তেজপুৰ,২৭জুনঃ শোণিতপুৰ জিলাৰ মিছামাৰীৰ সেনা চাউনীত ৫ জন সেনাৰ দেহত কোভিড-19 পজিটিভ। ইয়াকে লৈ সেনা জোৱানৰ কোভিড-19ত আক্ৰান্তৰ সংখ্যা ৬৮ জনলৈ বৃদ্ধি পালে ৷ আনহাতে শোণিতপুৰত এগৰাকী আশা কৰ্মী, এগৰাকী হোটেলৰ কৰ্মচাৰী, একেটা পৰিয়ালৰ তিনি গৰাকীসহ ৬ জন পুনৰ কোভিড-19 আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ উৰিয়ামগুৰিৰ আশা কৰ্মী চালেমা বেগম, বিক্ৰম আদিত্য হোটেলৰ কৰ্মচাৰী চন্দ্ৰ প্ৰসাদ কাৰ্কী আৰু লোক্ৰাৰ এটা পৰিয়ালৰ তিনি গৰাকী কোভিড-19 আক্ৰান্ত হৈছে ।
ইপিনে ক‘ৰণাত আক্ৰান্ত লোক্ৰাৰ পৰিয়ালটোৰ ছয় গৰাকী ব্যক্তি ২৪ জুনৰ দিনা বাংগালোৰৰ পৰা বিমানযোগে আহি হোম কোৱাৰেন্টাইনত আছিল বুলি জানিব পৰা গৈছে । সম্প্ৰতি ইয়াকে লৈ শোণিতপুৰত ক‘ৰণাত আক্ৰান্তৰ সংখ্যা ৩১৭ জনলৈ বৃদ্ধি পালে।
লগতে পঢ়কঃ হাতী খেদিবলৈ নহয়,মানুহ ৰখিবলৈ এটা টঙীঘৰ