চতিয়া, ২৯ মাৰ্চ: মঙলবাৰে পুৱাই দিকৰাই চাহ বাগিচাৰ কাৰখানাৰ মূল প্ৰৱেশদ্বাৰত কেইবা শতাধিক শ্ৰমিক উপস্থিত হৈ চৰকাৰ বিৰোধী নানা ধৰণৰ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ'বেক, শ্ৰমিকক কৰি অহা শোষণ বন্ধ কৰা আদি শ্লোগানেৰে উত্তাল কৰি তোলে চাহ বাগিচাখনৰ কাৰখানাৰ মূল প্ৰৱেশদ্বাৰ(Tea labour protest in Sootea) । বাগিচাত কৰ্মৰত শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া তেৰ দফীয়া দাবী সমূহ চৰকাৰে আজি পৰ্যন্ত পূৰণ নকৰাৰ অভিযোগ উত্থাপন কৰে চাহ শ্ৰমিকসকলে ৷
দেশৰ বিভিন্ন ট্ৰেড ইউনিয়ন, শ্ৰমিক ইউনিয়নকে আদি কৰি বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল সংগঠনে সমগ্ৰ ভাৰততে চৰকাৰৰ শ্ৰমিক নীতিৰ বিৰুদ্ধে দুদিন ধৰি বিভিন্ন ধৰণৰ কাযসূচী গ্ৰহণ কৰিছে । তাৰেই অংশ হিচাপে মঙলবাৰে দিকৰাই চাহ বাগিচাৰ শ্ৰমিক গোটেও তেওঁলোকৰ ন্যাৰ্য প্ৰাপ্তিৰ বাবে এইদৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
তেওঁলোকৰ দাবী সমূহৰ ভিতৰত অন্যতম হৈছে শ্ৰমিক সকলৰ দৈনিক হাজিৰা ২০৫ টকাৰ পৰিবৰ্তে ৩৫১ টকালৈ বৃদ্ধি কৰা, বোনাচ, চাহ শ্ৰমিক সকলক জনজাতি কৰণ, শ্ৰমিক সকলৰ শিক্ষিত নিবনুৱাক চৰকাৰী চাকৰি প্ৰদান ইত্যাদি ।
কাৰ্যসূচীৰ অন্তত দিকৰাই চাহ বাগিচাৰ কাৰখানাৰ মুখ্য প্ৰৱেশদ্বাৰত সাব্যস্ত হোৱা এই এক ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচীস্থলীত উপস্থিত হোৱা চাহ বাগিচাৰ মুখ্য পৰিচালক কুলজিত বৰাক দিকৰাই শ্ৰমিক ইউনিয়নৰ ফালৰ পৰা তেৰ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰি অতিশীঘ্ৰে ইয়াক কাৰ্যকৰি কৰিবলৈ দাবী জনায় ।
লগতে পঢ়ক: আমগুৰিত OSL ৰ তৈল প্ৰতিষ্ঠানত ধৰ্মঘট