ETV Bharat / state

উত্তৰ-পূবৰ বাবে পৰ্যটনৰ ৰোডমেপ সন্দৰ্ভত তেজপুৰ বিশ্ববিদ্য়ালয়ৰ আলোচনা - পৰ্যটন

ক’ভিড মহামাৰীৰ পাচত উত্তৰ-পূৱ ভাৰতৰ বাবে পৰ্যটনক্ষেত্ৰৰ এখন ৰোডমেপ (Roadmap) প্ৰস্তুত কৰাৰ বাবে মঙলবাৰে এক আলোচনাত মিলিত হয় তেজপুৰ বিশ্ববিদ্যালয় (Tezpur University) আৰু ফাইণ্ডাৰব্ৰিজ (Finderbridge) নামৰ এক পৰ্যটন ব্যৱস্থাপনা সংগঠনে ৷ উদ্যোগ আৰু শিক্ষাৰ পৰা ড’মেইন বিশেষজ্ঞ অনা আৰু তেওঁলোকৰ অন্তৰ্দৃষ্টিৰ পৰা শিক্ষালাভ কৰাই হৈছে উক্ত সন্মিলনৰ মূল উদ্দেশ্য ৷

tezpur university discussed
তেজপুৰ বিশ্ববিদ্য়ালয়ৰ আলোচনা
author img

By

Published : Jul 20, 2021, 10:28 PM IST

তেজপুৰ, 20 জুলাই : বিশ্বব্যাপী অৰ্থনৈতিক অৱদানৰ সৈতে পৰ্যটন (Tourism) হৈছে বিশ্বৰ অন্যতম বৃহৎ উদ্যোগ । কিন্তু মহামাৰী ক’ভিড (Covid)য়ে উদ্যোগটোক নেতিবাচকভাৱে প্ৰভাৱিত কৰিছে আৰু উত্তৰ-পূব ইয়াৰ প্ৰভাৱৰ পৰা মুক্ত নহয় । মহামাৰীৰ পাচত উত্তৰ-পূব ভাৰতৰ বাবে পৰ্যটন ক্ষেত্ৰৰ এখন ৰোডমেপ (Roadmap) প্ৰস্তুত কৰাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় (Tezpur University) আৰু ফাইণ্ডাৰব্ৰিজ (Finderbridge) নামৰ এক পৰ্যটন ব্যৱস্থাপনা সংগঠনে মঙলবাৰে উত্তৰ-পূব ভাৰত পৰ্যটন আই চি এন আই টিৰ ‘International E-Conferance on Northeast India Tourism’ (ICNIT) সন্দৰ্ভত আয়োজন কৰে এখন আন্তঃৰাষ্ট্ৰীয় ই-সন্মিলনৰ । উক্ত ভাৰ্চুৱেল সন্মিলনখনৰ উদ্দেশ্য হৈছে- উদ্যোগ আৰু শিক্ষাৰ পৰা ড’মেইন বিশেষজ্ঞ অনা আৰু তেওঁলোকৰ অন্তৰ্দৃষ্টিৰ পৰা শিক্ষালাভ কৰা ।

পৰ্যটন উদ্যোগ (Tourism Industry)ৰ অংশীদাৰসকলে ক’ভিড মহামাৰীৰ ফলত পৰ্যটকসকলৰ মানসিক আৰু আচৰণগত পৰিৱৰ্তনবোৰ অধ্যয়ন কৰিব লাগিব আৰু মহামাৰীৰ পাচৰ সময়ছোৱাত পৰ্যটনৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰণনীতি বিকশিত কৰিব লাগিব ৷ ব্যৱসায় প্ৰশাসন বিভাগৰ মুৰব্বী অধ্যাপক চন্দন গোস্বামীয়ে এইদৰে মন্তব্য কৰে । অধ্যাপক গোস্বামীয়ে লগতে কয় যে, এই ব্যৱস্থাই কিছুমান উৎকৃষ্টমানৰ নেটৱৰ্কিং (Networking) সম্ভাৱনা নিশ্চিত কৰে৷ এই ব্যৱস্থাই মহামাৰীৰ পাচত পৰ্যটন উদ্যোগৰ পুনৰুদ্ধাৰ, পুনঃনিৰ্মাণ আৰু পুনঃউদ্ভাৱনৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব বুলি তেওঁ জানিবলৈ দিয়ে ৷

সন্মিলনত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি মিজোৰাম চৰকাৰৰ পৰ্যটন, আইচিটি (ICT), ক্ৰীড়া আৰু যুৱ সেৱা (I/C) ৰাজ্যমন্ত্ৰী ৰবাৰ্ট ৰোমাৱিয়া ৰয়ট (Robert Romawia Royte)য়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত এক ব্যৱস্থাপনা গঢ়ি তোলাৰ ক্ষেত্ৰত মতামত আগবঢ়ায় ৷ তেওঁ কয়, ‘‘উত্তৰ-পূবৰ ৰাজ্যসমূহ বৈচিত্ৰতাৰে সমৃদ্ধ ৷ আমি ইয়াত পৰিৱেশ পৰ্যটন আৰু প্ৰকৃতিৰ দ্বাৰা আধাৰিত পৰ্যটনৰ প্ৰচাৰ কৰিব পাৰো ৷ মিজোৰাম চৰকাৰে দায়িত্বশীল পৰ্যটন নীতিৰ ওপৰত গুৰুত্ব দিছে আৰু ই মিজোৰামৰ পৰ্যটন ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিছে’’ ।

tezpur university discussed
তেজপুৰ বিশ্ববিদ্য়ালয়ৰ আলোচনা

আনহাতে, উদ্বোধনী ভাষণ প্ৰদান কৰি ফাইণ্ডাৰব্ৰিজ পৰ্যটনৰ প্ৰতিষ্ঠাপক হিমাংশু বৰুৱাই কয় যে, পৰ্যটন উদ্যোগে ক’ভিড মহামাৰীৰ পাচত নতুনকৈ পৰিস্থিতিৰ মোকাবিলা কৰিব লাগিব । তেওঁ বহনক্ষম আৰু দায়িত্বশীল পৰ্যটন ৰণনীতিৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে । তেওঁ মত প্ৰকাশ কৰে যে, পৰ্যটনৰ শিক্ষাৰ্থী আৰু উৎসাহীসকলে নতুন দক্ষতা বিকাশৰ আৰ্হি শিকিব লাগিব, যিটো পৰ্যটন উদ্যোগৰ পুনঃনিৰ্মাণৰ বাবে অতি প্ৰয়োজনীয় ।

উল্লেখ্য যে, সন্মিলনখনক তিনিটা অধিৱেশনত বিভক্ত কৰা হৈছিল- পৰ্যটন শিক্ষা, উদ্যোগ, কেৰিয়াৰ আৰু দক্ষতা বিকাশ, উত্তৰ-পূবৰ পৰ্যটন বিষয়া/অংশীদাৰ/উদ্যোগীসকলৰ দ্বাৰা পুনৰুদ্ধাৰ, বহনক্ষম, ফটোগ্ৰাফী পৰ্যটন আৰু পৰ্যটন বিপণন । সন্মিলনত ইণ্ডিয়াৱানৰ মুখ্য কাৰ্যবাহী বিষয়া, ডেক্কান এয়াৰলাইনছৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া, কোৰিয়া পৰ্যটনৰ মাৰ্কেটিং মেনেজাৰ, ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষক ফেডাৰেল কাউন্সিল আদিয়ে তেওঁলোকৰ জ্ঞান আৰু দক্ষতা ভাগ-বতৰা কৰে ।

বন্যপ্ৰাণী আৰু পৰিৱেশ আইন বিশেষজ্ঞ মুগ্ধা মিন্সি, কাজিৰঙা বিশ্ববিদ্যালয়ৰ পৰ্যটন অধ্যাপক আৰু উত্তৰ-পূব পৰ্যটন একাডেমী আদিৰ শিক্ষাবিদ লনি চিংফোৱে শিক্ষাবিদসকলৰ ফালৰ পৰা তেওঁলোকৰ দৃষ্টিভংগী প্ৰকাশ কৰে ।

লগতে পঢ়ক : তেজপুৰৰ দুই সন্তান বিশ্ব ভলীবল প্ৰতিযোগিতাৰ বাচনি শিবিৰলৈ নিৰ্বাচিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.