তেজপুৰ, ৫ ফেব্ৰুৱাৰী: ১৮১৭ চনতে প্ৰতিষ্ঠা হোৱা শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰত (Sri Sri Basudev Namghar Satra) আজি ভক্তিৰসত বিলীন হ'ল বৃহত্তৰ উলুবাৰী অঞ্চলৰ হেজাৰোধিক ভক্তপ্ৰাণ ৰাইজ-আইমাতৃ ৷ মানৰ আক্ৰমণত জীৱন ৰক্ষা কৰি ধূণাগুৰি, উলুবাৰীত নিগাজীকৈ থাকিবলৈ লোৱাৰ সমান্তৰালভাৱে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শত বিমুগ্ধ হৈ শ্ৰীশ্ৰীবাসুদেৱ নামঘৰ শাখা সত্ৰ প্ৰতিষ্ঠা কৰি এই অঞ্চলৰ ৰাইজে ভগৱানক আৰাধনা কৰি আহিছে ৷ দক্ষিণপাট সত্ৰৰ এটা অন্যতম শাখা হিচাপে পৰিগণিত হৈ অহা ধূণাগুৰি, উলুবাৰীত ভক্তিৰসৰ লগতে আধ্যাত্মিক শিক্ষা নিৰৱছিন্নভাৱে বিগত ২০০ বছৰে প্ৰদান কৰি অহা নামঘৰটোৰ দ্বি-শতবাৰ্ষিকী অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিদিনীয়াকৈ আয়োজন কৰিছে স্থানীয় ৰাইজে ৷
![Sri Sri Basudev Namghar Satra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-03-5feb-pix-maghipurnima-pranabkumardas-7203907_05022023192446_0502f_1675605286_795.jpg)
আজি দ্বিতীয় দিনা পুৱা শ্ৰদ্ধাঞ্জলি তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত হোৱাৰ পিচত প্ৰায় দুই শতাধিক ভক্তপ্ৰাণ ৰাইজ, আইমাতৃ আৰু ভকত-বৈষ্ণৱে নামপ্ৰসংগ সম্পন্ন কৰে ৷ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে স্থানীয় সমাজকৰ্মী প্ৰফুল্ল ৰাভাই৷ তেওঁ ইতিমধ্যে ইহসংসাৰ ত্যাগ কৰা অগ্ৰজসকলক স্মৰণ কৰি সকলোকে সমন্বয় আৰু ভাতৃত্ববোধ বৰ্তাই ৰখাৰ আহ্বান জনায় ৷ ইতিমধ্যে ইহসংসাৰ ত্যাগ কৰা অঞ্চলটোৰ সকলো সামাজিক অনুষ্ঠানৰ প্ৰতিষ্ঠাতা তথা গুৰিধৰোতা কনক চন্দ্ৰ বড়ো আৰু ৰমনীকান্ত বড়োকো স্মৰণ কৰে৷ বৃক্ষৰোপণ কাৰ্যসূচী সম্পন্ন কৰে বামুনপুখুৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী কামিনী কাকতিয়ে ৷ সহযোগ কৰে আয়োজক সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ বড়ো, যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়ো, উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নলিনীকান্ত বড়ো, সমবায় পৰিদৰ্শক দীপ বড়ো, সমাজসেৱক ভোলাৰাম ৰাউতীয়া, বেদান্ত বড়ো, দয়াকান্ত বড়ো আদিয়ে ৷
![Sri Sri Basudev Namghar Satra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-03-5feb-pix-maghipurnima-pranabkumardas-7203907_05022023192446_0502f_1675605286_870.jpg)
ইফালে কালিৰে পৰা আৰম্ভ হোৱা দ্বি-শতবাৰ্ষিকী অনুষ্ঠান পুৱা ধৰ্মধ্বজা উত্তোলনেৰে আৰম্ভ হয়৷ ধৰ্মধ্বজা উত্তোলন কৰে নাম আচাৰ্য্য তিলক দাসে, সহযোগ কৰে শ্ৰীশ্ৰী বাসুদেৱ নামঘৰৰ নাম আচাৰ্য্য দামোদৰ ৰাভাই৷ হৰি নামধ্বনি আৰু খোল-তাল, বৰ কাঁহ আৰু দবাৰ মধুৰ সংগমত ধৰ্মধ্বজা উত্তোলন কৰাৰ পিচতেই ২০০ খন পতাকা উত্তোলন কৰা হয়৷ ২০০ পতাকাৰ মূল পতাকা উত্তোলন কৰে মন্ত্ৰী অশোক সিংহল (Minister Ashok Singhal) আৰু সমাজসেৱক গংগাৰাম বড়োৱে৷ মন্ত্ৰী সিংহলে ভাষণ প্ৰসংগত অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে সমবেত হেজাৰোধিক ৰাইজক অৱগত কৰি নামঘৰটোৰ উন্নয়নৰ বাবে দুই লাখ টকা প্ৰদান কৰাৰ কথা ঘোষণা কৰি প্ৰয়োজনত অধিক ধন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৷
![Sri Sri Basudev Namghar Satra](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-tezpur-03-5feb-pix-maghipurnima-pranabkumardas-7203907_05022023192446_0502f_1675605286_680.jpg)
ইয়াৰ পিচতে ভাগৱত শোভাযাত্ৰা আৰম্ভ হয় ৷ সন্ধিয়া অনুষ্ঠিত হয় ভাওনা ৷ কাইলৈ পুৱা সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হব ৷ মুকলি কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক অনন্ত দাসে ৷ দুপৰীয়া এক বজাত মুকলি সভা ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱকুমাৰ মিশ্ৰ, আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব শোণিতপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া কৰবী কৰণ শইকীয়া, জিলা বিজেপিৰ সভাপতি বাতাচ ওৰাং, নিদিৰ্ষ্ট বক্তা হিচাপে উপস্থিত থাকিব মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী আৰু সঞ্চালনা কৰিব যুগল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে ৷ আনহাতে ৪ ফেব্ৰুৱাৰীত নামঘৰটোৰ নবনিৰ্মিত বাটচৰা উদ্বোধন কৰিছিল নাম আচাৰ্য্য দামোদৰ ৰাভাই ৷ মঞ্চ মুকলি কৰে ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত শাখা প্ৰৱন্ধক বিমল বড়োৱে৷ ভাগৱত যাত্ৰা মুকলি কৰে জিতেন বড়োৱে, ভাগৱত পাঠ আৰু ব্যাখ্যা কৰে নাম আচাৰ্য তিলক দাসে আৰু সন্ধিয়া বন্তি প্ৰজ্বলন সম্পন্ন কৰে যাদৱ বড়োৱে ৷
লগতে পঢ়ক: Maghi Purnima 2023: অগণন ভক্তৰ সমাৱেশ সৰ্থেবাৰীৰ জগন্নাথ মহাপ্ৰভুৰ সভা মহোৎসৱথলীত