ৰঙাপৰা, ১১ ছেপ্টেম্বৰ:ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং সৰবৰাহ(Wood smuggling in Assam)। বন বিভাগ আৰু আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং কাঠ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক আটক কৰি আহিছে । কিন্তু বন বিভাগ তথা আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই কাঠৰ সৰবৰাহৰ বাবে লৈছে বিকল্প উপায় । স্থলপথৰ উপৰিও জলপথেৰেও অব্যাহত ৰাখিছে কাঠৰ চোৰাং বেহা ।
শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত নিশাৰ ভাগত অবাধে সৰবৰাহ হয় চোৰাং কাঠ(Timber smuggling in Rongapara of Sonitpur)।জিলাখনৰ চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীয়ে অভিযান চলাই জব্দ কৰিলে চোৰাং কাঠসহ এখন বাহন । দেওবাৰৰ নিশা ২ বজাত বনকৰ্মীৰ দলটোৱে চাৰিদুৱাৰ আৰক্ষী থানাৰ অন্তৰ্গত চেঙেলীমাৰীত জব্দ কৰে উক্ত বাহনখন ।
চোৰাং কাঠকটীয়াই বনাঞ্চল ধ্বংস কৰি চোৰাং কাঠ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়ত চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বনকৰ্মীসকলে গোপন সূত্ৰৰ পম খেদি চোৰাং ভাৱে সৰবৰাহ কৰা বাহনখন জব্দ কৰে(Smuggling timber seized at Chariduwar)। পিছত বনকৰ্মীসকলে বন বিভাগৰ কাৰ্যালয়লৈ বাহনখন লৈ আহে । চাৰিদুৱাৰৰ বনকৰ্মীসকলে এ এছ ১২ এ ৮৮৫৬ নম্বৰৰ বাহনখন জব্দ কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই । ইপিনে,পথত বাহন থৈ পলাই যায় জব্দকৃত গাড়ীখনৰ চালকজন ।
আনহাতে, যোৱা ২৯ জুলাইত এক গোপন সুত্ৰৰ পম খেদি আমাৰীবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে চোৰাং কাঠসহ এখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়(Seized vehicle with smuggled wood in Rangapara) । আমাৰাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়াৰ নেতৃত্বত বনকৰ্মীসকলে বনৰীয়া হাতী খেদি থকাৰ সময়তে ৰঙাপৰা দিশৰ পৰা তেজপুৰ অভিমুখে গৈ থকা AS12C4899 নম্বৰৰ টাটা মবাইলখনৰ চালকজনে বনকৰ্মীৰ দলটো প্ৰত্যক্ষ কৰাৰ পাছতে বাহনখন পথৰ দাঁতিত ৰাখি আন্ধাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয় ।
লগতে পঢ়ক:জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ বিধ্বস্ত ৰূপ: আছে চিকিৎসালয় নাই চিকিৎসক