তেজপুৰ,২১ নৱেম্বৰ : নিজ গৃহতে আজি এলাগী হৈ পৰিছে পদ্মনাথ গোহাঞি বৰুৱা । অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতি, সাহিত্য কাণ্ডাৰী গোহাঞি বৰুৱাৰ এটা আৱক্ষ মূৰ্তি স্থাপন কৰাৰ পৰা আঁতৰি থাকিল তেজপুৰ পৌৰ সভা আৰু সহযোগী প্ৰশাসন । তেজপুৰ পৌৰ সভাৰ কাৰ্যালয়ৰ পৌৰ পতি আছিল পদ্মনাথ গোহাঞি বৰুৱা ৷
তেজপুৰ চহৰৰ মাজ-মজিয়াৰ ধোৱা পুখুৰী বুলি খ্যাত আৰু বৰ্তমান পৌৰ সভাই স্থাপন কৰা যান বাহনৰ পাৰ্কিং আৰু তাৰ সন্মুখত স্থাপন কৰিছিল এই মহান মনিষী গৰাকীৰ স্তম্ভ ৷ কিন্তু স্তম্ভটো নিৰ্মাণ কৰিয়ে দায়িত্ব সমৰিলে কৰ্তৃপক্ষই । বিগত ৫ বছৰ ধৰি পৰিত্যক্ত হৈ পৰি ৰৈছে স্তম্ভটো ৷
পদ্মনাথ গোহাঞি বৰুৱাৰ তেজপুৰ পৌৰ সভাৰ প্ৰথম গৰাকী পৌৰ পতি আৰু তেজপুৰ চৰকাৰী বালক বিদ্যালয়ৰ লগতো ওতঃপ্ৰোত ভাৱে জড়িত আছিল । সাহিত্যৰ ভৰাঁল চহকী কৰা তথা সামাজিক স্তৰত বাট দেখুৱাই দিয়া এই গৰাকী মহান ব্যক্তিৰ নাতি সঞ্জয় গোহাঞি বৰুৱাৰ মতে,এই স্তম্ভটো দেখিলে পৰিয়ালৰ লোকে দুখঃ প্ৰকাশ কৰে ৷ উক্ত ঠাইখিনিত বিভিন্ন বজৰুৱা সামগ্ৰী দল-সংগঠনে পালন কৰা কাৰ্যসূচীৰ নাম-ফলকৰে আৱৰি থাকে বুলি মন্তব্য কৰে নাতি সঞ্জয় গোহাঞি বৰুৱাই । পৰিয়ালৰ আহ্বান অনুসৰি, আগন্তুক ১৬ ডিচেম্বৰত পদ্মনাথ গোহাঞি বৰুৱাৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী পালনৰ প্ৰস্তুতি কৰিছে তেজপুৰবাসীয়ে ৷ জন্ম- জয়ন্তীৰ পূৰ্বে মূৰ্তিটো স্থাপনৰ বাবে দাবী জনায় অঞ্চলবাসীয়ে ৷
আনহাতে তেজপুৰ বান থিয়েটাৰৰ সম্পাদক জিতুমণি দেৱ চৌধুৰীয়ে কয় যে, ই এক আমাৰ বাবে লাজৰ বিষয় । সুদূৰ তিনিচুকীয়া জিলাৰ মুখ্য দ্বাৰত পদ্মনাথ গোহাঞি বৰুৱাৰ মূৰ্তি যদি স্থাপন কৰিব পাৰে তেনেহলে তেওঁৰ কৰ্মস্থলীত তেজপুৰ চহৰত কিয় কৰিব নোৱাৰে বুলি প্ৰশ্ন উত্থাপন কৰে সম্পাদক গৰাকীয়ে ।
অন্য এক খবৰৰ বাবে:ডিজিটেল প্ৰক্ৰিয়াৰে অনুষ্ঠিত হ'ব কংগ্ৰেছ অধ্যক্ষৰ নিৰ্বাচন