ETV Bharat / state

Snow covered at Border Road: বৰফৰ চাদৰে ঢাকিছে টাৱাঙৰ খিৰমুৰ হলী জলপ্ৰপাতৰ পথ

author img

By

Published : Mar 29, 2023, 10:30 PM IST

ভাৰত চীন সীমান্তৰ খিৰমুৰ হলী জলপ্ৰপাতৰ পথত বৰফৰ আচ্ছাদন ৷ তুষাৰপাতে ব্যাঘাত জন্মাইছে অঞ্চলবাসীৰ জীৱন যাপনত ৷ কেমেৰাত বন্ধী হৈছে তুষাৰৰ দেশৰ মনোৰম সৌন্দৰ্য (Snow covered at Border Road)৷

Etv Bharat
Etv Bharat

বৰফৰ চাদৰে ঢাকিছে টাৱাংৰ খিৰমুৰ হলী জলপ্ৰপাতৰ পথ

তেজপুৰ, 29 মাৰ্চ : অৰুণাচল প্ৰদেশৰ টাৱাঙত তুষাৰৰ দলিচা (Snow covered at Border Road) ৷ বিগত দুটা মাহ ধৰি বৰফৰ শুভ্ৰ দলিচাৰে ঢাকি ৰাখিছে ভাৰত চীন সীমান্তৰ (Indo China Border) খিৰমুৰ হলী জলপ্ৰপাতৰ পথ । শুকুলা বৰফৰ আচ্ছাদনৰে প্ৰকৃতিৰ এক বিস্ময়কৰ দৃশ্যত আপুনিও মন্ত্ৰমুগ্ধ হৈ পৰিব (Snowing in Tawang) ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ খিৰমুৰ যাংটছে অঞ্চললৈ যোৱা পথৰ মনোমোহা দৃশ্যই আকৰ্ষণ কৰিছে পৰ্যটককো ৷ টাৱাং জিলাৰ পৰা প্ৰায় 100 কিলোমিটাৰ নিলগত আৰু টাৱাং সদৰৰ পৰা খিৰমুলৈ প্ৰায় ২০ কিলোমিটাৰ পথলৈ গছ-গছনিত, ঘৰ-দুৱাৰ সকলোতে বৰফৰ প্ৰলেপে ঢাকি ৰাখিছে (Snow covered at Holy Waterfall road)৷

বৰ্তমান এই পথটো বৰ্ডাৰ ৰোডছ শ্ৰমিকে প্ৰত্যেক দিনাই মুকলি কৰাৰ বাবে ব্যস্ত হৈ পৰিছে ৷ প্ৰচণ্ড শীতকো নেওচি শ্ৰমিকে পথটো মুকলি কৰি থকাৰ এই দৃশ্য বন্দী হৈছে কেমেৰাত ৷ পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাঙৰ বহুতো অঞ্চলত বৰ্তমান প্ৰচণ্ড বৰফৰে আবৃত (snowing at Indo China Border) । ইয়াৰ মাজতে যাংটছে অঞ্চললৈ সুৰক্ষাৰ বাবে নিয়োজিত ভাৰতীয় সেনাৰ দল দৈনিক অহা যোৱা কৰিবলগীয়া হয় ।

বৰ্তমানো যথেষ্ট সংখ্যক সেনাৰ লোক আৰু স্থানীয় লোকে জীৱন যাপন কৰি আছে বৰফাবৃত অঞ্চলটোত ৷ এই পথটোৱে হলী জলপ্ৰপাতলৈ যোৱা পথটো সংযোগ কৰিছে ৷ য'ত দেবাদিদেৱ মহাদেৱৰ 108 টা নামেৰে এই জলপ্ৰপাতটো আগুৰি আছে ৷ টেচু (Tsechu) গাঁৱৰ সীমান্তত অৱস্থিত এই জলপ্ৰপাতটো সাগৰ পৃষ্ঠৰ পৰা 11,000 ফুট উচ্চতাত অৱস্থিত ৷ টাৱাং জিলাৰ পৰা 110 কিলোমিটাৰ পূবে অৱস্থিত এই বিখ্যাত জলপ্ৰপাতটো ৷ মনপা ভাষাত টেচু শব্দৰ অৰ্থ হৈছে গৰম ৷

পূৰ্বতে এই অঞ্চল চীনৰ দখলত আছিল যদিও 2021 বৰ্ষত ভাৰতীয় সেনাৰ অধীনলৈ অনা হয় এই ঠাই ৷ কিন্তু এতিয়াও যেন ৰঙা চীনৰ শেন চকু আঁতৰাই নাই এই ঠাইৰ পৰা ৷

যাৰ ফলস্বৰূপে যোৱা 2022 চনৰ 9 ডিচেম্বৰত চীনৰ পি এল এ সেনাই পুনৰ বলপূৰ্বকভাৱে সীমান্ত অতিক্ৰম কৰি ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল ৷ যদিও ভাৰতীয় সেনাৰ লগত মুখা মুখি সংঘৰ্ষত দুয়োপক্ষৰ কিছু সেনা আহত হৈ চীনা সৈন্য বিফল হৈ উভতি যায় ৷ এই অঞ্চল এতিয়া সম্পূৰ্ণ সুৰক্ষিত ৷ এই আক্ৰমণৰ পিচতে ভাৰত-চীন সীমান্তত চীনৰ অবৈধ অনুপ্ৰৱেশ ইতিমধ্যে বন্ধ কৰা হৈছে ৷

উল্লেখ্য যে এই জলপ্ৰপাত চাবলৈ জিলা সদৰৰ পৰা 110 কিলোমিটাৰ যোৱাৰ পিচত প্ৰায় 30 মিনিট সময় খোজকাঢ়ি যাব লাগে ৷ কিন্ত বৰ্তমান পৰ্যটকৰ বাবে সম্পূৰ্ণ বন্ধ হৈ আছে এই অঞ্চল ৷

লগতে পঢ়ক: Kolkata Street Food: কলকাতাৰ এইসমূহ খাদ্যৰ স্থানে দুগুণ বৃদ্ধি কৰিব ৰমজানৰ আনন্দ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.