ETV Bharat / state

MoU between TU and IITM Pune:আই আই টি এম পুনেৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ - MoU between TU and IITM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাৰ্বন ডাই অক্সাইড বিনিময় প্ৰক্ৰিয়া অধ্যয়নৰ বাবে আই আই টি এম পুনেৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে তেজপুৰ বিশ্ববিদ্যালয়ে ৷

MoU
আই টি এম পুনেৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে তেজপুৰ বিশ্ববিদ্যালয়ে
author img

By

Published : Jul 15, 2023, 10:55 PM IST

তেজপুৰ, ১৫ জুলাই : তেজপুৰ বিশ্ববিদ্যালয় আৰু ভাৰতীয় ক্ৰান্তিয় বতৰ বিজ্ঞান (আই আই টি এম) পুনেৰ মাজত শনিবাৰে এক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কাৰ্বন-ডাই-অক্সাইডৰ নিকা পৰিৱেশ তন্ত্ৰ বিনিময়ৰ মূল্যায়নৰ লক্ষ্যৰে এই চুক্তিত স্বাক্ষৰ কৰা হয় । এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয় কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ভূ-বিজ্ঞান মন্ত্ৰণালয়ৰ সচিব ড° এম ৰবিচন্দ্ৰনৰ উপস্থিতিত ৷

MoU
আই টি এম পুনেৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে তেজপুৰ বিশ্ববিদ্যালয়ে

উল্লেখ্য যে, সেউজ গৃহ গেছ আৰু শক্তিৰ জৈৱমণ্ডল-বায়ুমণ্ডল বিনিময়ৰ দৰে গৱেষণা ক্ষেত্ৰসমূহত প্ৰতিষ্ঠানসমূহে সহযোগিতা কৰিব । এডি ক’ভেৰিয়েন্স আৰু অন্যান্য ব্যৱস্থা ব্যৱহাৰ কৰি বতৰ আৰু জৈৱ-বতৰ বিজ্ঞানৰ পৰিমাপ যেনে বৰষুণ, উষ্ণতা, আপেক্ষিক আৰ্দ্ৰতা, বতাহৰ গতি আৰু দিশ, বিকিৰণ, মাটিৰ উষ্ণতা, মাটিৰ তাপৰ প্ৰবাহ আদি পৰ্যবেক্ষণ কৰা হ’ব ৷

তেজপুৰ বিশ্ববিদ্যালয়ৰ ড৹ নিৰ্মালী গগৈয়ে কৰা মন্তব্য অনুসৰি- “সাধাৰণতে গছ-গছনিয়ে নিৰ্গত কৰাতকৈ অধিক কাৰ্বন শোষণ কৰে, যাৰ ফলত কাৰ্বন হ্ৰাস পায় আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপৰ পৰা কাৰ্বন ডাই অক্সাইড নিৰ্গমন প্ৰতিহত কৰিবলৈ ইয়াক বিশ্বজুৰি প্ৰচাৰ কৰা হয় । কিন্তু গোলকীয় উষ্ণতা বৃদ্ধিৰ লগে লগে বনাঞ্চলৰ কাৰ্বন শোষণৰ ক্ষমতা আৰু কমি যাব পাৰে আৰু সেয়া বৈজ্ঞানিক গৱেষণাৰ বিষয় বুলি পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক সদস্য তথা প্ৰকল্পটোৰ সমন্বয়ক ড৹ নিৰ্মালী গগৈয়ে ব্যাখ্যা কৰে ।

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙে এই অংশীদাৰিত্বক লৈ উৎসাহ প্ৰকাশ কৰি কয় যে, "আমি আই টি এম পুনেৰ সৈতে এই গুৰুত্বপূৰ্ণ গৱেষণামূলক প্ৰচেষ্টাত হাত মিলাই আনন্দিত হৈছো । এই সহযোগিতাৰ জৰিয়তে আমি বহনক্ষম উন্নয়নত অৰিহণা যোগাবলৈ আশা কৰিছো আৰু ই সংৰক্ষণৰ এক কৌশল”। মন্ত্ৰী আৰু সচিবৰ উপৰিও বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ সময়ত আই আই টি এমৰ সঞ্চালক ড৹ আৰ কৃষ্ণণ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ বীৰেণ দাস উপস্থিত থাকে ।

লগতে পঢ়ক : Sela Pass Tunnel: আগষ্ট মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা 13 হাজাৰ ফুট উচ্চতাত নিৰ্মাণ কৰা চেলা সুৰংগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.