তেজপুৰ, ২২ আগষ্ট: “আমাৰ দেশত সংবাদ মাধ্যমক যথেষ্ট গুৰুত্ব আৰু স্বাধীনতা দিয়া আছে ৷ সেয়ে সংবাদমাধ্যমক দেশৰ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়৷ দেশৰ সেনাই সংবাদ মাধ্যমৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰে যাতে সেনা দেশৰ সৰ্বসাধাৰণৰ কাষ চাপিবলৈ সুবিধা হয়’’ ৷ তেজপুৰস্থিত সেনাৰ চতুৰ্থ ক’ৰৰ(Tezpur based 4 Corps army) মুৰব্বী লেঃ জেনেৰেল ডি এছ ৰাণাই(Tezpur 4 crops GOC DS Rana) এইদৰে কয় ৷
উল্লেখযোগ্য যে, শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সদস্যসকলৰে তেজপুৰত এক সৌহাদ্যপূৰ্ণ বৈঠকত মিলিত হোৱা সেনা বিষয়াগৰাকীয়ে লগতে কয় যে, দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰো বিশেষ দায়িত্ব আছে ৷ নিৰাপত্তাজনিত বিষয়সমূহৰ ক্ষেত্ৰত সংবাদ মাধ্যমে বিশেষভাৱে সচেতন হ’ব লাগে বুলি মন্তব্য কৰি জিঅ’চি ৰাণাই কয় যে, স্থানীয় সংবাদ মাধ্যমৰ বিশেষ গুৰুত্ব আছে সেনাৰ ওচৰত ৷
স্থানীয় সংবাদ মাধ্যমত একোটা অঞ্চলৰ সমস্যা আৰু ইয়াৰ আবাসীসকলৰ মানসিকতা তথা স্থিতি প্ৰতিফলিত হয় বুলিও তেওঁ মন্তব্য কৰে ৷ আনহাতে, বৰ্তমান বিশ্বত তথ্যগত যুদ্ধও (Information warfare) চলি থকা বুলি প্ৰকাশ কৰি একোটা ভুল তথ্যৰ প্ৰচাৰে এখন দেশৰ অথবা অঞ্চলৰ সাধাৰণ লোকৰ মনোবল হ্ৰাস কৰিব পাৰে বুলিও তেওঁ কয় ৷
জিঅ’চিগৰাকীয়ে কয় যে, কিছুদিন পূৰ্বে অৰুণাচল প্ৰদেশত এক হেলিকপ্টাৰ দুৰ্ঘটনাৰ (Helicopter crash in Arunachal Pradesh) মিছা বাতৰি একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত হৈছিল আৰু প্ৰথম অৱস্থাত এই প্ৰচাৰে উৎকণ্ঠাৰ সৃষ্টি কৰিছিল ৷ পাছত এই ভুৱা বাতৰিয়ে প্ৰচাৰ কৰা সংবাদগোষ্ঠীৰহে ভাৱমূৰ্তি আৰু বিশ্বাসযোগ্যতা হ্ৰাস কৰিলে বুলিও তেওঁ মন্তব্য কৰে ৷
চতুৰ্থ ক’ৰে দেশৰ এক গুৰুত্বপূৰ্ণ নিৰাপত্তাৰ দায়িত্ব পালন কৰি থকাৰ লগতে শীঘ্ৰেই এটা সাংবাদিকৰ দলক সীমান্তৱৰ্তী অঞ্চল পৰিভ্ৰমণৰ ব্যৱস্থা কৰিব বুলি সেনা বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ৷ লগতে তেওঁ কয় যে কেৱল সামৰিক ক্ষেত্ৰতে নহয়, পৰ্যটন উদ্যোগ তথা ইয়াৰ দ্বাৰা স্থানীয় অৰ্থনীতিত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পৰা অঞ্চল এই ভ্ৰমণত সামৰি লোৱাৰ সম্ভাৱনা আছে ৷
সোমবাৰৰ এই সৌহাদ্যপূৰ্ণ বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ স্থানীয় মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল এ এছ ৱালিয়া আৰু সেনা বিষয়া বিভাগৰ ত্যাগীও উপস্থিত আছিল ৷ চতুৰ্থ কৰ’ৰ মুৰব্বীজনক শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ তৰফৰ পৰা ফুলাম জাপি আৰু গামোচাৰে সম্ভাষণ জনোৱা হয় ৷
লগতে পঢ়ক: অসম অৰুণাচলৰ সীমা বিবাদ নিষ্পতিৰ বাবে শোণিতপুৰত বিশেষ বৈঠক