ৰঙাপৰা, 18 ফেব্ৰুৱাৰী : শোণিতপুৰ জিলাৰ ৰেল নগৰীখ্যাত ৰঙাপৰাত শুকুৰবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ ৰেল দুৰ্ঘটনা(Train accident in Rangapara) । ৪২ টা মালবাহী ডবাৰ সংযুক্ত ৰেলখনৰ ১৬ টাকৈ ডবা লাইনচ্যুত হৈ ৰেল ট্ৰেকৰ পৰা আঁতৰি যায় । পুৱা প্ৰায় ৭ বজাত ৰঙাপৰা ৰেলৱে জংচনৰ পৰা ৪২ টা ডবাত চিমেণ্টত লৈ ডেকাৰগাঁও ৰেলৱে ষ্টেচনৰ অভিমুখে ৰেলখন গৈ থকা সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷
মালবাহী ৰেলখনৰ চালক আছিল উত্তম বসুমতাৰী, সহকাৰী চালক আদিত্য ভাৰতী আৰু গাৰ্ড অনুৰাজ কুমাৰ । মালবাহী ৰেলখন গৈ থকাৰ অৱস্থাত হঠাৎ ৰঙাপৰা হৰিসভা মন্দিৰৰ সমীপত ৰেলপথৰ পৰা চকাবোৰ নামি গৈ পকীৰে নিৰ্মিত চিলপাটৰ ওপৰেদি চলিবলৈ ধৰে । ১৬ টাকৈ দবাৰ এনেদৰে লাইনচ্যুত হোৱাৰ ফলত প্ৰথমতে ভুমিকম্পৰ দৰে কঁপনিৰ সৃষ্টি হোৱাৰ লগতে বিকট শব্দ কৰি ৰেল লাইনবোৰ টুকুৰা টুকুৰ হৈ পৰিছিল ।
এই ঘটনাত ৰঙাপৰা-ৰঙাপৰা সংযোগী ব্ৰডগজ ৰেলপথচোৱাৰ সমীপত থকা স্থানীয় ৰাইজে আতংকিত হৈ পৰিছিল । ৰেলৰ ডবাবোৰ কোনোমতে বাগৰি পৰাৰ পৰা ৰক্ষা পৰে ৷ ফলত বহুলোক মৃত্যু মুখৰ পৰা কথমপি ৰক্ষা পৰে । মুঠৰ ওপৰত ৰঙাপৰাত আজি ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ পৰা ৰাইজে ৰক্ষা পৰে । ৰেল দুৰ্ঘটনাটিৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ উত্তৰ পূব সীমান্তৰ মহাপ্ৰৱন্ধক গৰাকীক ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক : যশস্বী অভিনেতা বিজু ফুকনৰ আজি জন্মদিন