ETV Bharat / state

তিনি তৰপীয়া সুৰক্ষা বেষ্টনীৰ মাজত শোণিতপুৰ জিলাৰ ষ্ট্ৰং ৰুম

চি আৰ পি এফৰ দ্বাৰা এই ইভিএম সমূহক প্ৰথম শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰা হৈছে ৷ চি চি টিভি সংলগ্ন ষ্ট্ৰং ৰূমসমূহ আৰক্ষী আৰু জিলা নিৰ্বাচনী বিষয়াই দৈনিক দুই তিনিবাৰ পৰিদৰ্শন কৰি আহিছে ।

Sonitpur strong Room
তিনি তৰপীয়া সুৰক্ষাৰ বেষ্টনীত শোণিতপুৰ জিলাৰ ষ্ট্ৰং ৰুম
author img

By

Published : Apr 8, 2021, 3:22 PM IST

তেজপুৰ, ৮ এপ্ৰিল : শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত ইলেকট্ৰনিক ভোটিং মেচিনসমূহ তেজপুৰস্থিত দৰং মহাবিদ্যালয়ৰ ষ্ট্ৰং ৰূমত ৰখা হৈছে । জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত মনৱেন্দ্ৰ প্ৰতাপ সিঙে পৰ্যবেক্ষণ কৰি থকা এই ষ্ট্ৰং ৰূমত তিনি তৰপীয়া সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিব দিয়ে জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে । চি আৰ পি এফৰ দ্বাৰা এই ইভিএম সমূহক প্ৰথম শ্ৰেণীৰ সুৰক্ষা প্ৰদান কৰা হৈছে ৷ আনহাতে অসম আৰক্ষী আৰু জিলা আৰক্ষী বিষয়াসকলে প্ৰত্যেক ৰাজনৈতিক দলসমূহৰ লগত সুৰক্ষা প্ৰদান কৰি আছে বুলি জানিব দিয়ে । মুঠ ২৫ তাতকৈ চি চি টিভি কেমেৰা সংলগ্ন এই সংৰক্ষিত অঞ্চলত আৰক্ষী আৰু জিলা নিৰ্বাচনী বিষয়াই দৈনিক দুই তিনিবাৰ পৰিদৰ্শনেৰে চলাই গৈছে তদাৰক ।

তিনি তৰপীয়া সুৰক্ষাৰ বেষ্টনীত শোণিতপুৰ জিলাৰ ষ্ট্ৰং ৰুম

জিলা নিৰ্বাচনী বিষয়া তথা উপায়ুক্ত মনৱেন্দ্ৰ প্ৰতাপ সিঙে প্ৰকাশ কৰা অনুসৰি, ইয়াত কোনো ধৰণৰ মেনিপুলেট কৰাৰ প্ৰশ্ন নাহে যদি কোনো ৰাজনৈতিক দলৰ লোকে ভিতৰৰ দৃশ্য চাবলৈ চেষ্টা কৰে সেয়া নিৰ্বাচনী বিষয়া সুৰক্ষাৰ দায়িত্বত থকা লোকৰ সহায়ত চাবলৈ পাৰে ৷ কিন্ত এই সমূহ দৃশ্য কেমেৰাত ৰেকৰ্ড কৰি ৰখা হয় ৷ গতিকে ইয়াত কোনো অসুবিধাৰ সন্মুখীন নহয় । উল্লেখ্য যে, শোণিতপুৰ জিলাত 27 মাৰ্চত অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচনৰ ভোটদান ৷ জিলাখনৰ পাঁচটা সমষ্টিৰ ১,৩২৪ টা ভোটদান কেন্দ্ৰত অনুষ্ঠিত হৈছিল নিৰ্বাচন ৷

লগতে পঢ়ক : চৰ্চাত শিৱসাগৰৰ এখন অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.