চতিয়া,৩০ আগষ্ট: লক্ ডাউনে স্তব্ধ কৰিছে শিল্প, সংগীত, জীৱন জীৱিকা সকলো । এটা সময়ত নিজৰ নিচাক সংস্থাপনৰ ৰূপ দি সংসাৰ চলাই থকা একাংশ লোক আজি কৰ্মহীন ৷ ইয়াৰ এক উদাহৰণ বিশিষ্ট অভিনেতা অৰুণ বৰদলৈ ৷ ভ্ৰাম্যমাণ নাট্য জগতৰ লগত একেৰাহে ২৫ বছৰ জড়িত চতিয়া সমষ্টিৰ জামুগুৰি হাটৰ গেৰেকী চুক গাঁৱৰ এইগৰাকী অভিনেতা ৷
পূৰ্বতে ভ্ৰাম্যমাণ নাট্যজগতৰ প্ৰথম শাৰীৰ নাট্যদল হেঙুল, বৰদৈচিলা, জ্যোতিৰূপা, ইতিহাস, ৰাজশ্ৰী, ভাগ্যদেৱী, ৰাজতিলককে ধৰি বহুসংখ্যক নাট্য দলৰ লগত জড়িত আছিল অৰুণ বৰদলৈ ৷ অভিনয়কেই পেছা হিচাপে লৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল অভিনেতা গৰাকীয়ে ৷ ইতিমধ্যে ভ্ৰাম্যমাণ নাট্য জগতত নিজকে প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হৈছিল অৰুণ বৰদলৈয়ে ৷ কিন্তু শেহতীয়া লক্ ডাউনে বিপযৰ্স্ত কৰিছে এইগৰাকী অভিনেতাক ৷
লগতে পঢ়কঃ বৃহৎ পৰিমাণৰ নগদ ধনসহ আৰক্ষীৰ জালত এজন
মঞ্চ এৰি এতিয়া পথৰ দাঁতিত এখন সৰু তামোল-পাণৰ দোকানকে সঁহাৰি কৰি লৈছে অৰুণ বৰদলৈয়ে ৷ সঁচা অৰ্থত সৌ সিদিনালৈ বলিষ্ঠ অভিনয়ৰ জৰিয়তে মঞ্চ কপোৱা এইগৰাকী মঞ্চ অভিনেতা এতিয়া এখন সৰু গুমতি দোকানৰ দোকানী ৷ দিনটোত বিক্ৰী কৰা সামগ্ৰীৰ ওপৰতেই নিৰ্ভৰ কৰি পৰিয়াল পোহপাল দিছে অভিনেতাজনে ৷
যিসময়ত ৰাজ্যত একাংশ শিল্পীৰ মাজত ৰাজনীতি, নিৰ্বাচনী কুচকাৱাজ , জয়-পৰাজয়ক লৈ চৰ্চা চলিছে সেই সময়তে আন একাংশ শিল্পীৰ বাবে এতিয়া এইখনে জীয়া ছবি ৷