তেজপুৰ, ২৯ জুলাই: পৃথিৱীৰ পৰা প্ৰায় 1.5-3.9 বিলিয়ন আলোকবৰ্ষ দূৰত অৱস্থিত বাওনা তাৰকাৰাজ্য গঠনৰ(Dwarf galaxy formation) আন্তৰ্জাতিক অধ্যয়ন আৰু ৰহস্য উন্মোচনৰ অংশীদাৰ হৈ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ অংশুমান বৰগোহাঁইয়ে ৷
উল্লেখ্য যে, তেজপুৰ বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক তথা আই ইউ চি এ এ জেদৰ সংযোগী ড৹ ৰূপজ্যোতি গগৈ আৰু অধ্যাপক ড৹ কনক সাহাৰ যুটীয়া তত্বাৱধানত গৱেষক ছাত্ৰ অংশুমানে(Tezpur University research scholar Anshuman Borgohain) তাৰকাৰাজ্যৰ সমাৱেশ, ক্ৰমবিকাশ আৰু গঠন প্ৰক্ৰিয়া বিষয়ক লৈ গৱেষণাত জড়িত হৈ আছিল ৷ ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জ্যোতিৰ্বিজ্ঞানী ক্ৰমে ড৹ শ্যাম টেণ্ডন, ড৹ ফ্ৰান্যোৱাচ ক’ম্ব আৰু ড৹ ব্ৰুচ এল্ম’গ্ৰীনৰ অংশগ্ৰহণেৰে চলোৱা এই প্ৰণালীৱদ্ধ গৱেষণা আৰু অধ্যয়নত দেশৰ প্ৰথম সমৰ্পিত বহু তৰংগদৈঘ্যৰ মহাকাশ পৰ্যবেক্ষণালয় এষ্ট্ৰ’চেটত(Astrosat) আলট্ৰা ভায়লেট ইমেজিং টেলিস্কোপ (Ultra-Violet Imaging Telescope) ব্যৱহাৰ কৰা হৈছিল ৷
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আই বি এমৰ গৱেষণা বিভাগৰ মুখ্য সদস্য তথা জ্যোতিৰ্বিজ্ঞানী ড৹ ব্ৰুচ এল্মীগ্ৰীণে(American astronomer Bruce Elmegreen) কয়,"এনেকুৱা কিছুমান সৰু তাৰকাৰাজ্যত এনেধৰণৰ সক্ৰিয় তৰা গঠন প্ৰক্ৰিয়া চলি থকাটো একধৰণৰ ৰহস্য ।" এনেধৰণৰ নিৰীক্ষণে বিশালকায় গেছ আৰু তৰা গঠন হৈ থকা অঞ্চলসমূহৰ বলৰ ভ্ৰামকে তাৰকাৰাজ্যৰ বহিৰ্ভাগৰ পৰিবৰ্ধিত গেছক বলপূৰ্বকভাৱে ভিতৰৰ দিশে গতি কৰাব পাৰে বুলি তেওঁ মন্তব্য কৰে ।
জ্যোতিৰ্বিজ্ঞানীয়ে লগতে কয় যে এই প্ৰব্ৰজনে তাৰকাৰাজ্যৰ জীৱনকালত কেন্দ্ৰীয় ঘনত্ব গঠন কৰে । যোৱা ২০ জুলাইত প্ৰখ্যাত বহুমুখী বিজ্ঞান আলোচনী “নেচাৰ”ত(British weekly scientific journal Nature) প্ৰকাশিত উল্লেখিত বিষয়ক প্ৰৱন্ধটোৰ মুখ্য লেখক আছিল অংশুমান বৰগোহাঁই ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ বিনোদ কুমাৰ জৈনে(Tezpur university vice chancellor) এই আৱিষ্কাৰ আৰু বিশ্ববিদ্যালয়ৰ IUCAA'ৰ লগত থকা সহযোগিতাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰি কয় যে, "বিশ্বব্ৰহ্মাণ্ডৰ জন্ম আৰু ইয়াৰ পৰিক্ৰমা বুজি পোৱাটো মানৱ সভ্যতাৰ বাবে এক ৰহস্য । পূৰ্বতে নেদেখা এনে পৰিঘটনাৰ আৱিষ্কাৰ তেনে ধৰণৰেই এক ৰহস্য আৰু এই আৱিষ্কাৰে ভাৰতৰ বৈজ্ঞানিক ক্ষেত্ৰখনলৈ গৌৰৱ কঢ়িয়াই অনাই নহয়, ভৱিষ্যতৰ বাবেও আশাৰ বতৰা কঢ়িয়াই আনিছে’’ ।
লগতে পঢ়ক: JAMES WEBB TELESCOPE : ইয়াৰ আশ্চৰ্যকৰ ছবিৰ ব্যাখ্যা আৰু জ্যোতিৰ্বিজ্ঞানত ইয়াৰ প্ৰভাৱ