ETV Bharat / state

Allegation against Bank employees: গ্ৰাহকক দুৰ্ব্যৱহাৰৰ অভিযোগত বেংকত উত্তপ্ত পৰিস্থিতি - specially abled people allegedly mistreated

বিশ্বনাথৰ বেদেতীস্থিত গ্ৰামীণ বিকাশ বেংকৰ শাখাত উত্তপ্ত পৰিস্থিতি ৷ মঙলবাৰে বেংকটোলৈ অহা একাংশ বিশেষভাৱে সক্ষম লোকক বেংক পৰিচালকৰ লগতে একাংশ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে (specially abled people allegedly mistreated ) ৷

Tense situation in Garmin vikas bank bedeti
বিশেষভাৱে সক্ষম লোকক হাৰাশাস্তিৰ অভিযোগ
author img

By

Published : Apr 25, 2023, 11:01 PM IST

বিশেষভাৱে সক্ষম লোকক হাৰাশাস্তিৰ অভিযোগ

বিশ্বনাথ, ২৫ এপ্ৰিল: গ্ৰাহকক সেৱা প্ৰদানৰ ক্ষেত্ৰত বেংক কৰ্মাৰীৰ অমনোযোগিতা আৰু অৱহেলাৰ অভিযোগ দীৰ্ঘদিনীয়া (Garmin vikas bank bedeti ) ৷ বিভিন্ন সময়ত বেংকৰ পৰিচালক, কৰ্মচাৰীয়ে গ্ৰাহকক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগো উত্থাপিত হৈ আহিছে ৷ ব্যতিক্ৰম নহয় বিশ্বনাথৰ বেদেতীস্থিত গ্ৰামীণ বিকাশ বেংকৰ শাখাও (Tense situation in Garmin vikas bank bedeti )৷ মঙলবাৰে শাখাটোৰ বিষয়া কৰ্মচাৰীৰ কৰ্মত অতিষ্ঠ হৈ একাংশ গ্ৰাহকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি বেংক শাখাটোৰ কৰ্মচাৰীসকলে গ্ৰাহকক হাৰাশাস্তি কৰি আহিছে ৷ শাখাটোত জমা ৰখা নিজ কষ্টোপাৰ্জিত ধন উঠাবলৈও তাঁত বাটি কৰি থাকিবলগীয়া হয় গ্ৰাহকে ৷ গ্ৰাহকসকলৰ কোনো কথাতেই গুৰুত্ব প্ৰদান নকৰে পৰিচালকৰ লগতে অন্যান্য কৰ্মচাৰীসকলে (Customers allegedly mistreated by bank employee) ৷

বিশেষকৈ বেংক শাখাটোৰ অন্তৰ্গত বৰালিমাৰ গাঁও পঞ্চায়ত, বটিয়ামাৰী গাঁও পঞ্চায়ত, বিহমাৰী গাঁও পঞ্চায়তকে ধৰি কেইবাখনো গাঁও পঞ্চায়তৰ বিভিন্ন শ্ৰেণীৰ গ্ৰাহকৰ লগতে বৃদ্ধ-বৃদ্ধাসকলে তেওঁলোকৰ ধন লেনদেন কৰাত ভীষণ অসুবিধাৰ সন্মুখীন হৈ আহিছে ।

লগতে পঢ়ক: Pravin Togadia statement: 1951 নাগৰিকত্বৰ ভিত্তি বৰ্ষ হ’লে অসমৰ পৰা খেদি পঠিওৱা হ’ব বাংলাদেশী; টোগাৰীয়া

ইয়াৰোপৰি বেংক পৰিচালকগৰাকী সময়ত উপস্থিত নথকাত গ্ৰাহকসকল অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ বিশেষভাৱে সক্ষম লোকসকলে বেংকটোত জমাকৃত ধন উলিয়াবলৈ পুৱাৰ পৰা সন্ধিয়ালৈ পৰ দি থাকে যদিও বেংকটোৰ কৰ্মচাৰীসকলে কোনো গুৰুত্ব নিদিয়ে (Allegation against Bank employees) ।

মঙলবাৰে বেংকটোলৈ অহা একাংশ বিশেষভাৱে সক্ষম লোকক বেংক পৰিচালকৰ লগতে একাংশ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (specially abled people allegedly mistreated ) ৷ তাৰ পিচতে বেংকৰ শাখাটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লোৱাত বিহালী আৰক্ষী থানাৰ এটা দল বেংকটোত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক: TMC protests against price hike: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সামাজিক মাধ্যমত TMC ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.