ETV Bharat / state

Lachit Barphukan 400 birth anniversary: লাচিত জয়ন্তী: শোণিতপুৰ জিলাৰ বাবে ৫০ লাখ টকা আৱন্টন

author img

By

Published : Nov 25, 2022, 10:17 PM IST

অসম আৰু অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী ( Lachit Barphukan 400 birth anniversary)সমগ্ৰ দেশজুৰি অনুষ্ঠিত কৰা হয় ৷ এই বিশাল আয়োজনৰ বাবে শোণিতপুৰ জিলাৰ বাবে মুঠ ৫০ লাখ টকা মুকলি কৰি দিয়া হৈছিল (State govt fund 50 lacs to Sonitpur) ৷

State govt fund 50 lacs to Sonitpur govt  for Lachit Barphukan 400 birth anniversary
Lachit Barphukan 400 birth anniversary: শোণিতপুৰ জিলাৰ বাবে ৫০ লাখ টকা চৰকাৰী আৱন্টন

তেজপুৰ, ২৫ নৱেম্বৰ: অসম চৰকাৰে প্ৰথমবাৰৰ বাবে অসম আৰু অসমীয়াৰ শৌৰ্য-বীৰ্যৰ প্ৰতীক, মহাবীৰ লাচিত বৰফুকনৰ জন্মদিন অৰ্থাৎ ৪০০ বছৰীয়া জন্ম জয়ন্তী ( Lachit Barphukan 400 birth anniversary)সমগ্ৰ দেশজুৰি অনুষ্ঠিত কৰে ৷ ৰাজ্যৰ প্ৰত্যেক জিলাৰ লগতে শোণিতপুৰ জিলাৰ সকলো স্থানতে শিক্ষানুষ্ঠান আৰু জিলাৰ সকলো স্থানতে মহান বীৰগৰাকীৰ বিষয়ে বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় ৷

লাচিত জয়ন্তী: শোণিতপুৰ জিলাৰ বাবে ৫০ লাখ টকা আৱন্টন

উল্লেখ্য যে এইবাৰ ৰাজ্য চৰকাৰে এই বৃহৎ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ জিলাসমূহলৈ এক নিৰ্ধাৰিত পুঁজি আৱণ্টন দিয়ে ৷ শুকুৰবাৰে শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই (Sonitpur DC Deva Kumar Mishra) এই বিষয়ে সদৰী কৰি কয় যে শোণিতপুৰ জিলাৰ বাবে মুঠ ৫০ লাখ টকা মুকলি কৰি দিয়া হৈছে (State govt fund 50 lacs to Sonitpur) ৷ এই সম্পূৰ্ণ ধন ব্যৱহাৰেৰে জিলাখনৰ ভিন্ন প্ৰান্তত লাচিত দিৱস উদযাপন কৰা হৈছে ৷

জিলাখনত যোৱা আঠদিন ধৰি বিভিন্ন শিতানত লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে প্ৰায় ৪ খন পৌৰ সভাৰ অন্তৰ্গত এলেকাত সমান্তৰালভাৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয় আৰু আৰক্ষী থানা সমূহতো এই কাৰ্যসূচী গ্ৰহণ কৰে । ঢেকীয়াজুলি সদৰ থানাত লাচিত বৰফুকনৰ ওপৰত বক্তৃতা প্ৰদান আৰক্ষী আৰু জিলা প্ৰশাসনে আয়োজন কৰাৰ লগতে জিলাখনৰ থানা সমূহত এই বিষয়ে আলোচনা সভা অনুষ্ঠিত কৰা হয় ।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ক্ষুদ্ৰ জিলা সমূহৰ বাবে লাচিত জন্ম জয়ন্তী পালনৰ বাবে ২৫ লাখ টকাৰ চৰকাৰী অনুদান প্ৰদান কৰে । শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ মুক্তাগনত জিলা প্ৰশাসনে অপেছাদাৰী সংস্থাসমূহৰ জৰিয়তে ২৫০ জন কলা-কুশলীৰ দ্বাৰা দুদিনীয়াকৈ লাচিত বৰফুকনৰ ওপৰত নাট প্ৰদৰ্শন কৰা হয় ।

লগতে ৪০০ বছৰীয়া জয়ন্তীৰ সামৰণিৰ আজিৰ দিনটোত অসম চৰকাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি দেশবাসীক সম্বোধন কৰা অনুষ্ঠান পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে সাধাৰণ লোক আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে শুনাৰ ব্যৱস্থা কৰে শোণিতপুৰ জিলা প্ৰশাসনে ৷

লগতে পঢ়ক: PM Modi on Lachit Divas Program: অসমীয়াত ভাষণ আৰম্ভ কৰি লাচিত বৰফুকনৰ বীৰত্বক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.