ETV Bharat / state

মোহনীয় বুগুন লিউচিচলা...কি এই বুগুন লিউচিচলা ? - Liocichla Bugun

এটা জনগোষ্ঠীৰ নামেৰে জনাজাত হৈ পৰিছে অৰুণাচল প্ৰদেশ(Arunachal Pradesh)ৰ কামেং জিলাৰ এখন সংৰক্ষিত বনাঞ্চল । পক্ষীৰ নাম ৰখা হৈছে বিশেষ জনগোষ্ঠীটোৰ নামেৰে । এই সংৰক্ষিত বনাঞ্চলখন জনাজাত হৈ পৰাৰ আঁৰত আছে অৰুণাচল প্ৰদেশৰ প্ৰাক্তন কৃষি মন্ত্ৰী নৰেশ গ্ল'(Naresh Glow) ৰ যথেষ্ট অৰিহণা ।

Singchung Bugun village community Reserve
ছিংচাং বুগুন গাঁও জনগোষ্ঠীয় সংৰক্ষিত বনাঞ্চল
author img

By

Published : Jun 14, 2021, 1:08 PM IST

তেজপুৰ, ১৪ জুন : ৰাজনৈতিক ক্ষেত্ৰৰ পৰা পৰিৱেশ সংৰক্ষণৰ দিশত যাত্ৰা অৰুণাচল প্ৰদেশ(Arunachal Pradesh) প্ৰাক্তন কৃষি মন্ত্ৰী নৰেশ গ্ল'(Naresh Glow) । অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ এখন জনজাতীয় গাঁৱক সংৰক্ষণ কৰা হৈছে বনাঞ্চল হিচাপে ।

Singchung Bugun village community Reserve
ছিংচাং বুগুন গাঁও জনগোষ্ঠীয় সংৰক্ষিত বনাঞ্চল

২০১৭ চনত এই সংৰক্ষিত বনাঞ্চলৰ বাবে এক সুকীয়া পদক্ষেপ হাতত লয় প্ৰাক্তন কৃষি মন্ত্ৰী নৰেশ গ্ল'ৱে । তেওঁ নিজৰ ভূমি দান কৰিছিল এই সংৰক্ষিত বনাঞ্চলৰ বাবে । ২০০৬ চনত বুগুন লিউচিচলা(Liocichla Bugun) পক্ষী প্ৰথমবাৰৰ বাবে দেখা গৈছিল ৰাজ্যখনত ।

বুগুনৰ বসতিস্থল হোৱা বাবে এয়া প্ৰকৃতিৰ অনন্য অৱদান বুলি গণ্য কৰে স্থানীয় লোকসকলে । উল্লেখ্য যে, প্ৰথমবাৰৰ এই চৰাইবিধ দেখা পোৱা গৈছিল পশ্চিম কামেং জিলাৰ ইগলনেষ্ট অভয়াৰণ্যত । ভাৰতত এই চৰাইবিধৰ সংখ্যা যথেষ্ট কম । প্ৰথম অৱস্থাত ছিংচাং বুগুন(Singchung Bugun village community Reserve) জনজাতীয় গাঁও তথা সংৰক্ষিত বনাঞ্চলখন একমাত্ৰ এই চৰাইবিধৰ বাবে বিখ্যাত আছিল ।

নৰেশ গ্ল'(Naresh Glow)ৱে জনোৱা মতে, এই প্ৰজাতিৰ চৰাই পৃথিৱীৰ কোনো ঠাইতে পোৱা নাযায় ৷ বুগুন জনজাতিৰ বসতিস্থলীত পোৱা গৈছিল বাবে লিয়'চিছলা বুগুন'ৰাম(Liocichla bugunorum) বৈজ্ঞানিক নামেৰে জনাজাত এই চৰাইবিধ লিয়'চিছলা বুগুন(Liocichla Bugun ) নাম দিয়া হয় ।

২০১৭ চনত অৰুণাচল প্ৰদেশৰ চৰকাৰৰ বন বিভাগৰ জাননীৰ পিছত ১৭ বৰ্গকিল’মিটাৰ ব্যাসাৰ্ধৰ বনাঞ্চল সংৰক্ষণ কৰা হয় যদিও তেওঁলোকে ৩০.৫ বৰ্গকিল’মিটাৰ ব্যাসাৰ্ধৰ ভূমি সংৰক্ষণৰ প্ৰস্তাৱ দিছিল । ২০১৮ চনত এই জনগোষ্ঠীয় বনাঞ্চল আৰু পৰিৱেশ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে ।

এছবিভিচি আৰ ছিংচাং বুগুন ভিলেজ কমিউনিটি ৰিজাৰ্ভ নামেৰে এটা সংস্থা আছে আৰু ১১ জনীয়া কমিটি এখন আছে ৷ এই কমিটিত এই বনাঞ্চলৰ আৱিষ্কাৰক নৰেশ গ্ল'(Naresh Glow), অধ্যক্ষ খাণ্ডু গ্ল' আছে । এই কমিটিৰ মূল উদ্দেশ্য হৈছে চৰাইৰ প্ৰজনন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণ কৰা । বুগুন হৈছে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত বসবাস কৰা এই জনগোষ্ঠী আৰু ছিংচাঙত ইয়াৰ জনসংখ্যা মাত্ৰ ৩০০০ ।

বুগুন জনগোষ্ঠীৰ গাঁৱখনৰ কাষেৰে বৈ গৈছে এখন পাহাৰীয়া নদী । এই নদীখনক "দিয়িং-খ" হিচাপে জনা যায় আৰু ইয়াৰ কাষতে আছে জনগোষ্ঠীয় চিংচাং সংৰক্ষিত বনাঞ্চল । আন জনগোষ্ঠীৰ দৰে বুগুন জনগোষ্ঠীৰো এক সুকীয়া পৰিচয় আছে । অত্যাধিক গছপুলি ৰোপণ কৰা, প্ৰাকৃতিক বিনষ্ট হোৱাৰ পৰা ৰক্ষা কৰাৰ আদি কথা অধিক গুৰুত্ব আৰোপ কৰে জনগোষ্ঠীয় লোকসকলে । লগতে মুক্ত, সুন্দৰ পৰিৱেশত মানুহৰ জীৱন-যাপন সম্ভৱ বুলিও বিশ্বাস কৰে এই লোকসকলে ।

ইফালে বৰ্তমান সময়ত প্ৰকৃতিয়ে ভাৰসাম্য হেৰুৱাইছে আৰু অক্সিজেনৰ মাত্ৰা কমিবলৈ ধৰিছে । ছিংচাং গাঁও পশ্চিম অৰুণাচল প্ৰদেশৰ টেঙা ভেলীৰ সমীপত অৱস্থিত । ৰাজধানী চহৰ ইটানগৰৰ পৰা প্ৰায় ৩৬০ কিল’মিটাৰ আৰু অসমৰ তেজপুৰৰ পৰা প্ৰায় ২০০ কিল’মিটাৰ দূৰত্বত অৱস্থিত এই জনগোষ্ঠীয় বনাঞ্চলখন । ভাৰতবৰ্ষত জনগোষ্ঠীৰ দ্বাৰা সংৰক্ষিত বনাঞ্চল বহু কম দেখা পোৱা যায় । উত্তৰ-পূৰ্বাঞ্চলৰ মাত্ৰ দুখন ৰাজ্যত এনে বনাঞ্চল আছে ।

এখন অৰুণাচল প্ৰদেশত আৰু আন এখন নাগালেণ্ডত অৱস্থিত ৷ অৰুণাচল অৱস্থিত এই সংৰক্ষিত বনাঞ্চলখন ছিংচাং গাঁৱৰ লোকসকলে চোৱাচিতা কৰে । ইয়াৰ বাবে গঠন কৰা কমিটিয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ সহযোগিতাত ১০ গৰাকী লোকক নিযুক্তি দিছে আৰু তাৰ ভিতৰত ৯ জন যুৱক আৰু এগৰাকী যুৱতী । চৰকাৰে তেওঁলোকক মাহিলী ১০ হাজাৰ টকাৰ দৰমহা দিয়ে । ইয়াৰ ভিতৰত ৮ হাজাৰ চৰকাৰে আৰু ২ হাজাৰ টকা কমিটিৰ ফালৰ পৰা দিয়া হয় ।

নৰেশ গ্ল'ৱে অভিযোগ উত্থাপন কৰা মতে, বৰ্তমানেও সংস্থাটোৱে বনাঞ্চলৰ নামত কোনো ধৰণৰ চৰকাৰী সহায় লাভ কৰা নাই । ইতিমধ্যে এই জনগোষ্ঠীৰ চৰাই আৰু বনাঞ্চলৰ ওপৰত দুখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে বুগুনৰ ৰাজ্য নামেৰে । তথ্য়চিত্ৰ দুখন হৈছে- ইনক্ৰেদিবল বুগুন আৰু ৱাইল্ড লাইফ-আমাৰ লাইফ । ২০০৬ চনত মাত্ৰ ১৪ টা এই প্ৰজাতি আছিল । বৰ্তমান ইয়াত ১০০ টা বুগুন লিউচিচলা পোৱা যায় ।

লগতে পঢ়ক: তিতাবৰৰ আকাশত শীঘ্ৰে উৰিব চি প্লেন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.