ETV Bharat / state

Unknown facts about Bhupen Hazarika:এজন বিশেষ ব্যক্তিৰ মুখেৰে জানো আহক ভূপেন হাজৰিকাৰ কিছু নজনা কথা

ভূপেন হাজৰিকাক লগ পাই ক’ব নোৱাৰাকৈয়ে বহু সময় ধৰি ভৰিত ধৰি আছিল তেওঁ ৷ নিচেই কাষৰ পৰা লগ পোৱা মনোজ কুমাৰ নাথে আজি তেওঁৰ ওপজা দিনত শ্বেয়াৰ কৰিলে ভূপেন হাজৰিকাক লগ পোৱাৰ সময়ৰ বহু কথা ৷

author img

By ETV Bharat Assamese Team

Published : Sep 8, 2023, 8:24 PM IST

Unknown facts about Bhupen Hazarika
ভূপেন হাজৰিকাৰ কিছু নজনা কথা
ভূপেন হাজৰিকাৰ কিছু নজনা কথা

তেজপুৰ, ৮ ছেপ্টেম্বৰ : সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৷ ওপজা দিনৰ লগত সংগতি ৰাখি বিভিন্ন ঠাইত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ আজিৰ এই বিশেষ দিনটোত আমি আপোনালোকলৈ আগবঢ়াইছো এক বিশেষ প্ৰতিবেদন, য’ত আপোনালোকে জানিবলৈ পাব ভূপেন হাজৰিকাই গান কেতিয়া কেনেদৰে লিখিছিল, কেনেদৰে শুইছিল, ক’ত বজাৰ কৰিছিল, লগত পইচা ৰাখিছিল নে নাই ইত্যাদি বিভিন্ন ধৰণৰ সাধাৰণ মানুহ তথা তেওঁৰ অনুৰাগীয়ে নজনা বহু কথা ৷

সুধাকণ্ঠ ভাৰত ৰত্ন ড৹ ভূপেন হাজৰিকাৰ আজি ৯৭ তম আৰু ৯৮ সংখ্যক জন্ম দিন । সমগ্ৰ ৰাজ্যতে আজি এই গৰাকী মহান শিল্পীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰা হৈছে । সাংস্কৃতিক নগৰী তেজপুৰত চৰকাৰীভাৱে শিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় তেজপুৰৰ ৰাইজে । শিল্পী গৰাকীৰ সান্নিধ্য লাভ কৰা তেজপুৰৰ এগৰাকী প্ৰতিষ্ঠিত শিল্পী সংস্কৃতিৰ পূজাৰী মনোজ কুমাৰ নাথ । সৰুৰে পৰাই ড৹ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰি তেওঁৰ কালজয়ী গীত সমূহ পৰিৱেশন কৰাৰ লগতে নৱ-প্ৰজন্মৰ মাজত এই গীত সমূহ জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে ।

"ভূপেন দা মই আপোনাৰ লগত এবাৰ শুই চাব বিচাৰো..., এইয়া আছিল তেজপুৰ নিবাসী ভূপেন হাজৰিকাৰ ডাঙৰ অনুৰাগী মনোজ নাথৰ তেওঁলৈ অনুৰোধ ৷ বাৰে বাৰে লগ পাইয়ো হেঁপাহ নপলায় যেতিয়া ! শুনক মনোজ নাথৰ মুখুৰেই পুৰণি দিনৰ বহু সুমধুৰ কাহিনী ৷

তেওঁৰ একমাত্ৰ জীয়ৰী মূৰ্ছনা শিৱমেও পিতৃৰ লগত এই গৰাকী শিল্পীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গীত পৰিৱেশন কৰে । ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ লগত মনোজ নাথে ড৹ ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা সেই বিশেষ মুহূৰ্ত সমূহ সোঁৱৰণ কৰি তেওঁৰ গীতেৰে এনেদৰে শ্ৰদ্ধাঞ্জলি জনায় । চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদন ।

লগতে পঢ়ক : Bhupen Hazarika 97th birthday:ওপজা দিনত এলাগী হৈ পৰিল নেকি সুধাকণ্ঠ ?

Bhupen Hazarika 97th birthday: ‘‘মানুহে মানুহৰ বাবে...’’ সুধাকণ্ঠৰ ওপজা দিনত সমাধিত শ্ৰদ্ধাঞ্জলি বিভিন্নজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.