ETV Bharat / state

Blood donation awareness move: ৰক্তদানৰ সজাগতা সন্দৰ্ভত টীম হিউমেনিটীৰ পদক্ষেপ

author img

By

Published : Jun 29, 2023, 5:26 PM IST

ৰক্তদান আৰু ৰক্তদানৰ সন্দৰ্ভত সজাগতাৰ সৃষ্টিৰ উদ্দেশ্যৰে চাৰি যুৱকৰ বিশেষ পদক্ষেপ । টীম হিউমেনিটীয়ে চাৰিগৰাকী সক্ৰিয় সদস্যই ভ্ৰমণ কৰিব দেশৰ ১২ খন ৰাজ্য । বুধবাৰে লখিমপুৰৰ পৰা নিজা গাড়ীৰে যাত্ৰা আৰম্ভ কৰে যুৱক কেইজনে ।

Team Humanity move on awareness of blood donation
ৰক্তদানৰ সজাগতা সন্দৰ্ভত টীম হিউমেনিটীৰ পদক্ষেপ

তেজপুৰ,২৯ জুন: ৰক্তদান জীৱন দান ৷ সেয়েহে ৰক্তদানক মহান দান হিচাবে গণ্য কৰি বহু মহান লোকে ব্যক্তগতভাৱে অথবা কোনো স্বেচ্ছাসেৱী সংস্থাৰ জৰিয়তে বিভিন্ন সময়ত ৰক্তদান কৰি মানৱতাৰ নিদৰ্শন ডাঙি ধৰি আহিছে ৷ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো এনে বহু স্বেচ্ছাসেৱী সংস্থা আছে যি ৰক্তদান কৰাৰ উপৰিও ৰক্তদানৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ চেষ্টা কৰি আহিছে ৷

তেনে এটা মহৎ অনুষ্ঠান হ'ল টীম হিউমেনিটী ৷ সমগ্ৰ দেশতে টীম হিউমেনিটীৰ ৭৩ হাজাৰৰো অধিক সক্ৰিয় সদস্যই ৰক্তদান কৰি বহুজনক জীৱন দান কৰি আহিছে ৷ এইবাৰ টীম হিউমেনিটীৰ চাৰিগৰাকী সক্ৰিয় সদস্যই গ্ৰহণ কৰিছে আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ স্বেচ্ছাসেৱী সংস্থাটোৰ চাৰি সদস্য ৰিতুৰাজ কাশ্যপ বৰা, পৰমানন্দ বৰা, ভৱেন সঁজাতি আৰু নিৰঞ্জন ৰয়ে ভ্ৰমণ কৰিব দেশৰ ১২ খন ৰাজ্য ৷

সম্পূৰ্ণ নিজা খৰচেৰে ৰক্তদাতাকেইগৰাকীয়ে ভ্ৰমণ কৰিবলগীয়া ৰাজ্যকেইখন হ'ল- অসম, পশ্চিম বংগ, বিহাৰ, উত্তৰ প্ৰদেশ, দিল্লী, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, লাডাখ, জম্মু-কাশ্মীৰ, পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান ৷ বুধবাৰে লখিমপুৰৰ পৰা নিজা গাড়ীৰে যাত্ৰা আৰম্ভ কৰা ৰক্তদাতাকেইগৰাকীয়ে সাক্ষাৎ কৰিব উক্ত ১২খন ৰাজ্যৰ ৰক্তদাতাসকলক তথা ৰক্তদানৰ ক্ষেত্ৰত কাম কৰি থকা স্বেচ্ছাসেৱী সংস্থাসমূহক ৷

স্বেচ্ছাসেৱী ৰক্তদাতাসকলৰ লগত সংযোগ স্থাপনৰ লগতে সজাগতা সৃষ্টিৰ বাবে বাৰখন ৰাজ্য ভ্ৰমণলৈ ওলোৱা অসমৰ ৰক্তদাতা চাৰিগৰাকীক শুভেচ্ছা জ্ঞাপন কৰিছে বিভিন্নজনে ৷ উল্লেখ্য যে, সঞ্জীৱনী শক্তি হিচাপে ২০১৫ চনত সামাজিক মাধ্যমযোগে গঠন হোৱা টীম হিউমেনিটী নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে সদস্যসকলৰ জৰিয়তে ৰক্তদান কৰি সমগ্ৰ ভাৰতবৰ্ষত লক্ষজনৰ জীৱন ৰক্ষা কৰি আহিছে ৷

ইয়াৰ মাজৰে ৰিতুৰাজ কাশ্যপ বৰা, পৰমানন্দ বৰা, ভৱেন সঁজাতি আৰু নিৰঞ্জন ৰয়েও কাৰোবাক প্ৰয়োজন হ'লেই স্বেচ্ছাই ৰক্তদান কৰি আহিছে ৷ ইয়াৰ সমান্তৰালকৈ তেওঁলোকে চিন্তা কৰে যে সমগ্ৰ দেশত থকা ৰক্তদাতাসকলৰ মাজত এক যোগসূত্ৰ থাকিলে তেজৰ অভাৱত কোনোলোক মৃত্যুমুখত নপৰিব ৷ সেই মহান উদ্দেশ্য আগত ৰাখি নিজাববীয়াকৈ যুৱককেইজনে বুধবাৰে মানৱ সমাজৰ কল্যানৰ স্বাৰ্থত আৰম্ভ কৰে এই যাত্ৰা ৷

লগতে পঢ়ক: Allegations of corruption against teok municipality: চুৰি পাইপেৰে খোৱাপানী যোগান আঁচনি ৰূপায়ণৰ অভিযোগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.