ETV Bharat / state

১ জানুৱাৰীত তেজপুৰৰ উপাসনাস্থলীত ভক্তৰ ভিৰ

author img

By

Published : Jan 1, 2021, 7:24 PM IST

নতুন বছৰৰ প্ৰথমটো দিনত ৰাজ্য়ৰ বিভিন্ন উপাসনাস্থলীসমূহত ভক্তৰ যথেষ্ট ভিৰ দেখা গৈছে । তেজপুৰৰ বিভিন্ন মঠ-মন্দিৰতো পুৱাৰ পৰা অগণন ভক্তৰ ভিৰ ।

১ জানুৱাৰীত তেজপুৰৰ উপাসনাস্থলীত ভক্তৰ ভিৰ
১ জানুৱাৰীত তেজপুৰৰ উপাসনাস্থলীত ভক্তৰ ভিৰ

তেজপুৰ , ১ জানুৱাৰী : নতুন বছৰটো যাতে সুকলমে পাৰ হয় তাৰ বাবে নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ ইংৰাজী নতুন বছৰৰ প্ৰথমটো দিনত ৰাজ্য়ৰ বিভিন্ন উপাসনাস্থলীসমূহত ভক্তৰ যথেষ্ট ভিৰ দেখা গৈছে । ব্য়তিক্ৰম নহ'ল সাংস্কৃতিক নগৰী তেজপুৰো । তেজপুৰৰ বিভিন্ন মঠ-মন্দিৰৰ লগতে ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমহাভৈৰব মন্দিৰ, শ্ৰীশ্ৰীগণেশ মন্দিৰত পূৱাৰে পৰা অগনন ভক্তই ধূপ চাঁকি জ্বলাই নিজৰ পৰিয়ালৰ লগতে দেশৰ মঙ্গল কামনা কৰে ।

ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীমহাভৈৰৱ মন্দিৰত পুৱা দেশৰ মঙ্গল কামনাৰে বিশেষ আৰতিৰ আয়োজন কৰা হয় । ইফালে তেজপুৰৰ গণেশ মন্দিৰৰ শ্ৰীশ্ৰীগণেশৰ শৈল বিগ্ৰহো ভক্ত সকলৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : নৱবৰ্ষৰ প্ৰথম দিনাই অংগীকাৰবদ্ধ বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.