তেজপুৰ,7 নৱেম্বৰঃ তেজপুৰ মিছন চাৰিআলিত আৰক্ষীয়ে শুকুৰবাৰে নিশা এজন এন এছ চি এন (আই এম) ৰ দুৰ্ধষ কেডাৰ আৰু অৰুণাচলৰ এজন এন পিপি পাৰ্টিৰ লংডিঙৰ উপ সভাপতিক আটক কৰে। হত্যা আৰু ধন দাবীৰ লগত জড়িত থকাৰ অভিযোগ আছে কেডাৰজনৰ বিৰুদ্ধে । নাগালেণ্ডৰ আৰক্ষীৰ সূত্ৰই জনায় শোণিতপুৰ আৰক্ষীক ।
কেডাৰজন এন পিপি ৰ উপ-সভাপতি খুঙী মীক্ষামৰ লগত ডিমাপুৰৰ পৰা ইটানগৰলৈ গৈ থকা অৱস্থাত তেজপুৰ মিছন চাৰিআলিত আটক কৰে আৰক্ষীয়ে। সম্প্ৰতি সমগ্ৰ ঘটনা সৰ্ন্দভত এই বিষয়ে আৰক্ষীৰ শীৰ্ষ বিষয়াই তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষক নুমল মহাটাই ।
লগতে পঢ়কঃ বিপদ আহিছে অপৰাধী ৰাজনীতিকৰঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে নিৰ্দেশ