ETV Bharat / state

জংগী আন্দোলনৰ হুংকাৰ শোণিতপুৰ জিলা মধ্যাহ্ন ভোজন কৰ্মী সন্থাৰ - mid day meal controversy

শোণিতপুৰ জিলাত মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অ'ক প্ৰদান নকৰিবলৈ আহ্বান জিলা বিদ্যালয় ৰান্ধনী সন্থাৰ ৷ চৰকাৰে উক্ত হঠকাৰী সিদ্ধান্ত বাহাল ৰাখিলে জংগী আন্দোলনৰ হুংকাৰ সংস্থাটোৰ ৷

মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অ'ক দিলে জংগী আন্দোলন কৰাৰ ভাবুকি
author img

By

Published : Nov 12, 2019, 11:31 PM IST

তেজুপৰ, 12 নৱেম্বৰঃ সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি অব্যাহত থকা বিৰ্তক আৰু প্ৰতিবাদৰ সময়তেই চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অৱস্থান লৈছে শোণিতপুৰ জিলা বিদ্যালয় সমূহৰ ৰান্ধনী সংস্থাই ৷ মংগলবাৰে সংস্থাটোৱে জিলা সদৰত এক বিশেষ সংবাদমেল সম্বোধন কৰি চৰকাৰ তথা শিক্ষা বিভাগক মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অ'ক প্ৰদান নকৰিবলৈ আহ্বান জনায় ৷ সংস্থাটোৱে প্ৰধান মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত অতি সোনকালে বাতিল কৰিবলৈ সংবাদমেলযোগে আহ্বান জনায় ।

মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অ'ক দিলে জংগী আন্দোলন কৰাৰ ভাবুকি

ইফালে ৰাজ্যৰ প্ৰায়বোৰ জিলাত মধ্যাহ্ন ভোজনৰ দায়িত্ব এন জি অ'ক প্ৰদান কৰা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰ দি সংস্থাটোৱে এই নতুন নিয়ম শোণিতপুৰ জিলাত প্ৰৱৰ্তন কৰিলেও কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্থিতি স্পষ্ট কৰে ৷ আনহাতে যদিহে এই নিয়ম জিলাখনতো প্ৰযোজ্য কৰা হয় তেন্তে তাৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলা বিদ্যালয় ৰান্ধনী সংস্থা বাধ্য হ'ব বুলি হুংকাৰ দিয়ে ৷ তাৰোপৰি সংস্থাটোৱে বিদ্যালয় সমূহৰ ৰান্ধনীৰ দৰমহা মাহে ৯৬০০ টকালৈ বৃদ্ধি কৰিবলৈও দাবী জনায় । আনহাতে নিৰ্বাচনৰ সময়ত ভোটৰ স্বাৰ্থত নানা প্ৰলোভনেৰে নেতাসকলে ভোট আদায় কৰে কিন্তু পিছত ৰন্ধন কৰ্মীসকলৰ বাবে কোনো চিন্তা নকৰে বুলি ক্ষোভ ব্যক্ত কৰে ৷

আৰু পঢ়ক আমাক লাডেনক নালাগে...

Intro:তেজপুৰ,১২ নৱেম্বৰ: শোণিতপুৰত মধান্য ভোজনৰ দায়িত্ব যদি NGO ক অৰ্পণ কৰা হয় ৰান্ধনী সকলে আত্মহত্যাৰ পথ বাছি লব বুলি আজি তেজপুৰত হুংকাৰ দিলে জিলা ৰান্ধনী সন্থাই ।

Body:এক সংবাদমেল আয়োজন কৰি শোণিতপুৰ জাৰ্নেৰ্লিষ্ট ইউনিয়নৰ আয়োজন কৰা এক সংবাদমেল ত ৰান্ধনী সকলে উগ্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি জানিব দিয়ে । মঙ্গলবাৰে সন্থাৰ ফালৰপৰা প্ৰধান মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰী ক ৰান্ধনী সকলে আহ্বান জনায় যে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত সোনকালে বাতিল কৰিবলৈ আহ্বান জনায় ।

Conclusion:বিদ্যালয় সমূহৰ ৰান্ধনীৰ দৰমহা মাহে ৯৬০০ টকা কৰিবলৈ ও দাবী জনায় । আনহাতে তেওঁলোকে কয় যে নিৰ্বাচনৰ সময়ত ভোট আদায় কৰিবলৈ আমাৰ ওচৰত নানা প্ৰলোভনৰে ভোট আদায় কৰে কিন্তু পিছত আমাৰ বাবে পাহৰি যায় । ইয়াৰ পিছত ও যদি চৰকাৰে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে জংগী আন্দোলনৰ হুংকাৰ ৰান্ধনী সকলৰ ।

প্ৰণৱ কুমাৰ দাস
তেজপুৰ
২২/১১/১৯
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.