ETV Bharat / state

Teachers workshop at Sonitpur: চাহ বাগান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ এদিনীয়া কৰ্মশালা - Sonitpur DC Auditorium

আজি শোণিতপুৰ জিলা সমগ্র শিক্ষা অভিযানৰ অধীনত জিলাখনত নতুনকৈ আৰম্ভ হোৱা ১০ খন চাহ বাগান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ (Assam Tea Garden model High School) শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিসকলৰ বাবে শিক্ষণ আৰু শিক্ষা বিজ্ঞানৰ বিষয়মূহৰ প্ৰতি শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয় (workshop on influencing students) ৷

a
a
author img

By

Published : Jul 12, 2022, 8:17 PM IST

তেজপুৰ, ১২ জুলাই : আজি শোণিতপুৰ জিলা সমগ্র শিক্ষা অভিযানৰ অধীনত জিলাখনত নতুনকৈ আৰম্ভ হোৱা ১০ খন চাহ বাগান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ (Assam Tea Garden model High School) শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিসকলৰ বাবে শিক্ষণ আৰু শিক্ষা বিজ্ঞানৰ বিষয়মূহৰ প্ৰতি শিক্ষাৰ্থীসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে এদিনীয়া কৰ্মশালাৰ আয়োজন কৰা হয় (workshop on influencing students) ৷

আজিৰ কৰ্মশালাখন উদ্বোধন কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে (Workshop inaugurated by MP Pallab Lochan Das) ৷ অনুষ্ঠানত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া, শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলী চুৰিন, অতিৰিক্ত উপায়ুক্ত দ্যোতিভা বৰা আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে ৷ এই কৰ্মশালাত চাহ বাগিচাৰ আদৰ্শ বিদ্যালয়কেইখনৰ প্ৰধান শিক্ষক, শিক্ষক-শিক্ষয়িত্ৰী আৰু এই বিদ্যালয়সমূহৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতিসকলে অংশগ্ৰহণ কৰে ।

কৰ্মশালাত অংশগ্ৰহণকাৰীৰ একাংশ
কৰ্মশালাত অংশগ্ৰহণকাৰীৰ একাংশ

আজিৰ কৰ্মাশালাত উপস্থিত থকা সকলোকে উদ্দেশ্যি দিয়া ভাষণত সাংসদ পল্লৱ লোচন দাসে ৰাজ্যৰ চাহ জনগোষ্ঠীসমূহৰ আৰ্থ-সামাজিক অৱস্থা উন্নীতকৰণৰ দিশত অসম চৰকাৰ দায়বদ্ধ আৰু সেইবাবেই চাহ বাগিচা অঞ্চলসমূহত উন্নত শিক্ষাৰ সুবিধা প্ৰদানৰ বাবে চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰে । লগতে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা শিক্ষকসকলক বিদ্যালয়খনৰ সমীপত বাস কৰা জনসাধাৰণৰ সৈতে সৌহাদ্যপূৰ্ণ সম্পৰ্ক গঢ়ি তেওঁলোকৰ জীৱনলৈ এক ইতিবাচক পৰিৱৰ্তন অনাৰ দিশত কাম কৰি যাবলৈও সাংসদগৰাকীয়ে তেখেতসকলৰ প্ৰতি আহ্বান জনায় ।

উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই তেওঁৰ ভাষণত শিক্ষকসকলক জনসাধাৰণৰ আস্থাৰ অনুকূলে কাম কৰি যাবলৈ আৰু ছাত্র-ছাত্ৰীসকলৰ জীৱনৰ আদৰ্শৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় । জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত (Sonitpur DC Auditorium) আয়োজন কৰা আজিৰ কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে সমগ্ৰ শিক্ষা, অসমৰ ৰাজ্যিক প্ৰকল্প বিষয়া ৰেৱতী মোহন কাকতি, পাঝৰাৰ সঞ্চালক, ষ্টিফেন এক্কা, প্ৰথম এডুকেচন ফাউণ্ডেচনৰ অবিনাশ দত্ত, মনোৰোগ বিশেষজ্ঞ ডাঃ প্ৰদীপ কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ শোণিতজ্যোতি শইকীয়া, চৰকাৰী শিক্ষণ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যাপিকা মনময়ূৰী গোস্বামী, সৰু পাটগাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নকুল কুৰ্মী, যুগল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিত বড়ো, ৰাষ্ট্ৰভাষা বিদ্যালয়ৰ প্ৰধান শিক্ষক, বিজয় কাণ্ডুলানা আৰু সমগ্ৰ শিক্ষা শোণিতপুৰৰ জিলা প্ৰকল্প বিষয়া ৰমেন মেধি ।

লগতে পঢ়ক :Remot control power tiller: দশম শ্ৰেণীৰ অয়নে সাজিলে ৰিম'ট কন্ট্ৰল পাৱাৰ টিলাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.