ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকত উজলিল বিহগুৰিৰ ৰিমঝিম - 7203907

গুৱাহাটীত অনুস্থিত হোৱা নেচনেল জুনিয়ৰ এথলেটিক প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিলে বিহগুৰিৰ খেলুৱৈ ৰিমঝিম শইকীয়াই । ১৪ বছৰ অনুৰ্ধৰ ছোৱালীৰ ৬০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰিমঝিম শইকীয়াই ব্ৰঞ্জৰ পদক লাভ কৰে ।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিকত উজলিল বিহগুৰিৰ ৰিমঝিম

author img

By

Published : Feb 10, 2021, 10:25 PM IST

তেজপুৰ ,১০ ফেব্ৰুৱাৰী: মঙলবাৰে গুৱাহাটীত অনুস্থিত হোৱা নেচনেল জুনিয়ৰ এথলেটিক প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে বিহগুৰিৰ খেলুৱৈ ৰিমঝিম শইকীয়াই । ১৪ বছৰ অনুৰ্ধৰ ছোৱালীৰ ৬০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ৰিমঝিম শইকীয়াই ব্ৰঞ্জৰ পদক লাভ কৰে ।

উল্লেখ যে, বিহগুৰি-বাঁহবাৰী ক্ৰীড়া সন্থাৰ খেলুৱৈ ৰিমঝিমে তেজপুৰ জিলা ক্ৰীড়া সন্থাক প্ৰতিনিধিত্ব কৰি অসমৰ হৈ খেলাৰ সুবিধা লাভ কৰিছিল । ৰিমঝিমৰ এই সফলতাত তেজপুৰ জিলা ক্ৰীড়া সন্থা, বিহগুৰি-বাঁহবাৰী ক্ৰীড়া সন্থাৰ লগতে স্থানীয় প্ৰশিক্ষক মৃদুমণি দাস আৰু জিলা খনৰ ক্ৰীড়া প্ৰেমী ৰাইজ গৌৰৱান্বিত ।

ৰিমঝিমে সৰুৰে পৰা বিভিন্ন স্থানৰ দৌৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল । বিহগুৰিৰ ভালুকেখোৱা গাঁৱৰ জীৱন শ‌ইকীয়া আৰু নিতুমণি শ‌ইকীয়াৰ কন্যা ৰিমঝিম বিহগুৰি ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম মান শ্ৰেণীৰ ছাত্ৰী ।

লগতে পঢ়ক:ভোট যুদ্ধত নামিবলৈ সাজু ১১ গৰাকী জ্যেষ্ঠ কংগ্ৰেছীৰ সন্তান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.