ৰঙাপাৰা, 8 অক্টোবৰ: জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল স্বৰূপ মিছামাৰীৰ সোণাই ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ পিছত এইবাৰ চোৰাং কাঠকটীয়াৰ দৃষ্টি পৰিছে অৰুণাচল প্ৰদেশৰ পাহাৰত। সোমবাৰে সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যখনৰ নিৰাপত্তাৰ দায়িত্বত থকা বনকৰ্মীসকলে এজন চোৰাং কাঠকটীয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । তাৰোপৰি বন্যপ্ৰাণী অভয়াৰণ্যখনৰ ভিতৰত চোৰাং কাঠকটীয়াৰ দপদপনি তথা মানুহৰ অবৈধ প্ৰৱেশ ঘটাৰ কথাও পোহৰলৈ আহিছে ।
প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে পুৱাৰ ভাগত অভয়াৰণ্যখনৰ ভিতৰৰ দুৰ্গম ঠাইত চোৰাং কাঠকটীয়াৰ তিনিজনীয়া এটা দলে গছ কটাৰ উদ্দেশ্যৰে প্ৰৱেশ কৰাৰ এক তথ্য লাভ কৰিছিল বনকৰ্মীসকলে । সেই তথ্যৰ ভিত্তিতে অসম-অৰুণাচল সীমান্তৱৰ্তী দুৰ্গম অঞ্চলত এটা তহলদাৰী বনৰক্ষীৰ দলে অভিযান চলাইছিল । অভিযানৰ সময়তে তহলদাৰী বনৰক্ষীৰ দলটোৱে চোৰাং কাঠকটীয়া তিনিজনক দেখা মাত্ৰকে পলাবলৈ বাধা প্ৰদান কৰে । চোৰাং কাঠকটীয়াকেইটাই ডাঠ হাবিৰ মাজেৰে পলাবলৈ ধৰোতে বনৰক্ষী জোৱানে তিনি জাঁইকৈ গুলি শূন্যলৈ চলায় ।
অৱশ্যে এজন চোৰাং কাঠকটীয়াক অভিযানকাৰী দলটোৱে খেদি খেদি আটক কৰিবলৈ সক্ষম হয় যদিও আন দুজন পলাই যায় ৷ বনৰক্ষীৰ দলটোৱে অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাৰ পৰা আটক কৰা চোৰাং কাঠকটীয়াজন প্ৰেমজিৎ বসুমতাৰী (33) আৰু ঘৰ ঢেকিয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত মাউৰীয়াপুৰত বুলি জানিব পৰা গৈছে ।
স্মৰ্তব্য যে বিগত কেইবাটাও দশক ধৰি ব্যাপক হাৰত বন ধ্বংস যজ্ঞ চলি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে । আনহাতে, বনৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চোৰাং কাঠকটীয়া প্ৰেমজিৎ বসুমতাৰীক বনৰক্ষীয়ে মংগলবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
লগতে পঢ়ক: Protest against Oil: অইল ইণ্ডিয়াৰ মূখ্য পৰিচালকৰ পুত্তলিকা জ্বলাই প্ৰতিবাদ