ETV Bharat / state

Tezpur Sahitya Utsav 2022: আৰম্ভ হ’ল তেজপুৰ সাহিত্য উৎসৱ ২০২২

author img

By

Published : Dec 9, 2022, 3:23 PM IST

নৱ প্ৰজন্ম সাহিত্যৰ প্ৰতি আকৰ্ষিত হ’বলৈ হ’লে সাহিত্য উৎসৱৰ অতিকৈ প্ৰয়োজন । ডিজিটেলৰ সময়তো কিতাপৰ প্ৰাসংগিকতা আছে, কাৰণ বাহিৰৰ দেশত কিতাপৰ অনুৰাগী যথেষ্ট পৰিমাণে বেছি । এই মন্তব্য বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাৰ(Tezpur literary festival 2022) ।

tezpur-sahitya-utsav-2022-begin-in-tezpur
আৰম্ভ হ’ল তেজপুৰ সাহিত্য উৎসৱ ২০২২

তেজপুৰ, ৯ ডিচেম্বৰ: সাহিত্য ক্ষেত্ৰখনলৈ এক আশাব্যঞ্জক বতৰা কঢ়িয়াই ৰাজ্যখনৰ লগতে দেশৰ প্ৰখ্যাত সাহিত্যিকৰ অংশগ্ৰহণেৰে আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰৰ নেৰিয়ালম চৌহদত প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে "তেজপুৰ সাহিত্য উৎসৱ ২০২২"(Tezpur Sahitya Utsav 2022) । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ ধ্ৰুৱজ্যোতি বৰাই বন্তি প্ৰজ্বলনেৰে তেজপুৰ সাহিত্য উৎসৱ ২০২২ শুভাৰম্ভ কৰাৰ পিছত পৰিৱেশিত হয় উদ্যোক্তা অনুষ্ঠান টেলৰ শীৰ্ষ গীত ।

আয়োজক সমিতিৰ উপ-সভাপতি পংকজ বৰুৱা আৰু ড৹ পল্লৱী ঝাই আঁত ধৰা আৰু আয়োজক সমিতিৰ যুটীয়া সম্পাদিকা ড৹ শ্বৰিতা শৰ্মাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত শোণিতপুৰৰ উপায়ুক্ত তথা আয়োজক সমিতিৰ সভাপতি দেৱ কুমাৰ মিশ্ৰই(Sonitpur DC Deba Kumar Mishra) প্ৰাৰম্ভিক ভাষণ প্ৰদান কৰে ৷ তেজপুৰ সাহিত্য উৎসৱক পৰৱৰ্ত্তী সময়ত চৰকাৰী অনুষ্ঠানৰ আওতালৈ আনি অসম প্ৰকাশন পৰিষদৰ জৰিয়তে এই অনুষ্ঠানৰ সৈতে গ্ৰন্থমেলাও চামিল কৰা হ'ব বুলি জানিবলৈ দিয়ে দেৱ কুমাৰ মিশ্ৰই ।

উদ্বোধনী অনুষ্ঠানত তেজপুৰৰ নৃত্যশালাৰ শিক্ষাৰ্থীসকলে মায়া ৰাণী বৰাৰ পৰিচালনাত আকৰ্ষণীয় ভোৰতাল নৃত্য পৰিৱেশন কৰে ৷ আনহাতে অনুষ্ঠানত আছামভেলী বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে সমবেত গীত আৰু নগাঁৱৰ সত্ৰীয়া শিল্পী অনিত্য ভূঞাৰ দলে ভোৰতাল নৃত্য প্ৰদৰ্শন কৰে । সকলো অতিথিকে আয়োজক সমিতিয়ে বিশেষভাৱে সন্মান জনোৱাৰ লগতে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে ৷

অনুষ্ঠানটিত মুখ্য অতিথি ডাঃ ধ্ৰুৱজ্যোতি বৰাই সাহিত্য উৎসৱৰ মূল বিষয়বস্তু কেনেকুৱা সেই সন্দৰ্ভত আলোকপাত কৰি তেজপুৰত এনে আয়োজন কৰাৰ বাবে প্ৰশংসা কৰে । তেজপুৰৰ বিশিষ্ট ব্যক্তি আৰু একাংশ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা উদ্বোধনী অনুষ্ঠানতে সাহিত্য উৎসৱৰ বিশেষ বক্তৃতা প্ৰদান কৰে বিশিষ্ট শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ ডেকাই ।

অনুষ্ঠানত প্ৰসিদ্ধ সাহিত্যিক পদ্মশ্ৰী মামং দাই, মিত্ৰা ফুকন, বিখ্যাত কাৰ্টুনিষ্ট পংকজ থাপা, বিশিষ্ট সাহিত্যিক তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া ধ্ৰুৱজ্যোতি হাজৰিকা, বিশিষ্ট সাংবাদিক, গল্পকাৰ অনুৰাধা শৰ্মা পূজাৰীৰ, নেৰিয়ালমৰ সঞ্চালক ড৹ প্ৰদীপ বৰা, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিশিষ্ট শিক্ষাবিদ তথা কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ৰমেশ ডেকাকে ধৰি বহুকেইজন বিশিষ্ট লেখক সাহিত্যিক উপস্থিত থাকে ৷

লগতে পঢ়ক: CM meeting at Tingkhong : টিংখাঙত মুখ্যমন্ত্ৰীৰ অনুষ্ঠান, প্ৰস্তুতিৰ বুজ ল'লে দুই কেবিনেট মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.