ETV Bharat / state

Life imprisonment : তিনি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ

author img

By

Published : Apr 8, 2022, 5:42 PM IST

2020 চনৰ এক হত্যাকাণ্ডৰ ঘটনাৰ তিনি অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ড বিহিছে আদালতে ৷ মাত্ৰ বছৰ 4 মাহ 3 দিনত গুৰুত্বপূৰ্ণ ৰায়দান তেজপুৰ জিলা সত্ৰ ন্যায়িক আদালতৰ (Tezpur court sentences life imprisonment)৷

Tezpur court sentences life imprisonment
তিনি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় আদালতৰ

তেজপুৰ, ৮ এপ্ৰিল: তেজপুৰ জিলা সত্ৰ ন্যায়িক আদালতৰ ঐতিহাসিক ৰায়দান । মাত্ৰ 1 বছৰ 4 মাহ 3 দিনত গুৰুত্বপূৰ্ণ ৰায়দান । হত্যাৰ গোচৰত অভিযুক্তক তিনিজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হৈছে (Tezpur court sentences life imprisonment)।

২০২০ চনৰ ২ ডিচেম্বৰত শোণিতপুৰ জিলাৰ ৰঙাপৰা থানাত ৰুজু হোৱা গোচৰ নং ১১১/২০ আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৩০২ নং ধাৰাৰ অধীনত তিনিজন অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে তেজপুৰ ফাষ্ট ট্ৰেক আদালতৰ চেচন ন্যায়াধীশ সুজিত কুমাৰ ঘোঁষে । চৰকাৰী অধিবক্তা অনুজ কুমাৰ বৰুৱাই জনোৱা মতে মহেশ ওৰাং, ভূগলোঁ ভূঞা আৰু অতুল ভূঞাক কাৰাদণ্ডৰ লগতে নগদ ৫০০০ টকাৰ জৰিমনা বিহা হৈছে ।

উল্লেখ্য যে, এই তিনিগৰাকী অভিযুক্তই ২০২০ চনৰ ২ ডিচেম্বৰত ডাইনীৰ সন্দেহত ভাগ্যৱতী ভূঞা নামৰ এগৰাকী মহিলাক স্বামীৰ সন্মুখতে দাৰে ঘপিয়াই হত্যা কৰিছিল (Murder on suspicion of witch in Tezpur)। ৰঙাপাৰা থানাই ২০২১ চনৰ ১৬ জানুৱাৰীত উক্ত ঘটনাৰ প্ৰতিবেদন আদালতত দাখিল কৰাৰ পাছত ৭ এপ্ৰিল বৃহস্পতিবাৰে তিনিও অভিযুক্তকে আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে ৷

লগতে পঢ়ক: কাজিৰঙাত নিশা আৰক্ষীৰ গুলীচালনা; আহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.