ETV Bharat / state

টেট শিক্ষকৰ নিযুক্তিক লৈ শোণিতপুৰত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ অদ্ভুত কাৰ্য

শোণিতপুৰত টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ নামত প্ৰকৃততে কি কৰিছে বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকে ? উপ-পৰিদৰ্শকৰ কাৰ্যালয়ে প্ৰকাশ কৰা তালিকাত সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ নাম প্ৰকাশিত হ'ল অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী হিচাপে ৷

author img

By

Published : Jan 30, 2021, 7:55 PM IST

শোণিতপুৰত বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ে প্ৰকাশ কৰা তালিকাত বিসংগতি

তেজপুৰ, ৩০ জানুৱাৰী: ৰাজ্য চৰকাৰে নিৰ্বাচনী চমক দিবলৈ অচিৰেই আৰম্ভ কৰিব মাধ্যমিক টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়া ৷ ইতিমধ্যে ৰাজ্য চৰকাৰে বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকসকললৈ নিৰ্দেশনাও প্ৰেৰণ কৰিছে ৷ কিন্তু শোণিতপুৰ জিলাত মাধ্যমিক টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াৰ পূৰ্বেই সৃষ্টি হৈছে ব্যাপক খেলিমেলি ৷ শেহতীয়াকৈ পোহৰলৈ অহা কিছুমান তথ্যই বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ কৰিছে ।

কাৰণ, জিলাখনৰ মাধ্যমিক বিদ্যালয়সমূহত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ ঠাইত অতি কৌশলেৰে টেট শিক্ষকক নিযুক্তি দিয়াৰ যো-জা চলোৱা হৈছে ৷ শেহতীয়াকৈ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু অধ্যক্ষলৈ শোণিতপুৰ জিলা বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকগৰাকীয়ে ঠিকাভিত্তিক শিক্ষকসকলৰ পদসমূহ খালী হৈ থকা পদ হিচাপে চিহ্নিত কৰিব লাগে বুলি নিৰ্দেশ দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে অভিযোগ উত্থাপিত হৈছে যে, বিষয়াজনৰ নেতৃত্বতে ঠিকাভিত্তিক শিক্ষকসকলৰ পদ সমূহ খালী পদ দেখুৱাই সেই পদত নতুনকৈ টেট শিক্ষক নিযুক্তি দিয়াৰ বাবে সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি তোলা হৈছে ।

আনহাতে, ইয়াতকৈও ভয়ংকৰ কাণ্ড সংঘটিত হৈছে বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত ৷ কেৱল টেট শিক্ষক হিচাপে নিযুক্তি দিবলৈকে বিষয়াজনে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীক সজাইছে অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী হিচাপে ৷ নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকাত ১৬ নম্বৰৰ প্ৰাৰ্থী অৰ্থাৎ আবেদন পত্ৰ নম্বৰ ৫০০৫৪৪৫ৰ হিমাশ্ৰী বৰ্মন নামৰ প্ৰাৰ্থীগৰাকী এগৰাকী সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী ৷ তেওঁৰ পিতৃ অৰবিন্দ বৰ্মন পেচাত শিক্ষক ৷ তেওঁৰ UDISE অৰ্থাৎ চাকৰি কালৰ নথিত উল্লেখ আছে যে তেওঁ সাধাৰণ শ্ৰেণীৰ ব্যক্তি ৷ এই পৰিপ্ৰেক্ষিতত তেওঁৰ কন্যা অন্যান্য পিছপৰা শ্ৰেণীৰ কেনেকৈ হ'ল সেই প্ৰশ্ন উত্থাপিত হৈছে ।

কি বুজাবুজিৰে এগৰাকী সাধাৰণ শ্ৰেণীৰ লোকক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰাৰ্থী হিচাপে তালিকাত অন্তৰ্ভূক্ত কৰা হ'ল সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷ এয়া মাত্ৰ এটা উদাহৰণ হে ৷ মাধ্যমিক টেট শিক্ষকৰ নিযুক্তিক লৈ শোণিতপুৰ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত প্ৰকৃততে বিষয়া প্ৰভাত দাসৰ মুখ্য পৃষ্ঠপোষকতাত কি চলিছে তাৰ উচিত তদন্ত হ'লে পোহৰলৈ আহিব সত্য ৷ এই ক্ষেত্ৰত জিলা উপায়ুক্তগৰাকীৰ হস্তক্ষেপ দাবী কৰিছে একাংশ টেট উত্তীৰ্ণ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীয়ে ৷

লগতে পঢ়ক:ধুবুৰীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত মানসিক ৰোগ বিষয়ক প্ৰশিক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.