তেজপুৰ, ২ অক্টোবৰ: শোণিতপুৰ জিলাৰ ঠেলামৰাৰ চক্ৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক গ্ৰেপ্তাৰ । শনিবাৰে বিয়লি গুৱাহাটীত দুৰ্নীতি নিবাৰক শাখাই (Anti Corruption Bureau ) গ্ৰেপ্তাৰ কৰে চক্ৰ বিষয়া গৰাকীক ৷ এই কথা জানিবলৈ দিছে শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেছ চন্দ্ৰ দাসে ।
কিছুদিন পূৰ্বে যোৱা ২৭ ছেপ্টেম্বৰত ঠেলামৰাৰ মণ্ডল গুলজাৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছিল অপৰাধ দুৰ্নীতি শাখাই ৷ এইগৰাকী চক্ৰ বিষয়াৰ নিৰ্দেশতেই দালালৰ পৰা ধন সংগ্ৰহ কৰি গুৱাহাটী ভঙাগড়ত গ্ৰেপ্তাৰ হৈছিল গুলজাৰ ৷
এই গৰাকী চক্ৰ বিষয়াই মুখ্যমন্ত্ৰীৰ হাতত থকা দালালৰ তালিকাৰ পৰা তেওঁলোকৰ নাম কৰ্তনৰ বাবদ ৪ লাখ টকা দাবী কৰি গুলজাৰক সেই ধন সংগ্ৰহৰ দায়িত্ব দিছিল বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক: প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত নলবাৰীত গান্ধী জয়ন্তী উদযাপন