তেজপুৰ,২৭ আগষ্ট : সম্প্ৰতি মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ চিকিৎসা যেন অৱহেলিত হৈছে । ইয়াৰ পৰিণতিত তেজপুৰৰ ফৰেষ্ট ঘাটৰ কভিড ১৯ত আক্ৰান্ত কণমানি সন্তানৰ চিকিৎসা বিচাৰি হিয়াভঙা আবেদন জনাইছে এগৰাকী অসহায় মাতৃয়ে ।
সম্প্ৰতি গুৱাহাটী মেডিকেল কলেজত ভৰ্তি হৈ থকা ব্ৰেইন টিউমাৰত আক্ৰান্ত তেজপুৰ ফৰেষ্ট ঘাটৰ নিবাসী দৰিদ্ৰ পৰিয়ালৰ "ৰিয়া মাজী" নামৰ কন্যা সন্তানটি শেহতীয়াকৈ কভিডত ১৯ত আক্ৰান্ত হোৱাত কোনো চিকিৎসক, নাৰ্ছ ওচৰ নচপাৰ অভিযোগ উত্থাপন হৈছে ।
গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসালয়ৰ বিছনাৰ পৰাই ৰিয়াৰ মাতৃ ৰণজু চাহানীয়ে গুৰুত্বৰ ভাৱে অসুস্থ হৈ অচেতন অৱস্থাত থকা সন্তানৰ চিকিৎসা বিচাৰি আবেদন জনাইছে ।
লগতে পঢ়ক :কোকৰাঝাৰত অঘটন: গৌৰাং নৈত উটি গ’ল মাছ মাৰিবলৈ যোৱা ব্যক্তি