ETV Bharat / state

অৰুণাচলৰ চলুং উৎসৱৰ বিষয়ে জানেনে ?

author img

By

Published : Sep 3, 2020, 8:44 PM IST

Updated : Sep 3, 2020, 10:02 PM IST

অৰুণাচল প্ৰদেশৰ আদি জনজাতীয় সম্প্ৰদায়ৰ পৰম্পৰাগত উৎসৱ "চলুং " আৰম্ভ ৷ ছেপ্টেম্বৰ ২ তাৰিখৰ পৰা চলুং উদযাপন কৰা হয় পূব চিয়াং জিলাৰ পাছিঘাটত । কেন্দ্ৰীয় চলুং কমিটিৰ সভাপতি তথা মুখ্য অতিথি তাপী দাৰাংয়ে উৎসৱৰ তাকো তাবাত পতাকা উত্তোলন কৰে ।

Solung Festival of Adi tribes
আদি জনগোষ্ঠীৰ পৰম্পৰাগত চলুঙ উৎসৱৰ ইতিবৃত্ত

তেজপুৰ, 3 ছেপ্টেম্বৰ : নানা জাতি-উপজাতি আৰু বাৰেৰহণীয়া সংস্কৃতিৰে উদৰ চিলোৱা ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চল ৷ সাতভনীৰ দেশ বুলি যাক কোৱা হয়, সেই উত্তৰ-পূৱৰে অন্যতম ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ ৷ মনোৰম প্ৰাকৃতিক পৰিৱেশ আৰু বিভিন্ন জনগোষ্ঠীৰ বসতি স্থল অৰুণাচল লোকাচাৰ আৰু সংস্কৃতিৰে চহকী ৷

নকতে, খামতি, মিচিমি, আদি, অকা, ডফলা, নিচিকে প্ৰমুখ্য কৰি বহুকেইটা জনগোষ্ঠীয়ে বসবাস কৰে তাহানিৰ নেফা আৰু বৰ্তমান অৰুণাচল নামেৰে জনাজাত পাহাৰীয়া ৰাজ্যখনত ৷ ইয়াৰে আদি জনগোষ্ঠীয় লোকৰ এক প্ৰধান উৎসৱ হৈছে চলুং ৷ ছেপ্তেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা 15 তাৰিখলৈ পালন কৰা হয় এই উৎসৱটি ৷ আদি জনগোষ্ঠীয় লোক সকলে খেতি সামৰি এই উৎসৱ পালন কৰে ৷ চলুং উৎসৱৰ পৰত আৰাধ্য দেৱতাক পূজা আগবঢ়াই শস্য শ্ৰী দ্ধিৰ বাবে কামনা কৰা হয় ৷

আদি জনগোষ্ঠীৰ পৰম্পৰাগত চলুং উৎসৱৰ ইতিবৃত্ত

1966 চনৰ পৰা পালন কৰা হৈছে চলুং উৎসৱ ৷ গলগী বুট তালমে পোন প্ৰথমে নেতৃত্ব দিছিল চলুঙৰ ৷ চলুং উৎসৱত পৰম্পৰাগত খেতিৰ লগত জড়িত গীত পৰিৱেশন কৰা হয় ৷ চলুঙক সকলোৱে আগম পে বুলি সম্বোধন কৰে ৷ তিনিটা প্ৰধান ভাগত এই উৎসৱত পূজা কৰা হয় ৷ প্ৰথমভাগ পূজাত অপায়-অমংগল নাশৰ বাবে মেথোন, গাহৰি আদিৰ মঙহ দেৱতালৈ উসৰ্গা কৰা হয় ৷ এই প্ৰথাক কোৱা হয় চপী-য়েকপী দ্বিতীয় ভাগ পূজা আগবঢ়োৱা হয় খেতিৰ দেৱতালৈ ৷ যাতে, শস্যৰ শ্ৰীবৃদ্ধি হয় ৷ এই প্ৰথাক বিন্নায়াৎ বুলি কোৱা হয় ৷ চলুঙৰ তৃতীয়ভাগ পূজা আগবঢ়োৱা হয় আত্মা-প্ৰেতাত্মা আদিলৈ ৷ ইয়াক একপ বা তেক্তৰ বুলি কোৱা হয় ৷

অৱশ্যে এই বৰ্ষত পূৰ্বৰ দৰে উৎসাহেৰে পালন কৰিব পৰা নগ'ল এই উৎসৱ ৷ পূৱ চিয়াং আৰু পাচিঘাটত অনুষ্টূপীয়াকৈহে এই উৎসৱভাগ পালন কৰা হৈছে ৷ চলুং উৎসৱৰ বাবে সকলো আদি জনগোষ্ঠীৰ লোকক শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে ৷

লগতে পঢ়ক : বিশিষ্ট সমাজসেৱিকা ইভলিনটিছ চাজেমলৈ 2020 বৰ্ষৰ সতী ৰাধিকা বঁটা

Last Updated : Sep 3, 2020, 10:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.