ETV Bharat / state

অগপক তেজপুৰ এৰি দিলে ভোট বৰ্জন কৰিব বিজেপিয়ে - তেজপুৰ

অগপক তেজপুৰ এৰি দিয়া নহ’ব, বিজেপি জিন্দাবাদ ধ্বনিৰে উত্তাল তেজপুৰ ৷ বিজেপি কৰ্মকৰ্তাসকলে অগপক তেজপুৰৰ আসনখন এৰি দিলে ভোট বৰ্জন কৰিব বুলি প্ৰকাশ কৰে ৷

অগপক তেজপুৰ এৰি দিলে ভোট বৰ্জন কৰিব বিজেপিয়ে

author img

By

Published : Mar 3, 2021, 1:22 PM IST

তেজপুৰ,৩ মাৰ্চ: তেজপুৰ বিধানসভা সমষ্টি যদিহে অগপক এৰি দিয়ে তেনেহ’লে তেজপুৰত বিজেপিৰ স্থানীয় নেতা-কৰ্মীয়ে ভোট বৰ্জন কৰিব ৷ মঙলবাৰে তেজপুৰস্থিত শোণিতপুৰ বিজেপিৰ কাৰ্যালয়ত ক্ষোভিত বিজেপি নেতা-কৰ্মীসকলে মুকলিভাৱে ক্ষোভ ব্যক্ত কৰা দেখা যায় ৷ বিজেপি কৰ্মীসকলে লগতে কয় যে, তেজপুৰত অগপৰ কোনো আঞ্চলিক ভিত্তি তথা সংগঠন নাই ৷ তদুপৰি, অগপ দলৰ তেজপুৰ জিলা সমিতিৰ সভাপতি কোন সেই কথাই স্পষ্ট নহয় বুলি মন্তব্য কৰে বিজেপিৰ নেতা-কৰ্মীসকলে ৷

বুধবাৰে বিয়লি চাৰি বজাত বিজেপিৰ তেজপুৰস্থিত জিলা কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাতে বিজেপিৰ স্থানীয় নেতা জয়ন্ত বৰাই ক্ষোভ প্ৰকাশ কৰি কয় যে, যোৱা ২৫ বছৰে বিধায়ক হোৱা স্বত্বেও বৃন্দাবন গোস্বামীয়ে কোনো কাম নকৰিলে ৷ এইবাৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিধায়ক হৈ থকা অৱস্থাতো গোস্বামীয়ে তেজপুৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে চৰকাৰে আৱণ্টন দিয়া 200 কোটি টকা ব্যৱহাৰ নকৰাকৈ পেলাই থবলগীয়া হৈছে বুলি উল্লেখ কৰি বৰাই ৷ একেদৰে কেৱল গোস্বামীয়েই নহয়, তেজপুৰত এইবাৰ কোনো অগপৰ প্ৰাৰ্থীক মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দিয়ে ৷

অগপক তেজপুৰ এৰি দিলে ভোট বৰ্জন কৰিব বিজেপিয়ে

আনহাতে সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্বৰ প্ৰবল দাবীদাৰ দীপক শইকীয়াই বিজেপিক তেজপুৰৰ আসনখন এৰি নিদিয়ে বুলি কয় ৷ যদিও সেয়া সময়তহে স্পষ্ট হৈ পৰিব ৷ শোণিতপুৰ বিজেপিৰ উপ-সভাপতি প্ৰমোদ নাথ, বিজেপি নেতা বিৰাজ নাথ প্ৰমুখ্যে বহু কেইজন নেতাই তেজপুৰ সমষ্টিক অগপক এৰি দিয়াটো মানি লোৱা নহ’ব বুলি মন্তব্য কৰিছে ৷ সময়ত হাই কমাণ্ডে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব ৷

লগতে পঢ়কঃ মহাজোঁটে বিটিআৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে: প্ৰমোদ বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.