ETV Bharat / state

হাতী-মানুহৰ সংঘাত ৰোধিবলৈ WWF আৰু Forest Depertmentৰ বিশেষ ব্যৱস্থা গ্ৰহণ - man elephant conflict

অসমত যোৱা ১০ বছৰত হাতী-মানুহৰ সংঘাতৰ ফলত মৃত্যু হৈছিল মুঠ ৮৯০ জন লোকৰ ৷ বৰ্তমানেও অব্যাহত আছে এই সংঘাত ৷ শেহতীয়াকৈ WWF আৰু Forest Depertmentয়ে বনৰীয়া হাতীৰ গতিবিধি লক্ষ্যৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা, যি ব্যৱস্থা প্ৰয়োগৰ ফলত হ্ৰাস পাব হাতী-মানুহৰ সংঘাত ৷

বনৰীয়া হাতীৰ গতিবিধি লক্ষ্যৰ বাবে ডব্লিউডব্লিউএফ আৰু বন বিভাগৰ বিশেষ ব্যৱস্থা গ্ৰহণ

author img

By

Published : Nov 18, 2021, 9:39 PM IST

তেজপুৰ, ১৮ নৱেম্বৰ: বিগত কেইবা দশকৰ পৰা অসমত হাতী আৰু মানুহৰ মাজত সংঘাত হৈ আহিছে ৷ ৰাজ্য চৰকাৰৰ বন বিভাগে এই জ্বলন্ত সমস্যাটো সমাধান কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে যদিও লাভ কৰা নাই কোনো বিশেষ ফল ৷ শেহতীয়াকৈ বনৰীয়া হাতী (Wild Elephant)ৰ এটা দলে যোৱা কেইদিনমানৰ পৰা বিশ্বনাথ বন সংমণ্ডলৰ অন্তৰ্গত বিহালী, ৰাংচলীৰ, বটিয়ামাৰী অঞ্চলত নিয়মীয়াকৈ বিধ্বংসী পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে ৷ ফলত বনৰীয়া হাতীৰ ত্ৰাসত গাওঁবাসীয়ে বিনিদ্ৰ নিশা কটাবলগীয়া হৈছে ৷

বনৰীয়া হাতীয়ে কৃষিভূমিত প্ৰৱেশ কৰি কৃষিজাত শস্য ধ্বংস কৰাৰ উপৰিও পকা ধানৰ অনিষ্ট সাধন কৰিছে ৷ পৰিণতিত বিহালী ৰংশালী অঞ্চলৰ লোকসকলে নিদ্ৰাহীন ৰাতি পাৰ কৰিবলগীয়া হৈছে ৷ ৰংচলীৰ স্থানীয় লোকে জনোৱা অনুসৰি প্ৰতিদিনে 30-60 টা বনৰীয়া হাতী নিশা আহি খেতি পথাৰত প্ৰৱেশ কৰাৰ লগতে ধান খাই তহিলং কৰি আহিছে ৷ সমান্তৰালভাৱে শোণিতপুৰ জিলাও ইয়াৰ ব্যতিক্ৰম নহয় । যোৱা ১৬ নৱেম্বৰৰ নিশা চাৰিদুৱাৰ থানাৰ অন্তৰ্গত শোনিতপুৰ জিলাত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোকৰ মৃত্যু হৈছিল ৷ চৰকাৰী সূত্ৰ অনুসৰি অঞ্চলটোত পৰিভ্ৰমণ কৰি থকা এটা বনৰীয়া হাতীৰ জাকে চাৰিদুৱাৰৰ ভালুকপুং পথত এজন লোকক আক্ৰমণ কৰে ৷ পিছত হাতীৰ জাকটোৱে সোনাইচিৰিত এজন গঞাই সংগ্ৰহ কৰা চাউল নষ্ট কৰাৰ লগতে অহিত ৰাভা (৫০) নামৰ এজন লোকক আক্ৰমণ কৰাত লোকজনৰ মৃত্যু ঘটে ৷ ইতিমধ্যে, ডব্লিউ ডব্লিউ এফ (World Wildlife Fund for Nature)ৰ সহযোগত অসমৰ বন বিভাগ আৰু বন্যপ্ৰাণী সংগঠনে বন্যহস্তীৰ ডিঙিত প্ৰথমবাৰৰ বাবে ৰেডিঅ' ক'লাৰ (Radio collar) স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে । বনৰীয়া হাতীটো অথবা হাতীৰ জাকটো প্ৰকৃততে ক'ত উপস্থিত আছে, জাকটোত কিমানটা হাতী আছে, বনৰীয়া হাতীৰ জাকটো ক'ৰ পৰা ওলাই আহিছে আদি তথ্য লাভৰ ক্ষেত্ৰত ৰেডিঅ' ক'লাৰ স্থাপনৰ ব্যৱস্থাই বন বিভাগক সহায় কৰিব ৷

লগতে পঢ়ক: চৰকাৰী আচঁনিয়ে ঢুকি নোপোৱা এটি পৰিয়ালৰ কৰুণ গাথা

ৰাজ্যৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কুশল কোঁৱৰ শৰ্মা (Dr. Kushal Konwar Sarmah)ই এই সমগ্ৰ বিষয়টো নিজে পৰ্যবেক্ষণ কৰি সংবাদ মাধ্যমক জনায় যে ৰেডিঅ' কলাৰ সংযোগ কৰা এটা উন্নত প্ৰযুক্তি ৷ ই উপগ্ৰহ (Satellite)ৰ সহায়ত বন্য জন্তুৰ চলাচল নিৰীক্ষণ কৰাত সহায় কৰে ৷ মানুহ আৰু বনৰীয়া হাতীৰ মাজৰ সংঘৰ্ষ হ্ৰাস কৰিবলৈ, আগতীয়াকৈ হাতীৰ উপস্থিতিৰ তথ্য লাভৰ বাবে শোণিতপুৰ জিলাৰ ৰঙাপাৰা অঞ্চলত দুটা বনৰীয়া হাতীৰ ডিঙিত ৰেডিঅ' ক'লাৰ স্থাপনৰ চেষ্টা চলোৱা হৈছিল যদিও মাত্ৰ এজনী মাইকী হাতীৰ ডিঙিতহে সংস্থাপন কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, এমাৰিবাৰী বন কাৰ্যালয়ৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোত বনৰীয়া হাতীয়ে প্ৰায়ে জনাঞ্চলত প্ৰৱেশ কৰি খেতি পথাৰ ধ্বংস কৰাৰ লগতে সম্পত্তি আৰু মানৱ সম্পদৰ ক্ষতি সাধন কৰি আহিছে ৷ বন ধ্বংসৰ পৰিণতিত ক্ৰমান্বয়ে বনাঞ্চলসমূহ সংকুচিত হৈ অহাৰ বাবে বন্যপ্ৰাণীৰ খাদ্য দ্ৰব্যৰ লগতে বাসস্থানৰো অভাৱ হৈছে ৷ ফলত বনৰীয়া বন্যহস্তীসমূহে জনাঞ্চলত প্ৰৱেশ কৰিছে ৷ মানৱ সমাজে আজিও দেৱতা জ্ঞান কৰা বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা উদ্ধাৰ পাবৰ বাবে বনৰীয়া হাতীক খেদি পঠিয়াবলৈ মানৱ সমাজৰ প্ৰয়াস এক নিয়মীয়া কাম হৈ পৰিছে ৷ ইয়াৰ বিপৰীতে, প্ৰথমবাৰৰ বাবে ডব্লিউডব্লিউএফ (World Wildlife Fund for Nature) আৰু বন বিভাগে (Department of Forest) হাতীৰ অত্যাচাৰ প্ৰতিহত কৰিবলৈ পৰীক্ষামূলকভাৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে যদিও পৰৱৰ্তী সময়ত ই কিমান সহায়ক হ’ব সেয়া সময়তহে পৰিলক্ষিত হব । উল্লেখযোগ্য যে হাতীৰ পৰিসংখ্যাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ কৰ্ণাটকৰ (6049) পিছত দ্বিতীয় সৰ্ববৃহৎ ৰাজ্য অসম 2017 চনৰ লোকপিয়ললৈকে 5,719টা এছিয়ান হাতীৰ বাসস্থান ৷ ব্যাপক বনধ্বংস আৰু হাতীৰ খাদ্যৰ অভাৱৰ বাবে মানুহ আৰু হাতীৰ সংঘাত দিনক দিনে বৃদ্ধি পাইছে ৷ বন বিভাগে প্ৰদান কৰা প্ৰতিবেদন অনুসৰি অসমত যোৱা 10 বছৰত বনৰীয়া হাতীৰ আক্ৰমণত 890 জন লোকে প্ৰাণ হেৰুৱাইছে ৷ শোণিতপুৰ জিলাত এই সময়ত সৰ্বাধিক মৃত্যুৰ সংখ্যা হৈছে 124 জন, ওদালগুৰি জিলাত 118 জন আৰু গোৱালপাৰা জিলাত 78 জন লোকৰ মৃত্যু হৈছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: পদূলিমুখত আঘোণ: লখিমীক আদৰিবলৈ সাজু ৰাজ্যৰ চহা কৃষক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.