ETV Bharat / state

মজুৰি নাপাই আত্মহত্যা ক'ভিড চিকিৎসালয়ত কৰ্মৰত অস্থায়ী চাফাই কৰ্মীৰ - অস্থায়ী চাফাই কৰ্মীয়ে আত্মহত্যা

এগৰাকী অস্থায়ী চাফাই কৰ্মীয়ে আত্মহত্যা কৰাৰ পিচতে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্তাপিত কৰিছে শোণিতপুৰ জিলাৰ ক'ভিড চিকিৎসালয়ত কৰ্মৰত অন্যান্য চাফাই কৰ্মীৰ লগতে চুপাৰভাইজাৰ সকলে ৷ অভিযোগ অনুসৰি অমৃত বাহাদুৰে ক'ভিড চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ পৰা প্ৰায় 50 হাজাৰ টকা কামৰ মজুৰি পাবলৈ বাকী আছিল ৷

Temporary cleaning staff Suicide at tezpur Hospital
মজুৰি নাপাই আত্মহত্যা ক'ভিড চিকিৎসালয়ত কৰ্মৰত অস্থায়ী চাফাই কৰ্মীৰ
author img

By

Published : Dec 23, 2020, 7:33 AM IST

তেজপুৰ, 22 ডিচেম্বৰ : তেজপুৰৰ ক'ভিড চিকিৎসালয় কৰ্মৰত এগৰাকী অস্থায়ী চাফাই কৰ্মীয়ে আত্মহত্যা কৰাৰ পিচতে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্তাপিত কৰিছে শোণিতপুৰ জিলাৰ কভিড চিকিৎসালয়ত কৰ্মৰত অন্যান্য চাফাই কৰ্মীৰ লগতে চুপাৰভাইজাৰ সকলে ৷ জানিব পৰা মতে আত্মহত্যা কৰা অমৃত বাহাদুৰ ডমাই নামৰ এই লোকজনে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পৰা তেজপুৰৰ ক'ভিড চিকিৎসালয়ত অস্থায়ী চাফাই কৰ্মী হিচাপে নিয়োজিত হৈ আছিল ৷

মজুৰি নাপাই আত্মহত্যা ক'ভিড চিকিৎসালয়ত কৰ্মৰত অস্থায়ী চাফাই কৰ্মীৰ

অভিযোগ অনুসৰি অমৃত বাহাদুৰে ক'ভিড চিকিৎসালয়খনৰ কৰ্তৃপক্ষৰ পৰা প্ৰায় 50 হাজাৰ টকা কামৰ মজুৰি পাবলৈ বাকী আছিল ৷ এই কাৰণতেই যুৱকজন মানসিকভাৱে ভগি পৰিছিল আৰু পৰিণতিত আত্মহত্যা দৰে এটা পথ বাছি ল'লে বুলি সদৰি কৰি অভিযোগ তুলিছে চিকিৎসালয় কৰ্মৰত সহকৰ্মী সকলে ৷

উল্লেখ্য যে,যোৱা কেইবামাহো ধৰি চিকিৎসালয়খনৰ সকলো অস্থায়ী কৰ্মীয়ে কাম মজুৰি লাভ কৰা নাই ৷ যাৰ ফলস্বৰূপে দীৰ্ঘ দিনৰ পৰা প্ৰাপ্য মজুৰি বিছাৰি প্ৰতিবাদ কৰি আহিছে চাফাই কৰ্মীসকলে ৷

লগতে পঢ়ক :বিতৰ্কত জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰঃ ৰাইজে দাহ কৰিলে প্ৰতিকৃতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.