ETV Bharat / state

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আজিৰ পৰা আৰম্ভ বাঘ গণনা প্ৰক্ৰিয়া - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ব্যাঘ্ৰ প্ৰকল্পৰ দ্বাৰা সংৰক্ষিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যায়নত বুধাবৰৰ পৰা আৰম্ভ কৰা হৈছে বাঘ গণনা প্ৰক্ৰিয়া ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ আৰু বন প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত আৰম্ভ কৰা হৈছে এই গণনা প্ৰক্ৰিয়া ৷ এই উপলক্ষে চাৰিটা ভাগত নামাকৰণৰ জৰিয়তে ভাগ কৰা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ৷

The tiger counting process begins on Wednesday at The National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰৰ পৰা আৰম্ভ হৈছে বাঘ গণনা প্ৰক্ৰিয়া
author img

By

Published : Jan 6, 2021, 8:00 PM IST

তেজপুৰ, 6 জানুৱাৰী : ব্যাঘ্ৰ প্ৰকল্পৰ দ্বাৰা সংৰক্ষিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰৰ পৰা আৰম্ভ কৰা হৈছে বাঘৰ গণনা প্ৰক্ৰিয়া । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ আৰু বন প্ৰাধিকাৰী ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত আৰম্ভ কৰা হৈছে এই বাঘ গণনা প্ৰক্ৰিয়া ৷

the-tiger-counting-process-begins-on-wednesday-at-the-national-park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বুধবাৰৰ পৰা আৰম্ভ হৈছে বাঘ গণনা প্ৰক্ৰিয়া

এই উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক চাৰিটা ভাগত বিভক্ত কৰা হৈছে আৰু ইয়াক নামাকৰণৰ জৰিয়তে ব্লক ১, ২,৩, আৰু ৪ ত বিভক্ত কৰা হৈছে বুলি জানিবলৈ দিছে ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে । তদুপৰি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰথম দুটা ব্লকক ইষ্টাৰ্ণ অসম বন্যপ্ৰাণী ডিভিজন, তিনি নম্বৰ ব্লকক বিশ্বনাথ বন্যপ্ৰাণী ডিভিজন আৰু চাৰি নম্বৰ ব্লকক নগাঁও বন্যপ্ৰাণী ডিভিজন হিচাপে নামাকৰণ কৰা হৈছে ৷ এই ডিভিজনৰ অন্তৰ্ভূক্ত ১০০০ বৰ্গ কিলোমিটাৰ অঞ্চলৰ বিপৰীতে ১০৫৫ বৰ্গ কিলোমিটাৰ অঞ্চল টাইগাৰ বাবে সংৰক্ষিত ।

উল্লেখ্য যে, ব্যাঘ্ৰ প্ৰকল্পৰ পূৰ্বৰ খতিয়ানৰ মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত ২০০৯ ৰ পৰা ২০১১ চনলৈ চলোৱা বাঘৰ গণনাত ৰাষ্ট্ৰীয় উদ্যানখনত ১১৮ টা বাঘৰ সন্ধান পোৱা গৈছিল । দেশৰ টাইগাৰ প্ৰকল্পৰ সমীক্ষাত প্ৰকাশ পাইছিল যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ হৈছে প্ৰাকৃতিক আৰু ঘন জংঘল যাৰ বাবে প্ৰজনন সুবিধা অতি বেছি ।

2020 চনত ৰাষ্ট্ৰীয় উদ্যানত ১২৩ টা বাঘৰ স্থিতি পোৱা গৈছিল ৷ ইয়াৰ ভিতৰত ৭২% প্ৰাপ্ত বয়স্ক আৰু ২৮ % প্ৰাক প্ৰাপ্ত আৰু পোৱালী বুলি ব্যাঘ্ৰ প্ৰকল্পৰ কৰ্তৃপক্ষই এক সমীক্ষাত এই তথ্য প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: প্ৰকাশ পালে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.