ETV Bharat / state

টীকাকৰণত ব্যৱহৃত চিৰিঞ্জেৰে ভৰিছে লুথেৰাণ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদ - The Lutheran High Secondary School campus

চৰকাৰী নিদেৰ্শনা অনুসৰি অহা 19 অক্টোবৰৰ পৰা সকলো বিদ্যালয়তে আৰম্ভ হ'ব পাঠদান ৷ কিন্তু তাৰ প্ৰাকক্ষণত টীকাকৰণত ব্যৱহৃত চিৰিঞ্জেৰে ভৰিছে তেজপুৰৰ বামুনি পাহাৰৰ লুথেৰাণ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদ ৷ ভীতিগ্ৰস্ত হৈছে স্থানীয় ৰাইজ ৷

the-lutheran-high-secondary-school-campus-is-filled-with-syringes-used-in-vaccination
টীকাকৰণত ব্যৱহৃত চিৰিঞ্জেৰে ভৰিছে লুথেৰাণ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদ
author img

By

Published : Oct 3, 2021, 8:51 PM IST

তেজপুৰ, 3 অক্টোবৰ : তেজপুৰৰ বামুনি পাহাৰ অঞ্চলত দেখা গৈছে চৰকাৰী বিভাগৰ দায়িত্বজ্ঞান হীনতাৰ চূড়ান্ত নমুনা ৷ ক’ভিড প্ৰতিৰোধী টিকাকৰণৰ নামত স্বচ্ছতাক ধোঁৱাচাঙত তুলিলে স্বাস্থ্য বিভাগৰ একাংশ কৰ্মীয়ে ৷ এই ঘটনাই চকু কপালত তুলিছে স্থানীয় সচেতন ৰাইজৰ ৷ লগতে স্বাস্থ্য বিভাগৰ এনে দায়িত্ব জ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে ৷

The Lutheran High Secondary School campus is filled with syringes used in vaccination
লুথেৰাণ উচ্চ মাধ্যমিক বিদ্যালয়

উল্লেখ্য যে, শনিবাৰে গান্ধী জয়ন্তীৰ লগত সংগতি ৰাখি বামুনি পাহাৰৰ লুথেৰাণ উচ্চ মাধ্যমিক বিদ্যালয়ত জিলা প্ৰশাসনৰ উদ্যোগত স্বাস্থ্য বিভাগে আয়োজন কৰিছিল ক'ভিড পৰীক্ষা আৰু টিকাকৰণ শিবিৰ ৷ যথেষ্ট সংখ্যক লোকে ক'ভিডৰ পৰীক্ষা কৰাৰ লগতে প্ৰতিষেধক লোৱা এই শিবিৰ অনুষ্ঠিত হোৱা বিদ্যালয়খনৰ চৌহদত এতিয়া ব্যৱহৃত চিৰিঞ্জ আৰু ক'ভিড পৰীক্ষাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীৰ দ'ম ৷

The Lutheran High Secondary School campus is filled with syringes used in vaccination
টীকাকৰণত ব্যৱহৃত চিৰিঞ্জেৰে ভৰিছে লুথেৰাণ উচ্চ মাধ্যমিক বিদ্যালয় চৌহদ

বিদ্যালয়খনৰ পৰিত্যক্ত কুঁৱাত ব্যৱহৃত চিৰিঞ্জ আৰু বিদ্যালয়গৃহৰ সন্মুখত য'তে ত'তে পৰি আছে শ্বাৱ পৰীক্ষাত ব্যৱহৃত সঁজুলি ৷ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীৰ এনে কাণ্ডই স্বাভাৱিকতে হতচকিত কৰিছে ৰাইজক ৷

উল্লেখ যে, চৰকাৰী নিদেৰ্শনা অনুসৰি অহা 19 অক্টোবৰৰ পৰা সকলো বিদ্যালয় খুলিব ৷ তেনেস্থলত উক্ত বিদ্যালয়খনত কিহৰ ভিত্তিত স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে এনে দৰে ক'ভিড প্ৰতিষেধক প্ৰদান কৰা চিৰিঞ্জ সমুহ পেলাই থৈ আহিল তাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ লগতে স্বাস্থ্য বিভাগৰ এনে দায়িত্ব জ্ঞানহীন কাণ্ডৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰিছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ GMCH ৰ ক'ভিড ৱাৰ্ডৰ পৰাৰ ৰোগীৰ পলায়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.