয়াৰ চেষ্টা কৰিছিল চালক কন্দৰ্প বৰাই৷কিন্তু গোপন সুত্ৰৰ পম খেদি কুসুমটোলাস্থিত বনবিভাগৰ বন্যপ্ৰানী সুৰক্ষা বিভাগৰ নাগশংকৰ ৰেঞ্জৰ আঞ্চলিক বনবিষয়া ইকবাল হুছেইন আৰু সহকাৰী বনবিষয়া জয়ন্ত গোস্বামীৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে কাছটি গাড়ীৰ ভিতৰত লৈ আনি থকা অৱস্থাত হাতে লোটে আটক কৰে Conclusion:চালকগৰাকীক৷ইতিমধ্যে বনবিভাগে “বন্যপ্ৰানী সুৰক্ষা আইন ১৯৭২” অধিনত দুষ্পাপ্য কাছটি গোপনে বিক্ৰীৰ বাবে অনা কন্দৰ্প বৰাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণৰ ব্যৱস্থা কৰাৰ লগতে কাছৰ এনে চোৰাং ব্যৱসায়ৰ লগত জড়িত চক্ৰটিৰ বিৰুদ্ধেও তীব্ৰ অভিযান অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে৷
Pransankar bhuyan
Sootea
Etv bharat (assam)
11/9/2019
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.