ETV Bharat / state

হিম গলা শীততো টাৱাং সীমান্তত অপ্ৰতিৰোধ্য সশস্ত্ৰ সীমা বল

author img

By

Published : Mar 29, 2022, 5:06 PM IST

ভৱিষ্যতে যদি শত্ৰু পক্ষই কোনো অসুবিধাৰ সৃষ্টি কৰে তাৰ বাবে অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰত সষ্টম হৈ আছে সষ্টম সশস্ত্ৰ সীমা বল (SSB is ready to deal with any possible attack) ৷ এই সন্দৰ্ভত এছএছবিৰ সঞ্চালক প্ৰধান সঞ্জয় আৰোৰাই কি ক’লে জানো আহক ৷

ssb-is-ready-to-deal-with-any-possible-attack-in-tawang-sector
হিম গলা শীততো টাৱাং সীমান্তত অপ্ৰতিৰোধ্য সশস্ত্ৰ সীমা বল

তেজপুৰ, ২৮ মাৰ্চ: অৰুণাচল প্ৰদেশৰ টাৱাং চেক্টৰত সষ্টম সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বি , যি কোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ সাজু তেজপুৰস্থিত এই ফ্ৰণ্টিয়াৰ বাহিনী ৷ এই মন্তব্য এছএছবিৰ সঞ্চালক প্ৰধান সঞ্জয় আৰোৰাৰ । আজি তেজপুৰৰ শালনিবাৰীস্থ এছ এছ বিৰ, প্ৰশিক্ষণ শিবিৰত ৮৩৫ গৰাকী ন-শিকাৰুৰ দিক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি তেওঁ কয় যে, বিগত বৰ্ষৰ তুলনাত এইবাৰ হোৱা প্ৰচণ্ড তুষাৰপাতৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে এছ এছ বিৰ দল; কিন্তু তাৰ মাজতে সষ্টম বাহিনীৰ দল ।

এছএছবিৰ লগতে ইন্দো তিব্বত বৰ্ডাৰ পুলিচৰো সঞ্চালক প্ৰধান আৰোৰাই কয় যে, বিভিন্ন নতুন প্ৰযুক্তি বিদ্যাৰ জৰিয়তে এছএছবি আৰু আইটিবিপিয়ে বৰ্তমান সম্পূৰ্ণ নতুন পদ্ধতি অৱলম্বন কৰি সীমান্তত কৰ্তব্যৰত হৈ আছে । সাধাৰণতে বৰফ গলাৰ পিছতে সীমান্তৰ জোৱানসকলৰ এক নতুন তৎপৰতা থাকে, এই বিষয়ে কৰা প্ৰশ্নৰ এক উত্তৰত তেওঁ কয় যে, নতুন পদ্ধতি অৱলম্বন কৰি যুদ্ধকালীন প্ৰস্তুতিৰে দয়োটা বাহিনীয়ে যৌথভাৱে ৰণনীতি ব্যৱহাৰ কৰিছে (Joint preparation of SSB and ITBP) ।

ভৱিষ্যতে যদি শত্ৰু পক্ষই কোনো অসুবিধাৰ সৃষ্টি কৰে, তাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কয় শীৰ্ষ বিষয়াগৰাকীয়েও । আনহাতে, অৰুণাচল প্ৰদেশৰ টাৱাং অঞ্চললৈ সেনা তথা অন্যান্য বাহিনীৰ চলাচল কৰাৰ বাবে বৰ্তমান সম্পূৰ্ণ হৈ উঠা সুৰংগই যথেষ্ট পৰিমাণে সকাহ দিব বুলিও কয় তেওঁ (tunnel to Tawang will help Indian forces) ।

লগতে পঢ়ক : Birbhum killings : তৃণমূল কংগ্ৰেছৰ নেতাক চিবিআইৰ জেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.