তেজপুৰ,5 ফেব্ৰুৱাৰীঃ সমগ্ৰ বিশ্বতে সম্প্ৰতি খলকনি তুলিছে ভয়ংকৰ কোৰোণা ভাইৰাচে ৷ যাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ো সমগ্ৰ বিশ্বতে চিকিৎসাজনিত জৰুৰীকালীন স্থিতি ঘোষণা কৰিছে ৷ ইয়াৰ মাজতেই শোণিতপুৰ জিলা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে সতৰ্কতা অৱলম্বন কৰি এক নিৰ্দেশনা জাৰি কৰিছে ৷ সকলো ব্যক্তিগত চিকিৎসালয়তে তিনি তৰপীয়া মুখা পিন্ধা বাধ্যতামূলক কৰাৰ লগতে তেজপুৰ বিমানবন্দৰত জৰুৰীকালীন দল নিয়োগ কৰিছে জিলা প্ৰশাসনে ৷ অবিভক্ত শোণিতপুৰ জিলাৰ শোণিতপুৰ আৰু বিশ্বনাথত ইতিমধ্যেই ৮ টা কেন্দ্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ তেজপুৰৰ লগতে সকলো স্বাস্থ্য কেন্দ্ৰতে পৰ্যাপ্ত পৰিমানে মুখা আৰু জৰুৰীকালীন ব্যৱস্থা আৰু তাৎক্ষণিক চিকিৎসকৰ দল সাজু ৰখা হৈছে বুলি জানিব দিয়ে শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত কুলেন শৰ্মাই ৷
বুধবাৰে বিয়লি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত যুটীয়া স্বাস্থ্য সঞ্চালকৰ উপস্থিতিত এই তথ্য সদৰী কৰে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে ৷ ইতিমধ্যে তেজপুৰ মেডিকেল কলেজ হাস্পতালত জিলা প্ৰশাসনে পৃথকে পৃথকে হেল্প লাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে । জিলা প্ৰশাসনে ইতিমধ্যে ১,০০০ টা ত্ৰিপুল এ মুখা আৰু ২১০ টা এন 95 মুখা আৰু পিপিই ৬০ টা পাৰ্চনেল প্ৰটেক্সন ইকুইপমেণ্ট সাজু কৰি ৰাখিছে ৷ ইয়াৰ উপৰিও ট্ৰেইন আৰু বিমানবন্দৰ যাত্ৰীৰ ওপৰত ল’বলগীয়া সতৰ্কতাৰ বাবে দল সাজু কৰি ৰখা হৈছে বুলি জানিব দিয়ে যুটীয়া স্বাস্থ্য সঞ্চালক কৃষ্ণা কেম্প্ৰাই ৷