ETV Bharat / state

তেজপুৰত আছুৰ বিশাল প্ৰতিবাদী সভাঃ ৩১ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ক’লা দিৱস

author img

By

Published : Dec 24, 2019, 6:23 PM IST

Updated : Dec 24, 2019, 6:52 PM IST

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে মঙলবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হয় তেজপুৰৰ নেহেৰু মৈদানত ৷ প্ৰায় ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰা কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি ৷

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

তেজপুৰ,ডিচেম্বৰ ২৪ঃ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় কেন্দ্ৰীয় গণ সমাবেশ ৷ নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ প্ৰতিবাদত এই সমাৱেশ আয়োজন কৰা হয় ৷ তেজপুৰৰ নেহেৰু মৈদানত অনুষ্ঠিত হয় এই বিশাল প্ৰতিবাদী সভা ৷ প্ৰায় ২৫ হাজাৰ লোকে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য ৷ লগতে উপস্থিত থাকে সভাপতি দীপাংক নাথ, নেছ’ৰ অধ্যক্ষ চেমুৱেল জেওৰা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সংগঠন, সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি ৷ প্ৰতিবাদকাৰীসকলে ৰং-তুলিকাৰে ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰে ৷

চৰকাৰক আইনখন বাতিল কৰিবলৈ আহ্বান আছুৰ সভাপতি গৰাকীৰ

আছুৰ সভাপতি দীপাংক নাথে ভাষণত অসম আন্দোলনৰ আৰম্ভণি তেজপুৰৰ পৰা হোৱা বুলি কয় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ দম্ভালি অসমৰ ৰাইজে নামানে ৷ ইয়াৰ উত্তৰ ৰাইজে আগন্তুক সময়ত প্ৰদান কৰিব বুলিও নাথে উল্লেখ কৰে ৷

ৰাজ্যবাসীৰ সুৰক্ষাৰ দাবী কৰে ভট্টাচাৰ্যই

ইপিনে ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই প্ৰধানমন্ত্ৰী আৰু অসম চৰকাৰক সংশোধনী নাগৰিকত্ব আইনখন বাতিল কৰিবলৈ আহ্বান জনায় ৷ সমান্তৰালকৈ বাসৱ কলিতাই ৩১ ডিচেম্বৰত কৰ্মচাৰী পৰিষদে "ক’লা দিৱস" পালন কৰিবলৈ লোৱা সিদ্ধান্তৰ কথা প্ৰকাশ কৰে ৷ বছৰটোৰ অন্তিম দিনত সকলো কৰ্মচাৰীক ক’লা বেজ পৰিধান কৰিবলৈ আহ্বান জনায় কলিতাই ৷

৩১ ডিচেম্বৰত সদৌ অসম কৰ্মচাৰী পৰিষদৰ ক’লা দিৱস

আনহাতে,নেছ’ৰ অধ্যক্ষ চেমুৱেলে প্ৰতিবাদস্থলীত নাগালেণ্ডৰ ৰাইজৰ প্ৰতিবাদৰ বিষয়ে উল্লেখ কৰে ৷ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্বস্তৰৰ লোক এই আইনৰ বিৰোধী বুলি প্ৰকাশ কৰে । নেছ’ই ভৱিষ্যতে এই আন্দোলনৰ সমৰ্থন কৰি যোৱাৰ কথাও চেমুৱেলে প্ৰকাশ কৰে ৷

নেছ’ই ভৱিষ্যতে এই আন্দোলনৰ সমৰ্থন কৰিব

লগতে চাওকঃগণ গৰ্জনত কঁপিল তিনিচুকীয়াৰ ৰাজপথ

Intro:৩১ ডিচেম্বৰ ত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কলা দিৱস ,C(A)A বিৰুদ্ধে ।

তেজপুৰ, ডিচেম্বৰ ২৪ :নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ প্ৰতিবাদত তেজপুৰত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় গণ সমাবেশ অনুষ্ঠিত হয় তেজপুৰ নেহেৰু মৈদান ত ।প্ৰায় ২৫ হাজাৰ লোকৰ অংশগ্ৰহণৰে অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচী ত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থা মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ , নেছো ৰ অধ্যক্ষ চেমুৱেল , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, চাহ জনজাতি ছাত্ৰ সংগঠন ,সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসব কলিতা ।

Body:প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছো সভাপতি দীপাংক নাথে কয় যে অসম আন্দোলনৰ আৰম্ভণি এই তেজপুৰ চহৰৰ পৰাই আৰম্ভ হৈছিল আৰু আজি ৰাইজ ওলাই আহিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু অমিত শ্বাহৰ দম্ভালি অসমৰ ৰাইজে নামানে আৰু ইয়াৰ উত্তৰ অসমৰ ৰাইজে দিব আগুণটোক সময়ত ।
Bite:দীপাংক নাথ ।
ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে তেজপুৰৰ এই মজিয়াৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী আৰু অসম চৰকাৰৰ লৈ আহ্বান এই "কা", আমি নামানু অসম চৰকাৰে এতিয়া টোপ দিছে কিন্তু এইয়া কোনো কামত নাহে ।
Bite: ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য ।
অনুষ্ঠানত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসব কলিতাই কয় যে অহা ৩১ ডিচেম্বৰত কৰ্মচাৰী পৰিষদে কলা দিৱস পালন কৰিব এই বছৰ শেষৰ দিনা কলা বেজ পৰিধান কৰিব সকলো কাৰ্যালয়ত কৰ্মৰত সকলে ।
Bite:বাসব কলিতা ।

Conclusion:নেছোৰ অধ্যক্ষ চেমুৱেল য়ে কয় যে নাগালেণ্ডৰ ৰাইজে প্ৰতিবাদ কৰিছে আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো এই আইনৰ বিৰোধী । "নেছো ',এই আন্দোলনত সম্পূৰ্ণ সমৰ্থন কৰি যাব ।
Bite: নেছোৰ অধ্যক্ষ , চেমুৱেল ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ ।
২৪/১২/১৯
Last Updated : Dec 24, 2019, 6:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.