ETV Bharat / state

কেন্দ্ৰীয় ৰেল মন্ত্ৰীলৈ কিয় চিঠি লিখিলে নিনং এৰিঙে ? - international border

চীনে শেহতীয়াকৈ তিব্বত অঞ্চলৰ লাছা আৰু নিংচি খণ্ডৰ মাজত এখন তীব্ৰবেগী ৰে’লৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে । প্ৰতি ঘণ্টাত প্ৰায় ১৬০ কিল’মিটাৰ বেগত চলিব এই ৰে'ল ৷ অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ টুটিঙৰ পৰা মাত্ৰ ৪০ কিল’মিটাৰ নিলগত অৱস্থিত নিংচি অঞ্চল । দ্ৰুতগতিৰ ৰে’ল চলিব পৰা এই ৰে'লপথ স্থাপন কৰাটো নিশ্চিতভাৱে আমাৰ বাবে উদ্বেগজনক । এই মন্তব্য অৰুণাচল প্ৰদেশৰ পাছিঘাট সমষ্টিৰ কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক নিনং এৰিঙৰ ৷

take-up-rail-network-expansion-projects-in-arunachal-ninong-ering
অৰুণাচলৰ টুটিঙৰ সমীপত চীনৰ তীব্ৰ বেগী ৰেলপথ নিৰ্মাণ
author img

By

Published : Jun 19, 2021, 9:50 PM IST

তেজপুৰ, 19 জুন : কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজ নাথ সিঙে অৰুণাচল প্ৰদেশত কিছুমান কৌশলগত পথৰ প্ৰকল্প উদ্বোধন কৰাৰ এদিন পিছতে লোকসভাৰ প্ৰাক্তন সাংসদ তথা অৰুণাচল প্ৰদেশৰ পাছিঘাট সমষ্টিৰ কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক নিনং এৰিঙে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীযুষ গোৱেলক ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়টো বিবেচনা কৰি সীমান্ত ৰাজ্যত ৰে'ল সংযোগ প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ অনুৰোধ জনাইছে ৷

এৰিঙে সীমান্তৰ সিপাৰে হোৱা উন্নয়নৰ কথা উল্লেখ কৰি কয় যে, চীনে শেহতীয়াকৈ তিব্বত অঞ্চলৰ লাছা আৰু নিংচি খণ্ডৰ মাজত এখন তীব্ৰ বেগী ৰে’লৰ পৰীক্ষণ সম্পূৰ্ণ কৰিছে । নিংচি অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ টুটিঙৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ নিলগত অৱস্থিত । এৰিঙে কয় যে, আনুমানিক ৪.৮ বিলিয়ন ইউএচ ডলাৰৰ ব্যয়ত নিৰ্মাণ কৰা এই তীব্ৰ বেগী ৰে'ল চলিব পৰা ৰে’লপথটোৱে প্ৰতি ঘণ্টাত ১৬০ কিলোমিটাৰ বেগত ৰে'ল চলাচলত সহায় কৰিব ।

take-up-rail-network-expansion-projects-in-arunachal-ninong-ering
অৰুণাচলৰ টুটিঙৰ সমীপত চীনৰ তীব্ৰ বেগী ৰেলপথ নিৰ্মাণ

লগতে পঢ়ক: চীনক প্ৰত্যুত্তৰ দিবলৈ সাজু ভাৰতীয় সেনা

নিনং এৰিঙে কয় যে, "যদিও চীনৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ বিৰুদ্ধে মোৰ ক'বলৈ একো নাই, কিন্তু এই দ্ৰুত গতিৰ ৰে'লপথ স্থাপন কৰাটো নিশ্চিতভাৱে আমাৰ বাবে উদ্বেগজনক । মই সংসদত থাকোতে টাৱাং, আনিনি, আনজাওৰ ওচৰত চীনৰ আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পৰ বিষয়বোৰো উত্থাপন কৰিছো । বিষয়টো হ'ল যদিও চীনে অৰুণাচল প্ৰদেশ সীমান্তত আন্তঃগাঁথনি বিকাশৰ বাবে ইমান বৃহৎ ব্যয় কৰি আহিছে, আমি এতিয়াও আমাৰ ফালৰ পৰা প্ৰস্তাৱিত ৰে'ল প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ বাকী আছে," ।

লগতে পঢ়ক: কিমিনত একেদিনাই ১১ টা পথ মুকলি কৰিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পাচিঘাটৰ পৰা মুৰ্কংচেলেকলৈ প্ৰস্তাৱিত ৰেলসংযোগ সম্প্ৰসাৰণ প্ৰকল্পৰ কথা উল্লেখ কৰি এৰিঙে কয় যে, প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় ভূমিৰ ব্যয় অতি বেছি হোৱাৰ বাবে প্ৰকল্পটো স্থগিত হৈ পৰিছে । " যিটো সময়ত চীনে আন্তঃগাঁথনি বিকাশ আৰু সীমান্তলৈ সৈন্যৰ চলাচল ৰক্ষা কৰাৰ বাবে ইমান বৃহৎ ব্যয় কৰিছে, সেই সময়ত আমাৰ চৰকাৰে কেৱল উচ্চ ভূমি মূল্যৰ বাবে ৩৫ কিলোমিটাৰ ৰে'ল লাইন প্ৰকল্পৰ কাম স্থগিত কৰাটো যুক্তিসংগত নেকি?" এৰিঙে প্ৰশ্ন উত্থাপন কৰি এনেদৰে কয় ।

Take up rail network expansion projects in Arunachal: Ninong Ering

এৰিঙে লগতে কয় যে, "মই আজি এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ লিখিছো আৰু জানিব বিচাৰিছো যে যদি আমি কেৱল সীমান্তৰ সিপাৰে উন্নয়নৰ মুকদৰ্শক হ'ম নে সামগ্ৰিকভাৱে ৰাষ্ট্ৰৰ উন্নতিৰ বাবে সীমান্ত অঞ্চলত ৰে'ল সংযোগ শক্তিশালী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিম ।"

লগতে পঢ়ক: অৰুনাচলত উপস্থিত হৈ চীনক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সতৰ্কবাণী

তেওঁ লগতে অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ কিমিনত আধাৰিত এক কাৰ্যসূচীত দেশলৈ ২০ কিলোমিটাৰ দীঘল কিমিন-পটিন পথ উৎসৰ্গাকে ধৰি শেহতীয়াকৈ সীমান্ত ৰাজ্যখনত কিছুমান কৌশলগত পথ প্ৰকল্প উদ্বোধন কৰাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ধন্যবাদ জ্ঞাপন কৰে ।

লগতে পঢ়ক: ২০২২ৰ ভিতৰত ভাৰতীয় বায়ু সেনা(IAF)ত অন্তৰ্ভুক্ত হ'ব ৩৬ খন ৰাফেল যুঁজাৰু বিমান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.