ETV Bharat / state

কৃত্ৰিম বানপানীৰ কবলত ৰঙাপৰা চহৰ

author img

By

Published : Jan 11, 2021, 9:08 PM IST

কৃত্ৰিম বানপানীৰ কবলত ৰঙাপৰা চহৰ ৷ বিভাগীয় ঠিকাদাৰৰ মইমতালিৰ বাবে যমৰ যাতনা ভুগিছে ৰাইজে ৷ শীঘ্ৰে পথছোৱা নিৰ্মাণৰ দাবী ৰাইজৰ ৷

the-city-of-rangapara-in-the-wake-of-artificial-flooding
কৃত্ৰিম বানপানীৰ কবলত ৰঙাপৰা চহৰ

ৰঙাপৰা, 10 জানুৱাৰী : কৃত্ৰিম বানপানীৰ কবলত ৰঙাপৰা চহৰ ৷ এজাক বৰষুণতে ৰঙাপৰা-তেজপুৰ সংযোগী গড়াকাপ্তানী পথছোৱা বানপানীত বুৰ যাবলগীয়া হয় ৷

কৃত্ৰিম বানপানীৰ কবলত ৰঙাপৰা চহৰ

অভিযোগ অনুসৰি,ঠিকাদাৰৰ মইমতালিৰে বাবে বৰ্তমান ৰাইজে জীয়াতু ভুগিব লগা হৈছে ৷ ঠিকাদাৰে লেহমীয়া গতিত পথ আৰু পঁকী নলাৰ কাম চলাই থকাৰ বাবে ৰাইজে বৰষুণৰ পানী গছকি আহযাহ কৰিব লগা হৈছে ৷ দীৰ্ঘদিনৰ পৰাই ৰাইজে পথছোৱাত যমৰ যাতনা ভুগি থকাৰ পিচতো ঠিকাদাৰজনে পানী নিস্কাষণৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

ইফালে,দেওবাৰে সন্ধিয়াৰ পৰা হোৱা মূষলধাৰ বৰষুণৰ ফলত পানীয়ে পথটি বুৰাই পেলাইছে ৷ উল্লেখ্য যে, ৰঙাপৰা-তেজপুৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পথচোৱাৰ নিৰ্মাণৰ বাবে 2017 চনতে আধাৰশিলা স্থাপন কৰিছিল লোক নিৰ্মাণ বিভাগৰ বিভাগীয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । পথচোৱা নিৰ্মাণৰ দায়িত্বত আছিল প্ৰভু আগৰৱালা নামৰ এজন ঠিকাদাৰ । কিন্তু পথচোৱা ঠিকাদাৰজনে লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলাই যোৱাত ৰাইজে কৃত্ৰিম বানপানীৰ কবলত পৰি জীয়াতু ভুগিব লগা অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : বৰপেট‍াৰ হাউলীত এগৰাকী যুৱতীৰ ন্যায় বিচাৰি হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.