তেজপুৰ, ১২ মে’: হিংসাজৰ্জৰ মণিপুৰলৈ যোৱা ৫ মে'ৰ পৰা যাত্ৰীবাহী আৰু মালবাহী ৰে'লৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে (NFR cancels Manipur bound trains)। যোৱা ৫ মে'ত উত্তৰ-পূব সীমান্ত ৰে'লৱেই বিশেষ জাননীৰ জৰিয়তে ৪ খনকৈ ৰে'লৰ সেৱা বাতিল কৰিছিল । উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াৰ পৰা জানিব পৰা মতে শুকুৰবাৰৰ পৰা মণিপুৰৰ গৃহ সচিবৰ নিৰ্দেশ মৰ্মে আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে পুনৰ চাৰিওখন যাত্ৰীবাহী ৰে'লৰ যাত্ৰা বন্ধ ৰাখিছে ।
মণিপুৰৰ বিভিন্ন ৰে'ল ষ্টেছন লৈ যোৱা এই ৰে'লসমূহ হৈছে ১২০৯৭ আগৰতলা-কাঞ্চলজংঘা জনশতাব্দী ৰে'ল, ১২০৯৮ অৰুণাচল-কাঞ্চনজংঘা, ০৫৬৫৯ শিলচৰ যাত্ৰীবাহী ৰে'ল আৰু ০৫৬৬০ ভাংগাইচুংপাও-শিলচৰ যাত্ৰীবাহী ৰে'ল (Train service stopped in Manipur)। মণিপুৰলৈ ৰে'ল কেইখনৰ সেৱা তাৎক্ষণিকভাৱে বন্ধ কৰা হৈছে । আনহাতে, এই ৰে'লসেৱা শ্ৰীৰামপুৰ, জলপাইগুৰিৰ পৰা অসম হৈ মণিপুৰলৈ দৈনিক চলাচল কৰে যদিও বৰ্তমান এই ৰে'লসমূহ অসমত ৰাখোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে উত্তৰ-পূব সীমান্ত ৰে'ল কৰ্তৃপক্ষই ।
মণিপুৰত সান্ধ্য আইন অব্যাহত আছে (Manipur crisis)। স্থানীয় লোকৰ মতে বৰ্তমানলৈ পূৰ্বৰ স্বাভাৱিক অৱস্থা সম্পূৰ্ণৰূপে ঘূৰি অহা নাই । আনহাতে মণিপুৰৰ ইম্ফল ইষ্ট জিলাত নতুন হিংসাৰ সৃষ্টি হৈছে ।
বৃহস্পতিবাৰে অচিনাক্ত দুৰ্বৃত্তৰ গুলীত এজন আৰক্ষী নিহত হোৱাৰ উপৰিও আন ৫ জন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে । পশ্চিম মণিপুৰৰ বিভিন্ন স্থানতো কেথলিক গীৰ্জাসমূহত অগ্নি সংযোগ কৰা হৈছে বুলি বিভিন্ন সামাজিক মাধ্যমৰ যোগেদি প্ৰকাশ পাইছে । শুকুৰবাৰে পুৱা অসম ৰাইফলছৰ এটা দলে দুৰ্বৃত্তই স্থাপন কৰা এটা আই ই ডি নিষ্ক্ৰিয় কৰাৰ সময়ত এগৰাকী জোৱান গুৰুতৰভাৱে আহত হয় ।
মণিপুৰৰ এই হিংসাত্মক কাৰ্যই যোৱা ৩ মে' ৰ পৰা ভয়ানক ৰূপ ধাৰণ কৰিছে । এই পৰিস্থিতিৰ আজি ১০ দিন অতিক্ৰম কৰাৰ সময়তে ৰাজ্যখনত যথেষ্ট পৰিমাণে সুৰক্ষা বাহিনী মোতায়েন কৰিছে কেন্দ্ৰীয় চৰকাৰে । আনহাতে চৰকাৰে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতো নিতৌ নতুন নতুন অঞ্চলত এই ঘটনা সংঘটিত হ'বলৈ ধৰিছে ।
লগতে পঢ়ক :NFR Cancels All Manipur Bound Trains : মণিপুৰলৈ যোৱা সকলো ৰে’লসেৱা বাতিল