ETV Bharat / state

বজৰংগ দলৰ নেতাৰ ৰহস্যজনক মৃত্যুকলৈ উত্তপ্ত তেজপুৰ

author img

By

Published : Aug 19, 2021, 5:28 PM IST

বজৰংগ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ধ্ৰুৱ মহন্তৰ ৰহস্যজনক মৃত্যু ৷ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে তেজপুৰত ৷

Dhruva Mahanta
বজৰংগ দলৰ নেতাৰ ৰহস্যজনক মৃত্যুকলৈ উত্তপ্ত তেজপুৰ

তেজপুৰ, ১৯ আগষ্ট : বজৰংগ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ধ্ৰুৱ মহন্তৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে তেজপুৰত ৷ সভাপতি গৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ কৰা মতে, তেজপুৰ নেপালীপট্টিৰ তনুজা বেগম নামৰ এগৰাকী মহিলাৰ ঘৰত যোৱা এসপ্তাহে আছিল ধ্ৰুৱ মহন্ত ৷ যোৱা মঙলবাৰে ধ্ৰুৱ মহন্তক কোনোৱে পায়স খাবলৈ দিয়ে আৰু সেই পায়স খোৱাৰ পাছৰে পৰা অসুস্থ হৈ পৰে ধ্ৰুৱ মহন্ত ৷

ইয়াৰ পাচত বজৰংগ দলৰ শোণিতপুৰ জিলাৰ সভাপতি ধ্ৰুৱ মহন্তক হাস্পতালত ভৰ্তি কৰা হৈছিল যদিও বৃহস্পতিবাৰৰ পুৱা মৃত্যু হয় ৷ ধ্ৰুৱ মহন্তৰ মৃত্যু এটা পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে ৷ পৰিয়ালৰ এই অভিযোগৰ পাচতে এতিয়া বজৰংগ দলৰ কৰ্মীৰ লগতে সভাপতি গৰাকীৰ সতীৰ্থসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷

লগতে পঢ়ক: শিক্ষাৰ অধিকাৰ বিচাৰি কণ কণ ছাত্র-ছাত্ৰীৰ প্ৰতিবাদ

বৃহস্পতিবাৰে কেইবা শতাধিক যুৱকে নেপালীপট্টিৰ তনুজা বেগমৰ ঘৰত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ যুৱকসকলে ক্ষোভ প্ৰকাশ কৰি সাংবাদিকৰ আগত অভিযোগ কৰে যে, ধ্ৰুৱ মহন্তক বিষ পান কৰাই হত্যা কৰা হৈছে ৷ ধ্ৰুৱ মহন্তৰ হত্যাকাণ্ডৰ তাৎক্ষণিক তদন্ত কৰিবলৈ দাবী জনাই যুৱক সকলে ৷

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত তনুজা বেগমৰ ঘৰত উপস্থিত হয় শোণিতপুৰ জিলাৰ উপ-আৰক্ষী অধীক্ষক ৷ উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে পৰিস্থিতিৰ নিয়ন্ত্ৰণত আনি ধ্ৰুৱ মহন্তৰ মৃত্যুৰ তদন্তৰ আশ্বাস দিয়ে ৷

ইফালে, তদন্তৰ বাবে তনুজা বেগমক আটক কৰিছে শোণিতপুৰ আৰক্ষীয়ে ৷ শোণিতপুৰৰ উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে সাংবাদিকৰ আগত কয়, আৰক্ষীৰ ফালৰ পৰা তদন্ত আৰম্ভ কৰা হৈছে ৷ ধ্ৰুৱ মহন্তৰ মৃতদেহও মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ লগতে মৰণোত্ত পৰীক্ষাৰ প্ৰতিবেদনৰ পাচতে সকলো কথা স্পষ্ট হ'ব বুলি জানিবলৈ দিয়ে উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক: কেঁচা চাহপাত ছটিয়াই প্ৰতিবাদ কৰাৰ হুংকাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.