ETV Bharat / state

উচ্ছেদৰ পাছত বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চললৈ পৰ্যটকৰ সোঁত

Burha Chapori Wildlife Sanctuary : বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত প্ৰথমবাৰৰ বাবে পৰ্যটকৰ আগমন । বেদখলকাৰীৰ কবলত থকা বনাঞ্চলখনলৈ পূৰ্বে আহিব পৰা নাছিল পৰ্যটক । বনাঞ্চলখন বেদখলমুক্ত কৰাৰ পাছতে দেশী-বিদেশী পৰ্যটকৰ সোঁত বোৱা দেখা গৈছে ।

author img

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 8:32 PM IST

Bura Chapori
বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল

তেজপুৰ, ২৮ ডিচেম্বৰ : শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলত প্ৰথমবাৰৰ বাবে পৰ্যটকৰ আগমন । পূৰ্বে বেদখলকাৰীৰ বাবে বনাঞ্চলখনৰ ভিতৰত প্ৰৱেশ কৰিব পৰা নাছিল পৰ্যটক । উচ্ছেদৰ জৰিয়তে বনাঞ্চলখন বেদখলমুক্ত কৰাৰ পাছতে শেহতীয়াকৈ দেশী-বিদেশী পৰ্যটকৰ সোঁত বোৱা দেখা গৈছে ।

বিভাগীয় কৰ্তৃপক্ষৰ পৰা জানিবলৈ পৰা মতে উচ্ছেদৰ পাছতে এই বৰ্ষৰ নৱেম্বৰ মাহলৈকে মুঠ 339 গৰাকী দেশী পৰ্যটক আৰু 57 গৰাকী বিদেশী পৰ্যটকৰ আগমন ঘটিছে বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চললৈ । পৰ্যটকৰ বাবে বন বিভাগে বনাঞ্চলখনত প্ৰথমবাৰৰ বাবে হাতী ছাফাৰীৰো ব্যৱস্থা গ্ৰহণ কৰিছে ।

ছাফাৰীৰ বাবে বিভাগে তিনিটা হাতীৰ ব্যৱস্থা কৰিছিল যদিও বিশেষ অসুবিধাৰ বাবে বৰ্তমান এটা হাতীৰেই এবাৰত চাৰিগৰাকীকৈ পৰ্যটকক বনাঞ্চলখনৰ ভিতৰুৱা ঠাই ভ্ৰমণ কৰাৰ সুবিধা প্ৰদান কৰিছে ৷

যোৱা অক্টোবৰ মাহৰ পৰা বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল আৰু বিশ্বনাথ বন বিভাগে যুটীয়াভাৱে ভোমোৰাগুৰিৰ পৰা দেৱী সিং ঘাটলৈকে ব্ৰহ্মপুত্ৰৰ বুকুত নদী পৰ্যটনৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যাৰ জৰিয়তে পৰ্যটকৰ দলে ব্ৰহ্মপুত্ৰ নদীত দুষ্প্ৰাপ্য শিহু দেখিবলৈ পোৱাৰ লগতে তেজপুৰৰ ঐতিহাসিক স্থানসমূহ পৰিদৰ্শন কৰিবলৈ সুবিধা লাভ কৰিছে ।

উল্লেখযোগ্য যে, শোণিতপুৰ জিলা প্ৰশাসনে যোৱা ১৪ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ চলোৱা উচ্ছেদ অভিযানত মুঠ 2099 হেক্টৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰে । তাৰ ভিতৰত 1282 হেক্টৰ বনভূমি আৰু 817 হেক্টৰ চৰকাৰী ভূমিসহ মুঠ 2553 টা ঘৰ আৰু 12765 গৰাকী লোকক উচ্ছেদ কৰিছিল ।

বুঢ়াচাপৰিৰ মুঠ ১৮৯২ হেক্টৰ ভূমিত ২৫৫৩ টা ঘৰৰ ১১,৬১০ গৰাকী লোকে বেদখলৰ কৰি আছিল । উক্ত বনাঞ্চলত বসতি কৰা লোকসকল নগাঁও, মৰিগাঁও আদি অঞ্চলৰ পৰা আহি কৃষিকাৰ্যত জড়িত হৈ বুঢ়াচাপৰিত বেদখল কৰি আহিছিল ।

2020 চনৰ ছেপ্টেম্বৰ মাহৰ ৩ তাৰিখে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুনৰ তিনিটা সংযোজন কৰা হৈছিল । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰু ব্যাঘ্ৰ প্ৰকল্পক সামৰি অসম চৰকাৰে তিনিটা নতুন সংযোজন সম্প্ৰচাৰিত কৰে 3 ছেপ্তেম্বৰৰ পৰা৷

সম্প্ৰসাৰিত সপ্তম, অষ্টম আৰু নৱম সংযোজনে সামৰি লয় নগাঁও আৰু শোণিতপুৰ জিলাৰ কেবাটাও অংশ ৷ ৭ তম্ সংযোজনে সামৰি লয় নগাঁৱৰ দেউচৰা পালখোৱা ৰিজাৰ্ভ ফৰেষ্টৰ ১৭৬ হেক্টৰ ভূমি, ৮ তম সংযোজনে সামৰি লয় নগাঁৱৰ বান্দৰডুবিৰ ৩০৭ হেক্টৰ ভূমি আৰু ৯ ম সংযোজনে সামৰি লয় শোণিতপুৰ জিলাৰ মৌ খোৱা চাপৰিৰ ২৫৭০ হেক্টৰ ভূমি ৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনে শোণিতপুৰ আৰু বিশ্বনাথ জিলাক সামৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে ৪৩০ বৰ্গ কিলোমিটাৰ সামৰি আছে ।

লগতে পঢ়ক: মুকলিকৈ ঘুৰি ফুৰিছে বন্যজন্তু, ভয়ত কঁপিছে জামুগুৰিহাটবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.