ETV Bharat / state

ঘৰুৱা শিক্ষকৰ নিৰ্মম প্ৰহাৰত আঘাতপ্ৰাপ্ত ছাত্ৰ

author img

By

Published : Sep 10, 2021, 12:51 PM IST

শিক্ষাৰ অধিকাৰ আইন 2009ক ভেঙুচালি এজন শিক্ষকৰ ৷ পঢ়াত নোৱাৰাৰ বাবেই শিক্ষকজনে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে ছাত্ৰজনক ৷ এই অভিযোগ খোদ ছাত্ৰজনৰ লগতে মাতৃৰ ৷

teacher has physically abused a student at rangapara
ৰঙাপৰাত ছাত্ৰক শাৰীৰিকভাৱে প্ৰহাৰ শিক্ষকৰ

ৰঙাপৰা, 10 ছেপ্তেম্বৰ : তাহানিতে শিক্ষানুষ্ঠান অথবা ঘৰুৱা শিক্ষা প্ৰদানৰ সময়ত ‘চেকনিৰ আগত বিদ্যা’ বুলি কোৱা কথাষাৰ বৰ্তমান যুগত যে প্ৰযোজ্য নহয়, সেয়া সৰ্বজনবিদিত । কিয়নো সৰ্বশিক্ষা অভিযান মিছন আৰু শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি কোনো এগৰাকী শিক্ষাৰ্থীক শিক্ষকসকলে শাৰীৰিক আৰু মানসিকভাৱে শাস্তি প্ৰদান কৰাতো আইনমতে দণ্ডনীয় ৷

কিন্তু তেনে সময়তে পোহৰলৈ আহিছে এজন ছাত্ৰক ঘৰুৱা শিক্ষকে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ এক ঘটনা ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত সৰ্বশিক্ষাৰ অধিকাৰ আইনখনক সম্পূৰ্ণৰূপে ভেঙুচালি কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

এজন ছাত্ৰই অধ্যয়নত মনোযোগ নিদিয়াতোৱেই অপৰাধ হ’ল ছাত্ৰজনৰ বাবে । খঙত অগ্নিশৰ্মা হৈ ঘৰুৱা শিক্ষকজনে অতি নিৰ্মমভাৱে প্ৰহাৰ কৰে ছাত্ৰজনক ৷ শিক্ষকৰ প্ৰহাৰত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন ৷

ঘটনাৰ বিৱৰণী অনুসৰি, ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰে’লৱে লোক কলনীৰ নিৱাসী বিজয় বৰাৰ পুত্ৰ তথা চেণ্ট পলচ্ ইংৰাজী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনক এজন ঘৰুৱা শিক্ষক তথা উক্ত বিদ্যালয়খনতে শিক্ষকতা কৰি থকা শিক্ষক অচিন্ত্য প্ৰজাই শাৰীৰিকভাৱে প্ৰহাৰ কৰে ।

লাঠিৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হয় ছাত্ৰজন ৷ আনকি শিক্ষকজনে ডিঙি চেপি ধৰাৰ লগতে দেৱালত খুন্দিয়াই ছাত্ৰজনক শাৰীৰিকভাৱে অত্যাচাৰ কৰা বুলি ছাত্ৰজনৰ মাতৃয়ে সদৰী কৰে ৷

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে ছাত্ৰজনৰ মাতৃয়ে ৰঙাপৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । এজন শিক্ষকে এজন ছাত্ৰক এনেদৰে অত্যাচাৰ চলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

লগতে পঢ়ক: কাৰ্বি আংলং আৰক্ষীৰ জালত DNLA ৰ দুৰ্ধৰ্ষ কেডাৰ ছানা ছিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.